PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 28 JUL 2020 6:38PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

ভাৰতত মৃত্যুৰ হাৰ (চিএফআৰ) ২.২৫% লৈ অৱনমিত হৈছে; আৰোগ্যৰ হাৰ ক্ৰমান্বয়ে ঊৰ্ধগামী হৈ আজি ৯.৫ লাখৰ সীমা অতিক্ৰম কৰিছে; কালি ৩৫,০০০ত কৈও অধিক লোকে আৰোগ্য হোৱা প্ৰতিবেদিত হৈছে

ভাৰতত ক’ভিড-১৯ৰ ফলত মৃত্যু হোৱা (চিএফআৰ) লোকৰ সংখ্যা ক্ৰমান্বয়ে অৱনমিত হৈছে আৰু এতিয়া ইয়াৰ পৰিমাণ ২.২৫% হৈছে৷ বিশ্বৰ ভিতৰতে ভাৰতত ক’ভিড-১৯ৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে৷ একেৰাহে পাঁচ দিন ধৰি ভাৰতত প্ৰতিদিনে ৩০,০০০ত কৈও অধিক লোকে আৰোগ্য লাভ কৰিছে৷

Slide2.JPG

বিগত ২৪ ঘণ্টাত ৩৫,১৭৬ জন লোকে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত ৯,৫২,৭৪৩ জন লোকে আৰোগ্য লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতত একেৰাহে দ্বিতীয় দিনলৈ ৫ লক্ষাধিক পৰীক্ষণ সম্পন্ন কৰা হৈছে; আজি পৰ্যন্ত ১.৭৩ কোটিতকৈও অধিক নমুনা পৰীক্ষণ কৰা হৈছে

ক্ৰমাগত দ্বিতীয় দিনলৈ ভাৰতত প্ৰতিদিনে ৫ লক্ষাধিক নমুনা পৰীক্ষণ কৰা হৈছে৷  ২৬ জুলাইৰ দিনা ৫,১৫,০০০টা নমুনা পৰীক্ষা কৰাৰ বিপৰীতে ২৭ জুলাইৰ দিনা মুঠ ৫,২৮,০০০টা নমুনা পৰীক্ষা কৰা হৈছে৷ ৯০৫টা চৰকাৰী আৰু ৪০৫টা ব্যক্তিগত গৱেষণাগাৰৰ সৈতে মুঠ ১৩১০ টা গৱেষণাগাৰ দেশত আছে৷

অধিক বিৱৰণৰ বাবে

 

কলকাতা, মুম্বাই আৰু নয়দাত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উচ্চ থ্ৰ’পুটৰ ক’ভিড পৰীক্ষণৰ সুবিধা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কলকাতা, মুম্বাই আৰু নয়দাত তিনিটা উচ্চ থ্ৰ’পুটৰ ক’ভিড-১৯ৰ পৰীক্ষণ সুবিধা মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

৩টা আইচিএমআৰ গৱেষণাগাৰত উচ্চ থ্ৰ’পুটৰ ক’ভিড-১৯ পৰীক্ষণ সুবিধা মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

 

 

ডাঃ হৰ্ষৱৰ্ধনে ‘‘বিশ্ব হেপাটাইটিছ দিৱস’’ৰ ২য় সহানুভূতি ই-সমাৰোহত সাংসদসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে অংশগ্ৰহণ কৰে

‘‘বিশ্ব হেপাটাইটিছ দিৱস’’ উপলক্ষে আজি লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী ৰবিশংকৰ প্ৰসাদ আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনৰ উপস্থিতিত ২য় সহানুভূতি ই-সমাৰোহৰ আয়োজন কৰা হয়৷ সমাৰোহখন মুকলি কৰি শ্ৰী ওম বিৰলাই কয় যে আমি ২০৩০ চনৰ ভিতৰত হেপাটাইটিছ চিৰ সমূলি নাশকৰণ আৰু হেপাটাইটিছ বিৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যৰ প্ৰতি দায়ৱদ্ধ৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ সম্পৰ্কীয় প্ৰত্যাহ্বান স্বত্বেও ৰে’লৱেয়ে অভিযানভিত্তিত  বিগত বৰ্ষৰ তুলনাত অধিক মালবাহী ৰে’লৰ চলাচল কৰাইছে

ভাৰতীয় ৰে’লৱেয়ে ক’ভিড-১৯ৰ প্ৰত্যাহ্বানৰ সময়ছোৱাতো  বিগত বৰ্ষৰ তুলনাত অধিক সংখ্যক মালবাহী ৰে’লৰ চলাচল কৰোৱাই অভিলেখ ৰচনা কৰিছে৷ ২৭ জুলাই ২০২০ তাৰিখ পৰ্যন্ত মালবাহী লোডিং আছিল বিগত বৰ্ষৰ তুলনাত প্ৰায় ৩.১৩ মেট্ৰিকটন অধিক৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ সংক্ৰমিত ব্যক্তিবিশেষৰ চিনাক্তকৰণ আৰু ক্ষতিশংকা মূল্যায়নৰ বাবে বেংগালোৰৰ ষ্টাৰ্টআপে প্ৰস্তুত কৰিলে ম’বাইল এপ

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত চিএডব্লিউএচিএইচে ক’ভিড-১৯ সংক্ৰমিত ব্যক্তিৰ চিনাক্তকৰণ আৰু ক্ষতিশংকা মূল্যায়নৰ বাবে বেংগালোৰৰ এক ষ্টাৰ্টআপে প্ৰস্তুত কৰি উলিওৱা মবাইল এপক নিৰ্বাচন কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ মহামাৰীৰ সময়ত অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ নিয়মীয়া পেঞ্চন অৰ্ডাৰ লাভ নকৰালৈ ‘‘অংশকালীন’’ পেঞ্চন লাভ কৰিবঃ ডাঃ জিতেন্দ্ৰ সিং

ক’ভিড-১৯ মহামাৰীৰ সময়ত অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ নিয়মীয়া পেঞ্চন অৰ্ডাৰ লাভ নকৰালৈ ‘‘অংশকালীন’’ পেঞ্চন লাভ কৰিব৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে এই সিদ্ধান্তৰ দ্বাৰা লকডাউনৰ সময়ছোৱাত চৰকাৰী কৰ্মচাৰীসকলে অসুবিধা নোহোৱাকৈ উপকৃত হ’ব৷

অধিক বিৱৰণৰ বাবে

 

শ্ৰী ৰামবিলাস পাছোৱানে মুকলি কৰিলে বিআইএছ ম’বাইল এপ ‘বিআইএছ-কেয়াৰ’ আৰু ষ্টেণ্ডাৰ্ডাইজেছন, ই-বিআইএছৰ নিশ্চিত মূল্যায়ন আৰু প্ৰশিক্ষণ শীৰ্ষক তিনিটা প’ৰ্টেল

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰামবিলাস পাছোৱানে কালি ব্যুৰ’ অব্ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ ম’বাইল এপ ‘বিআইএছ-কেয়াৰ’ আৰু ষ্টেণ্ডাৰ্ডাইজেছন, ই-বিআইএছৰ নিশ্চিত মূল্যায়ন আৰু প্ৰশিক্ষণ শীৰ্ষক তিনিটা প’ৰ্টেল মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

 
ঔদ্যোগিক ক্লীয়াৰেন্স আৰু অনুমোদনৰ বাবে অতি শীঘ্ৰেই স্থাপন কৰা হ’ব একক খিৰিকীৰ ব্যৱস্থা

চৰকাৰে অতি শীঘ্ৰেই দেশত ঔদ্যোগিক ক্লীয়াৰেন্স আৰু অনুমোদনৰ বাবে একক খিৰিকীৰ ব্যৱস্থা মুকলি কৰিব৷  এই সন্দৰ্ভত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে কয় যে ই এক বাস্তৱিক একক খিৰিকী হ’ব আৰু এই প্ৰণালীৰ সৈতে সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহো জড়িত হ’ব৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

 

 

  • পাঞ্জাৱঃ মিছন ফটেহৰ অধীনত ক’ভিড-১৯ক পৰাভূত কৰিবলৈ প্ৰচলন কৰা অভিযানৰ অধীনত পাঞ্জাৱ চৰকাৰে চৰকাৰী প্লাজমা বেংকৰ পৰা ব্যয়সাধ্য মূল্যত ব্যক্তিগত চিকিৎসালয়সমূহলৈ প্লাজমা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী অনিল ভিজে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা লোকক প্লাজমা দান কৰিবলৈ আহ্বান জনাইছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১.৪৭ লাখ৷ সোমবাৰে ৭৯২৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৬,৮৭৪ জন৷ আজিৰ দিনটোত ৰাজ্যখনে অভিলেখ সংখ্যক ২৫,৪৭৪ টা নমুনা পৰীক্ষণ কৰিছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৭,৫৬৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০,০৯৭ জন৷ 
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৮,৫৮৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৯৭৮ জন৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৯৮০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৭৬৩ জন৷
  • কেৰালাঃ বৰ্তমানে ৯৬০৯ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ১.৫৫ লাখ লোক বিভিন্ন জিলাত চিকিৎসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,২০,৭১৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৪,৮৯৬ জন৷ ৩৫৭১ জনৰ মৃত্যু হৈছে৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,০৬৪ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,০১,৪৬৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬১,৮১৯ জন৷ মৃত্যু হৈছে ১৯৫৩ জনৰ৷ ৩৭,৬৮৫ জনক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,০২,৩৪৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫১,৭০১ জন৷ ১০৯০ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৭,১৪২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,৭৫৩ জন৷ ৪৮০ জনৰ মৃত্যু হৈছে৷
  • অৰুণাচল প্ৰদেশঃ বিগত দুটা দিনত ইটানগৰত ৩১২৬টা এণ্টিজেন পৰীক্ষণ সম্পন্ন কৰা হৈছে আৰু ৫২জন পজিটিভ ৰোগী চিনাক্ত কৰা হৈছে৷
  • অসমঃ অসম লক্ষ্য নিৰ্ধাৰিত নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত সমগ্ৰ ৰাজ্যতে আজি পৰ্যন্ত ক’ভিড-১৯ৰ মুঠ ৮ লাখটা পৰীক্ষণ সম্পন্ন কৰা হৈছে বুলি টুইটাৰত প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
  • মণিপুৰঃ লাম্বইখংনাংগখনৰ মণিপুৰ ট্ৰেড আৰু এক্সপ’ কেন্দ্ৰত আগন্তুক ৩ দিনৰ ভিতৰত এখন নতুন ৩০০ খন বিচনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰা হ’ব৷
  • মিজোৰামঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৮৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৮৬ জন৷ আৰোগ্য লাভ কৰিছে ১৯৮ জনে৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪৫৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৮৫ জন৷ ৫৬৯ জনে আৰোগ্য লাভ কৰিছে৷

Image

Image



(Release ID: 1641912) Visitor Counter : 154