গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

‘পিএমজিকেএওৱাই-২’ৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে সংগ্ৰহ কৰিছে ১৯.৩২লাখ মেট্ৰিকটন পৰিমাণৰ খাদ্য দ্ৰব্য

‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ অধীনত মে মাহত ২.৪০কোটি আৰু জুন মাহত ২.৪৭কোটি হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হৈছে ২,৪৩,০৯২ মেট্ৰিকটন খাদ্য দ্ৰব্য; ১১,৬৭৮মেট্ৰিকটন বুটো বিতৰণ কৰিছে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে

Posted On: 22 JUL 2020 6:37PM by PIB Guwahati

মজুত থকা খাদ্য দ্ৰব্যৰ মুঠ পৰিমাণ

ভাৰতীয় খাদ্য নিগম-য়ে ২১-০৭-২০২০ তাৰিখে প্ৰকাশ কৰা তথ্য মতে এই মুহূৰ্তত নিগমৰ হাতত ২৫৩.২৮লাখ মেট্ৰিকটন চাউল আৰু ৫৩১.২৮লাখ মেট্ৰিকটন ঘেহু মজুত আছে। সেই হিচাপত নিগমৰ হাতত মজুত থকা খাদ্য দ্ৰব্যৰ মুঠ পৰিমাণ(সদ্যহতে ক্ৰয় কৰা আৰু নিগমৰ ভঁড়াললৈ আহি নোপোৱা ঘেহু আৰু ধানখিনিক বাদ দি) হল ৭৮৪.৩৩লাখ মেট্ৰিকটন। ইয়াৰ বিপৰীতে, এমাহত এনএফএছএ, পিএমজিকেএওৱাই আৰু অন্যান্য কল্যাণমূলক আঁচনিৰ অধীনত বিতৰণ কৰিবলগীয়া খাদ্য দ্ৰব্যৰ পৰিমাণ হল প্ৰায় ৯৫লাখ মেট্ৰিকটন।

লকডাউন আৰম্ভ হোৱাৰে পৰা ৪৯৯৯খন ৰেল ৰেকৰে প্ৰায় ১৩৯.৯৭লাখ মেট্ৰিকটন খাদ্য দ্ৰব্য প্ৰেৰণ কৰাৰ বিপৰীতে যোৱা ৩০জুন ২০২০পৰ্যন্ত ২৮৫.০৭লাখ মেট্ৰিকটন সামগ্ৰী বিতৰণ কৰা হয়। সেইদৰে, ১জুলাই ২০২০ৰ পৰা ৯৫৩খন ৰেল ৰেকৰে ২৬.৬৯লাখ মেট্ৰিকটন খাদ্যাসামগ্ৰী প্ৰেৰণৰ দিহা কৰা হৈছে। ৰেলগাড়ীৰ উপৰি অন্য স্থল পৰিবহণ আৰু জল পৰিবহণ ব্যৱস্থাৰেও সামগ্ৰীসমূহ প্ৰেৰণৰ দিহা কৰা হয়। ১জুলাই ২০২০ৰ পৰা এনেদৰে ৫০.৯২লাখ মেট্ৰিকটন পৰিমাণৰ সামগ্ৰীৰ পৰিবহণ কৰা হৈছে। ১ জুলাইৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ প্ৰেৰণ কৰা খাদ্য সামগ্ৰীৰ পৰিমাণ হল ১.৬৩লাখ মেট্ৰিকটন।

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা-১

খাদ্য দ্ৰব্য (চাউল-ঘেহু)

এপ্ৰিল, মে আৰু জুন ২০২০, এই তিনিটা মাহত পিএমজিকেএওৱাই-ৰ অধীনত বিতৰণৰ বাবে প্ৰয়োজন হোৱা মুঠ ১১৯.৫লাখ মেট্ৰিকটন(১০৪.৩লাখ মেট্ৰিকটন চাউল আৰু ১৫.২লাখ মেট্ৰিকটন ঘেহু) খাদ্য দ্ৰব্যৰ বিপৰীতে ১০১.৫২লাখ মেট্ৰিকটন চাউল আৰু ১৫.২লাখ মেট্ৰিকটন ঘেহু প্ৰেৰণ কৰা হৈছিল।

দাইল

উল্লিখিত তিনিটা মাহত বিতৰণৰ বাবে প্ৰয়োজন হৈছিল ৫.৮৫লাখ মেট্ৰিকটন দাইল। ইয়াৰে ৫.৮৩লাখ মেট্ৰিকটন পৰিমাণৰ দাইল ইতিমধ্যে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণৰ দিহা কৰাৰ বিপৰীতে ৫.৭৯লাখ মেট্ৰিকটন দাইল ইতিমধ্যে গন্তব্য স্থান পাইছেগৈ। ইয়াৰে ৪.৮৯লাখ মেট্ৰিকটন পৰিমাণৰ দাইল ইতিমধ্যে হিতাধিকাৰীসকলৰ মাজত বিতৰণো কৰা হৈছে।

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা-২

খাদ্য দ্ৰব্য (চাউল-ঘেহু)

যোজনা-২, ১জুলাইৰ পৰা নৱেম্বৰ ২০২০লৈকে ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সময়চোৱাত ৮১ কোটি হিতাধিকাৰীৰ মাজত মুঠ ২০১ লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী বিতৰণৰ কৰা হব। এইখিনি সময়ত ১২লাখ মেট্ৰিকটন পৰিমাণৰ মাহো ১৯.৪কোটি হিতাধিকাৰী-পৰিয়ালৰ মাজত বিতৰণ কৰা হব।

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা-২ ৰূপায়ণ কৰিব খোজা এই পাঁচোটা মাহত বিতৰণ কৰাৰ বাবে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ মুঠ ২০১.০৮লাখ মেট্ৰিকটন খাদ্য দ্ৰব্যৰ আৱণ্টনৰ অনুমোদন দিয়া হৈছে। এই সামগ্ৰীৰ ভিতৰত ৯১.১৪লাখ মেট্ৰিকটন ঘেহু আৰু ১০৯লাখ মেট্ৰিকটন চাউল। ইতিমধ্যে ইয়াৰে ১৯.৩২লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী বহুকেইখন ৰাজ্যই সংগ্ৰহৰ দিহা কৰিছে।

প্ৰব্ৰজিত শ্ৰমিকসকললৈ খাদ্য দ্ৰব্যৰ বিতৰণ-(আত্মনিৰ্ভৰ ভাৰত পেকেজ)

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অথবা ৰাজ্যসমূহৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা আঁচনিৰ ৰেচন কাৰ্ডে সামৰি নোলোৱা প্ৰব্ৰজিত শ্ৰমিক, দেশৰ বিভিন্ন ঠাইত আবদ্ধ হৈ থাকিবলগীয়া হোৱা সংকটাপন্নসকলক সকাহ দিয়াৰ লক্ষ্যৰে আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত ৮লাখ মেট্ৰিকটন পৰিমাণৰ খাদ্যদ্ৰব্য বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। প্ৰতিগৰাকী ব্যক্তিক ৫কিলোগ্ৰামকৈ খাদ্য সামগ্ৰী বিতৰণ কৰা এই আঁচনিৰ অধীনত অনুমোদিত মুঠ খাদ্যদ্ৰব্যৰ ৬.৩৯লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী ইতিমধ্যে ৰাজ্যসমূহে সংগ্ৰহ কৰিছে। এই পৰ্যন্ত ২,৪৩,০৯২মেট্ৰিকটন খাদ্য দ্ৰব্য বিতৰণ কৰা হৈছে।

নিগমে সংগ্ৰহ কৰা খাদ্য সামগ্ৰী

২১ জুলাই ২০২০ পৰ্যন্ত নিগমে মুঠ ৩৮৯.৭৪লাখ মেট্ৰিকটন ঘেহু আৰু ৭৫১.১০লাখ মেট্ৰিকটন চাউল সংগ্ৰহ কৰিছে।

 

এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড

দেশৰ ২০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত চলিত বৰ্ষৰ ১জুন ২০২০ তাৰিখৰ পৰা এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনিখনৰ ৰূপায়ণ সম্ভৱ কৰি তুলিছে। ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হল- অন্ধ্ৰ প্ৰদেশ, বিহাৰ, দমন-ডিউ(দাদ্ৰা আৰু নগৰ হাভেলী), গোৱা, গুজৰাট, হাৰিয়াণা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কেৰালা, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, মিজোৰাম, ওড়িশা, পাঞ্জাৱ, ৰাজস্থান, ছিকিম, উত্তৰ প্ৰদেশ, তেলেংগাণা আৰু ত্ৰিপুৰা। ২০২১চনৰ ৩১মাৰ্চৰ ভিতৰত দেশৰ বাকীকেইখন ৰাজ্যতো এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনিখনৰ ৰূপায়ণ সম্ভৱ হৈ উঠিব বুলি আশা কৰা হৈছে। এইকেইখন ৰাজ্যত আঁচনিখনৰ অগ্ৰগতিৰ তথ্য তলত দাঙি ধৰা হল-

 

ক্ৰ

নং

ৰাজ্য

% হাৰ

ৰেচন কাৰ্ডত আধাৰৰ সংযোজন (%)

ৰূপায়ণৰ বাবে ধাৰ্য কৰা সাম্ভাব্য দিন

 

1

আন্দামান আৰু

নিকোবৰ

96%

98%

১আগষ্ট ২০২০

 

2

মণিপুৰ

61%

83%

১আগষ্ট ২০২০

 

3

নাগালেণ্ড

96%

73%

১আগষ্ট ২০২০

 

4

জম্মু-কাশ্মীৰ

99%

100%

কিছু সংখ্যক জিলাত ১আগষ্ট ২০২০ ৰ পৰা আৰু আন জিলাসমূহত ১নৱেম্বৰ ২০২০ৰ পৰা ৰূপায়ণৰ সিদ্ধান্ত

 

5

চত্তিশগড়

98%

98%

৩১আগষ্ট ২০২০

 

6

উত্তৰাখণ্ড

77%

95%

১ছেপ্টেম্বৰ ২০২০

 

7

তামিাল নাডু

100%

100%

১অক্টোবৰ ২০২০

 

8

লাডাখ

100%

91%

১অক্টোবৰ ২০২০

 

9

দিল্লী

0%

100%

১অক্টোবৰ ২০২০

 

10

মেঘালয়

0%

1%

১ডিচেম্বৰ ২০২০

 

11

পশ্চিম বংগ

96%

80%

১জানুৱাৰী ২০২১

 

12

অৰুণাচল প্ৰদেশ

1%

57%

১জানুৱাৰী ২০২১

 

13

অসম

0%

0%

 

 

14

লাক্ষাদ্বীপ

100%

100% (ডিবিটি)

 

 

15

পুডুচেৰী

0%

100% (ডিবিটি)

ডিবিটি

 

16

চণ্ডীগড়

0%

99%( ডিবিটি)

ডিবিটি

 

****

APS/SG/MS/KB



(Release ID: 1640733) Visitor Counter : 202