স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ সামূহিক নমূনা পৰীক্ষা ১.৭৭কোটি অতিক্ৰম

প্ৰতি ১০লাখৰ বিপৰীতে ১২,৮৫৮টা নমূনা পৰীক্ষা সম্পন্ন

Posted On: 29 JUL 2020 4:40PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰৰ তত্ত্বাৱধানত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে দ্ৰুতগতিত নমূনা পৰীক্ষা বৃদ্ধি কৰি ক’ভিড-১৯ পজিটিভ ৰোগী তাক্ষণিকভাৱে চিনাক্ত কৰাৰ লগতে আইছ’লেচনত ৰখাটো সুনিশ্চিত কৰিছে৷ বিগত ২৪ ঘণ্টাত ৪,০৮,৮৫৫টা নমূনা পৰীক্ষণেৰে প্ৰতি ১০লাখত ১২,৮৫৮লৈ বৃদ্ধি হোৱাৰ লগতে সামূহিক পৰীক্ষা ১.৭৭কোটিৰ সীমা অতিক্ৰম কৰিছে৷

দেশত পৰীক্ষা ব্যৱস্থা ধাৰাবাহিকভাৱে সুদৃঢ় কৰা হৈছে৷ ৯০৬টা চৰকাৰী আৰু ৪১০টা ব্যক্তিগত খণ্ডসহ মুঠ পৰীক্ষাগাৰৰ সংখ্যা ১,৩১৬টা আছে৷ সেইবোৰ হৈছে-

সঠিক সময়ত আৰটি-পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৬৭৫(চৰকাৰীঃ৪১১+ব্যক্তিগতঃ২৬৪)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৫৩৭(চৰকাৰীঃ৪৬৫+ব্যক্তিগতঃ৭২)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ১০৪(চৰকাৰীঃ৩+ব্যক্তিগতঃ৭৪)

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে ভাৰতত ক’ভিড-১৯ মহামাৰী আৰু গুটখাজাতীয় সামগ্ৰী ব্যৱহাৰশীৰ্ষক এক দষ্টাবেজ প্ৰকাশ কৰা হৈছে৷ এই দষ্টাবেজ চাবলৈ এই লিংকত ক্লিক কৰকঃ-

https://www.mohfw.gov.in/pdf/COVID19PandemicandTobaccoUseinIndia.pdf

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/SB/DB



(Release ID: 1642176) Visitor Counter : 155