গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

একেধৰণৰ চৰ্ত আধাৰিত অৰ্হতাৰ ভিত্তিত দেশজুৰি নিৰ্বাচিত কৰা হয় হিতাধিকাৰী, ‘এনএফএছএ’ৰ অধীনত হিতাধিকাৰী নিৰ্বাচনৰ দায়িত্ব থাকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ হাতত : খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ

Posted On: 30 JUL 2020 2:27PM by PIB Guwahati

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩(এনএফএছএ)ৰ অধীনত প্ৰদান কৰা ৰেচন কাৰ্ডৰ বাবে বিহাৰত হিতাধিকাৰী নিৰ্বাচন কৰোতে ব্যাপক খেলি-মেলি হোৱাৰ লগতে এই ক্ষেত্ৰত দুৰ্নীতিৰ পয়োভৰ ঘটোৱা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰচাৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত একেধৰণৰ চৰ্ত আধাৰিত অৰ্হতাৰ ভিত্তিত দেশজুৰি হিতাধিকাৰী নিৰ্বাচিত কৰাৰ ব্যৱস্থা কৰা হয় বুলি স্পষ্টীকৰণ আগবঢ়াইছে কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ অধীনস্থ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ-য়ে। বিভাগটোৰ স্পষ্টীকৰণটোত উল্লেখ কৰে যে, এনএফএছএৰ অধীনত হিতাধিকাৰী নিৰ্বাচনৰ দায়িত্ব ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ হাততহে থাকেবিহাৰত এনএফএছএ-ৰ অধীনত হিতাধিকাৰী নিৰ্বাচন কৰোতে কোনো ধৰণৰ বৈষম্য অথবা ত্ৰুতি হোৱা নাই বুলিও স্পষ্ট কৰিছে খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ-য়ে।

উল্লেখ্য যে, বিহাৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-য়ে সামৰি লোৱা হিতাধিকাৰীৰ সংখ্যা ৮.৭১কোটি। ইয়াৰ ভিতৰত অন্ত্যোদয়া অন্ন যোজনা(এএওৱাই)ৰ ২৫ লাখ পৰিয়ালো অন্তৰ্ভুক্ত হৈ আছে।

বিভাগটোৱে দিয়া তথ্য মতে, মে মাহত বিহাৰ চৰকাৰে ৰাজ্যখনৰ ৮.৭১কোটি হিতাধিকাৰীৰ ১০০শতাংশকে বিতৰণ কৰিব পৰাকৈ মাহেকীয়া খাদ্য সামগ্ৰীৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে অনুৰোধ জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনায়েই কেন্দ্ৰীয় চৰকাৰে তাতক্ষণিক ভাবে পদক্ষেপ গ্ৰহণ কৰি বিহাৰৰ হিতাধিকাৰীৰ সৰ্বাধিক সীমা ৮.৭১কোটিৰ হিচাপত সামগ্ৰী অনুমোদনৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।

শেহতীয়া ভাবে  বিহাৰ চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-য়ে সামৰি লোৱা হিতাধিকাৰী সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰাৰ বাবে খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ-য়ে নিৰ্দেশ জাৰি কৰিছিল আৰু এই প্ৰতিবেদনৰ তথ্য মতে, ‘ৰাজ্যখনত নিষ্ক্ৰিয় হৈ থকা ১৫লাখ ৰেচন কাৰ্ড আছে আৰু সেইসমূহ কাৰ্ড আঁতৰোৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে। ইয়াৰ বিপৰীতে, বৰ্তমানে থকা ১.৪১ কোটি ৰেচন কাৰ্ডৰ উপৰি ২৩.৩৯লাখ নতুন ৰেচন কাৰ্ডো শেহতীয়া ভাবে অনুমোদন জনোৱা হৈছে বুলি বিহাৰ চৰকাৰৰ তৰফৰ পৰা তথ্য নিশ্চিত কৰা হৈছে। এনএফএছএ-ৰ অধীনস্থ হিতাধিকাৰীৰ চূড়ান্ত সংখ্যা জুলাই ২০২০ৰ পিচতহে নিশ্চিত কৰিব পৰা যাব বুলিও বিহাৰ চৰকাৰৰ তৰফৰ পৰা অৱগত কৰা হৈছে।

****

APS/SG/MS/KB


(Release ID: 1642453) Visitor Counter : 177