PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 24 JUL 2020 6:32PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

বিগত ২৪ ঘণ্টাত ৩৪,৬০২জন ৰোগী আৰোগ্য হোৱাৰ জৰিয়তে তৃতীয় দিনলৈ একেৰাহে বৃহৎ সংখ্যক লোকে আৰোগ্য লাভ কৰিছে; ৮ লক্ষাধিক লোকে এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে; মৃত্যুৰ হাৰ ২.৩৮% লৈ অৱনমিত হৈছে

ক’ভিড-১৯ৰ পৰা আৰোগ্য পোৱা লোকৰ সংখ্যা বৃদ্ধি একেৰাহে তৃতীয় দিনলৈ অব্যাহত আছে৷ বিগত ২৪ ঘণ্টাত ৩৪,৬০২ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত ৮,১৭,২০৮ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৬৩.৪৫%৷ মৃত্যুৰ হাৰ ২.৩৮%লৈ অৱনমিত হৈছে৷

অধিক বিৱৰণৰ বাবে

‘টেষ্ট ট্ৰেক এণ্ড ট্ৰীট’ পদক্ষেপ অৱলম্বনৰ বাবে গৱেষণাগাৰৰ আন্তঃগাঁথনি বৃদ্ধি কৰা হৈছে;  এই পৰ্যন্ত ১.৫ কোটিতকৈও অধিক ক’ভিড-১৯ৰ নমুনা পৰীক্ষণ কৰা হৈছে

এই পৰ্যন্ত ১,৫৪,২৮,১৭০ ক’ভিড নমুনা পৰীক্ষণ কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত ৩,৫২,৮০১ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ 

এই পৰ্যন্ত সমগ্ৰ দেশত ৮৯৭টা চৰকাৰী গৱেষণাগাৰ আৰু ৩৯৩টা ব্যক্তিগত গৱেষণাগাৰৰ সৈতে মুঠ ১২৯০টা গৱেষণাগাৰ আছে৷

অধিক বিৱৰণৰ বাবে

ডাঃ হৰ্ষ ৱৰ্ধনে চাংঘাই কো-অপাৰেচন অৰ্গনাইজেছন (এছচিঅ’)ৰ স্বাস্থ্য মন্ত্ৰীৰ সন্মিলনত ভাৰতৰ ন’ভেল ক’ভিড নিয়ন্ত্ৰণ কৌশলৰ বিষয়ে বৰ্ণনা কৰে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি চাংঘাই কো-অপাৰেচন অৰ্গনাইজেছন (এছচিঅ’)ৰ স্বাস্থ্য মন্ত্ৰীৰ সন্মিলনত অংশগ্ৰহণ কৰে৷ বৈঠকখনত তেওঁ ভাৰত চৰকাৰে ক’ভিড-১৯ক প্ৰতিহত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে৷
অধিক বিৱৰণৰ বাবে

ঔষধসমূহ ব্যয়সাধ্য মূল্যত লাভ কৰাৰ দিশত আন্তৰ্জাতিক বাধাসমূহ আঁতৰোৱাৰ বাবে শ্ৰী পীয়ুষ গোৱেলৰ গুৰুত্ব আৰোপ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে সকলো ৰাষ্ট্ৰকে ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত স্বচ্ছ নীতি আঁকোৱালি ল’বলৈ আহ্বান জনাইছে৷ কালি ১০ম ব্ৰিকছ বাণিজ্য মন্ত্ৰীৰ ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰি তেওঁ কয় যে ব্যৱসায়ৰ পুনৰুত্থান হ’বলৈ হ’লে প্ৰতিজন সহযোগীয়েই স্বচ্ছ নীতি গ্ৰহণ কৰিব লাগিব৷

অধিক বিৱৰণৰ বাবে

কিছুমান নিৰ্দিষ্ট দেশৰ পৰা ৰাজহুৱা ক্ৰয়ত নিষেধাজ্ঞা

অধিক বিৱৰণৰ বাবে

কমনৱেলথৰ সাধাৰণ সচিবৰ ফিট ইণ্ডিয়া অভিযানক প্ৰশংসা; শ্ৰী কিৰেণ ৰিজিজুৱে কয় যে ফিটনেছ সজাগতাই মহামাৰীৰ সময়ছোৱাত ভাৰতীয়সকলৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিত সহায় কৰিব পাৰে

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে কমনৱেলথ দেশসমূহৰ এক মন্ত্ৰীমণ্ডলীয় বৈঠকত অংশগ্ৰহণ কৰি ক’ভিড-১৯ৰ পিছৰ সময়ছোৱাত ভাৰতে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে৷ ভাৰতে সফলতাৰে ফিটনেছৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

অধিক বিৱৰণৰ বাবে

মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে  ‘‘ষ্টে’ ইন ইণ্ডিয়া এণ্ড ষ্টাডী ইন ইণ্ডিয়া’’ৰ বিষয়ে এক বৈঠকত অংশগ্ৰহণ কৰে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ আজি নতুন দিল্লীত মন্ত্ৰালয়টোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ‘‘ষ্টে’ ইন ইণ্ডিয়া এণ্ড ষ্টাডী ইন ইণ্ডিয়া’’ শীৰ্ষক এক বৈঠকত অংশগ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

জেন্ন’ভা বায়’ফাৰ্মাচিউটিকেলছ লিমিটেড’ বিকশিত ক’ভিড-১৯ৰ ‘এমআৰএনএ’ ভিত্তিক নমুনা-প্ৰতিষেধক ‘এইচজিচিঅ’১৯’-ৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিব জৈৱ প্ৰযুক্তি বিভাগে

দেশত প্ৰথম বাৰৰ বাবে ‘এমআৰএনএ’-ভিত্তিক প্ৰতিষেধক বিকশিত কৰিব পৰা এক মঞ্চ স্থাপন কৰাৰ বাবে যাৱতীয় উদ্যোগ গ্ৰহণ কৰিছিল ‘জৈৱ প্ৰযুক্তি বিভাগ’ আৰু ‘বায়’টেকনল’জী ইণ্ডাষ্ট্ৰী ৰিছাৰ্চ এছিষ্টেন্স কাউন্সিল’(বিআইআৰএচি)-য়ে। ‘জেন্ন’ভা বায়’ফাৰ্মাচিউটিকেলছ’-য়ে ক’ভিড-১৯ৰ বিৰুদ্ধে বিকশিত কৰিব খোজা ‘নভেল ছেলফ এম্প্লিফায়িং এমআৰএনএ’ ভিত্তিক নমুনা প্ৰতিষেধক বিকশিত কৰাৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰৰ ‘জৈৱ প্ৰযুক্তি বিভাগ’-য়ে।

অধিক বিৱৰণৰ বাবে

চিএছআইআৰে বিকশিত কৰা ফেভিপিৰাবিৰৰ ব্যয় সংকোচনী প্ৰক্ৰিয়া যাক ব্যৱহাৰ কৰিছে চিপলা লিমিটেডে;

অধিক বিৱৰণৰ বাবে

প্ৰতিৰক্ষা মন্ত্ৰী আৰু ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰতিৰক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে টেলিফোনেৰে বাৰ্তালাপ কৰে

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী লেঃ জেঃ বেঞ্জামিন গানট্জৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰি দুয়োখন দেশৰ প্ৰতিৰক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বানাক্ৰান্তলৈ ৰেড ক্ৰছ সাহায্য যোগানৰ ফ্লেগ অফ কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

আজি (২৪ জুলাই, ২০২০) ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনৰ উপস্থিতিত ৰাষ্ট্ৰপতি ভৱনৰপৰা ৰেড ক্ৰছ সাহাৰ্য্য যোগানৰ নখন ট্ৰাকৰ ফ্লেগ অফ কৰে। ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটি (IRCS) ৰ অধ্যক্ষ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিজন।

অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বানাক্ৰান্ত লোকসকলৰ অৰ্থে এই সাহাৰ্য্য যোগান দিল্লীৰপৰা সংশ্লিষ্ট ৰাজ্যসমূহলৈ ৰেলৰদ্বাৰা কঢ়িওৱা হ’ব আৰু এই ৰাজ্যসমূহৰ ৰাজ্যিক ৰেড ক্ৰছ শাখাসমূহে এয়া গ্ৰহণ কৰিব।

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে সংবাদ মাধ্যমক জনসাধাৰণৰ মাজত সুৰক্ষা সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনাইছে৷
  • পাঞ্জাৱঃ ক’ভিড-১৯ৰ ৰোগীয়ে হোম আইচ’লেচনৰ নীতি উলংঘা কৰি পাঞ্জাৱ চৰকাৰে ৫০০০ টকাৰ জৰিমণা আদায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে৷
  • হাৰিয়ানাঃ ক’ভিড-১৯ৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ ৰাজ্যিক প্ৰদুষণ নিয়ন্ত্ৰণ বিভাগে মুখৰ আৱৰণ, মাস্ক আৰু গ্ল’ভৰ সুৰক্ষিত নিষ্কাশনৰ বিষয়ে সজাগতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰিছে৷
  • কেৰালাঃ বৰ্তমানে ৯,৪৫৮ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ১,৫৮,১১৭ জন লোকে চিকিৎসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৯২,৯৬৪ জন৷ ৩২৩২ জনৰ মৃত্যু হৈছে৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮০,৮৬৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৯,৯৩১ জন৷ মৃত্যু হৈছে ১৬১৬ জন৷
  • অন্ধ্ৰ প্ৰদেশ- মুঠ ৰোগীৰ সংখ্যা হ’ল ৭২,৭১১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৪,২৭২ জন৷ মৃত্যু হৈছে ৮৮৪ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫০,৮২৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,০৫২ জন৷ ৪৪৭ জনৰ মৃত্যু হৈছে৷ ৩৯,৩২৭ জনক মুকলি কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১.৪০ লাখ৷ মুম্বাইত আছে ২২,৮০০ সক্ৰিয় ৰোগী৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫২,৪৪৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,৩৪৮ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৩,৫৯৫ জন৷ ৫৯৮ জনৰ মৃত্যু হৈছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৫,৪৭৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৩৫৫ জন৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৩৭০ জন৷
  • অৰুণাচল প্ৰদেশঃ বিশটা দলে ২৬৭২টা ৰেপিড এণ্টিজেন পৰীক্ষণ সম্পন্ন কৰিছে৷
  • মণিপুৰঃ মণিপুৰৰ চুৰাচন্দনপুৰত ব্যক্তিগত গৱেষণাগাৰৰ এজন কৰ্মী পজিটিভ অহাৰ পিছত ক’ভিড-১৯ ব্যাপক হাৰত কনটেক্ট ট্ৰেচিং কাৰ্যসূচী হাতত লোৱা হৈছে৷
  • মিজোৰামঃ মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে ৮ খন জিলালৈ কোৱাৰেণ্টিন সুবিধাৰ বাবে ৩.৮৫ কোটিতকৈও অধিক টকা আৱণ্টিত কৰিছে৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১২৩৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭০৭ জন৷ ৫৩০ জনে আৰোগ্য লাভ কৰিছে৷

ফেক্টচেক

A stamp with the word Fake on a  snip of a tweet posted by a twitter handle Irmak Idoya. It reads as follows:Indian airforce had crossed the border to conduct airstrike on the Nepal territories today. India conducted an airstrike in Kot Kharak Singh Pernawan near India Nepal border.In responding, we've shot down Indian jet & two Indian pilots killed.



(Release ID: 1641069) Visitor Counter : 112