স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে সাংসদসকলৰ মাজত সজাগতা গঢ়ি তুলিবলৈ দ্বিতীয় এমপেথী ই-কনক্লেভত অংশগ্ৰহণ কৰিলে ড০ হর্ষ বর্ধনে

“এই বছৰৰ বিষয়বস্তু ‘ক’ভিডৰ সময়ত আপোনাৰ যকৃতটো সুস্থ কৰি ৰাখক’ অতি সময়োপযোগী প্ৰাসংগিক হিচাপে পৰিগণিত হৈছে”

Posted On: 28 JUL 2020 11:55AM by PIB Guwahati

বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে ইনষ্টিটিউট অৱ লিভাৰ এণ্ড বাইলিয়েৰী ছায়েন্সেছে(আইএলবিএছ) আজি দ্বিতীয় এমপেথী -কনক্লেভৰ আয়োজন কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লোকসভাৰ অধ্যক্ষ শ্রী ওম বিৰলা। আইন আৰু ন্যায় মন্ত্রী শ্রী ৰবিশংকৰ প্ৰসাদে অনুষ্ঠানত ডিজিটেল মাধ্যমযোগে অংশগ্ৰহণ কৰে৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ড০ হর্ষ বর্ধনে অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ সাংসদসকলৰ মাজত হেপাটাইটিছৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে যুটীয়া প্ৰচেষ্টাৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷

আইএলবিএছৰ সঞ্চালক ড০ এছ কে ছাৰিনে অনুষ্ঠানত সুস্থ যকৃ আৰু হেপাটাইটিছৰ বিৰুদ্ধে মানুহক সজাগ কৰি তোলাৰ বাবে কেতবোৰ তথ্য উপস্থাপন কৰে৷ অনুষ্ঠানৰ মূল বিষয়বস্তু আছিল-“এম্পাৱাৰিং পিপল ইন হেপাটাইটিছঃ দ্য এমপেথী কেম্পেইন

সন্মিলনৰ উদ্বোধনী ভাষণত লোকসভাৰ অধ্যক্ষ শ্রী ওম বিৰলাই কয় যে মহামাৰীৰ বাবে এই অনুষ্ঠানটো বৈদ্যুতিন মাধ্যমযোগে আয়োজন কৰিব লগা হৈছে৷ বিশ্বৰ পৰা হেপাটাইটিছ-চি নির্মূল কৰা আৰু ২০৩০চনৰ ভিতৰত হেপাটাইটিছ-বি সংক্ৰমিতসকলৰ সংখ্যা হ্ৰাস কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰচেষ্টাৰ প্ৰতি সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ভাৰত৷ তেওঁ এই ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ ইয়াক গন আন্দোলনৰ ৰূপ দিয়া  প্ৰয়োজন বুলি কয়৷

অনুষ্ঠানত অংশগ্ৰহণকাৰী সকলোকে আদৰণি জনাই ড০ হর্ষ বর্ধনে কয় যে ক’ভিড মহামাৰীৰ সময়ত আমি সকলোৱে যকৃটো সুৰক্ষিত ৰখাটো প্ৰয়োজন। প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ সক্রিয় প্ৰচেষ্টা দেশত আমি ক’ভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পাৰিছো৷ ক’ভিড সংক্ৰমণজনিত মৃত্যুৰ হাৰ ২-৩ শতাংশৰ মাজত আৰু অধিকাংশ সংক্ৰমিত ব্যক্তিৰে উপসর্গ নাই৷ যিসকলে অন্যান্য জটিল ৰোগ যেনে-মধুমেহ, মেদবহুলতা বা যকৃতৰ বিভিন্ন ৰোগত আক্ৰান্ত তেওঁলোক এই সময়ত সতর্ক হৈ থকাটো প্ৰয়োজন। আয়ুষ্মান ভাৰত-স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰসমূহে নিৰন্তভাৱে এই মহামাৰী মোকাবিলা কৰাৰ চিকিসা চলি আছে।

হেপাটাইটিছৰ প্ৰসংগত ড০ হর্ষ বর্ধনে কয় যে হেপাটাইটিছ বর্তমান এক আন্তঃৰাষ্ট্ৰীয় সমস্যা। অথচ আমাৰ দেশত জনসাধাৰণ তথা বহু চিকিসকে ভাইৰেল হেপাটাইটিছৰ বিষয়ে নাজানে৷ হেপাটাইটিছ-বি আৰু চি যকৃতৰ কৰ্কট আৰু যকৃতৰ বিভিন্ন জটিল ৰোগৰ মূল কাৰণ। কিন্তু, দীর্ঘস্থায়ী ভাইৰেল হেপাটাইটিছ সংক্ৰমিতসকলে নাজানেই যে তেওঁলোকৰ ৰোগৰ মূল কাৰণ কি? সেইবাবেটক, টেষ্ট এণ্ড ট্রিট’-এই প্ৰচেষ্টাৰ জৰিয়তে বিভিন্ন বেচৰকাৰী সংগঠনসমূহক আইএলবিএছৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী আহ্বান জনায়৷

ক’ভিড-১৯ সংক্ৰমণৰ মাজতে সকলো অংশগ্ৰহণকাৰীয়ে অনুষ্ঠানৰ শেষত ‘সুস্থ যকৃৎ-সুস্থ ভাৰত’ৰ লগতে এই সজাগতা বাৰ্তা অতি কমেও ১০গৰাকী ব্যক্তি জনোৱাৰ সংকল্প গ্ৰহণ কৰে৷

এছইএআৰঅ’(হু) আঞ্চলিক সঞ্চালক ড০ পুনম খেট্ৰাপাল, দিল্লীৰ মুখ্য সচিব বিজয় কুমাৰ দেৱ, ভাৰতীয় বিমান প্ৰাধিকৰণৰ অধ্যক্ষ অৰৱিন্দ সিঙৰ লগতে অন্যান্য সাংসদ আৰু দৰ্শকে ডিজিটেল মঞ্চৰ জৰিয়তে অংশগ্ৰহণ কৰে৷

****

MV/SG/DB



(Release ID: 1641829) Visitor Counter : 201