প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মণিপুৰৰ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

এই প্ৰকল্পৰ জৰিয়তে কেইবা নিযুত জনসাধাৰণে তেওঁলোকৰ ঘৰতে পৰিস্কাৰ খোৱা পানী লাভ কৰিব

এটা সুন্দৰ জীৱনৰ কাৰণে সহজসাধ্য জীৱন হৈছে প্ৰয়োজনীয় আধাৰ আৰু দুখীয়া লোকক সামৰি ই হৈছে সকলোৰে অধিকাৰোঃ প্ৰধানমন্ত্ৰী

Posted On: 23 JUL 2020 1:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ কনফাৰেন্সৰ জৰিয়তে মণিপুৰৰ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে দেশখনে কভিড-১৯ ৰ বিৰুদ্ধে নিৰলসভাৱে যুঁজি থকাৰ বিপৰীতে, পূব আৰু উত্তৰ পূব ভাৰতে আৰু দুটা প্ৰত্যাহ্বান যথা প্ৰৱল বৃষ্টিপাত আৰু বানপানীৰ মুখামুখি হবলগীয়া হৈছে যাৰ পৰিণতিত অনেক জীৱনৰ মৃত্যু হৈছে আৰু বহু লোক গৃহহীন হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে মণিপুৰ চৰকাৰে লকডাউনৰ সময়ছোৱাত সকলোবোৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ লগতে উলটি অহা প্ৰব্ৰজিত লোকসকলৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত মণিপুৰৰ ২৫ লাখ দুখীয়া লোকে বিনামূলীয়া খাদ্য শস্য লাভ কৰাৰ কথা তেওঁ কয়। সমান্তৰালভাৱে, উজ্জ্বলা আঁচনিৰ অধীনত মণিপুৰৰ ১.৫ লাখৰো অধিক মহিলাক বিনামূলীয়া গেছৰ চিলিণ্ডাৰৰ সুবিধা প্ৰদান কৰা হৈছে।

৩০০০ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগীয়া পানী যোগান প্ৰকল্পটো সন্দৰ্ভত তেওঁ কয়, ই ৰাজ্যখনত পানীৰ সমস্যা হ্ৰাস কৰিব আৰু বিশেষকৈ ৰাজ্যখনৰ মহিলাসকলক বৃহৎ সকাহ প্ৰদান কৰিব। শ্ৰী মোডীয়ে কয় যে বৃহত্তৰ ইম্ফলৰ ওপৰিও, এই প্ৰকল্পটোৱে ৰাজ্যখনৰ ২৫ খন সৰু চহৰ আৰু ১৭০০ খন গাঁৱক লাভান্বিত কৰিব। পৰৱৰ্তী দুটা দশকৰ প্ৰয়োজনীয়তা অনুধাৱন কৰি প্ৰকল্পটোৰ ৰূপৰেখা অংকন কৰা হৈছে।

তেওঁ কয় যে এই প্ৰকল্পটোৰ জৰিয়তে, কেইবা নিযুত লোকে তেওঁলোকৰ ঘৰতে পৰিস্কাৰ খোৱা পানী লাভ কৰিব আৰু হাজাৰ-হাজাৰ লোকে কৰ্মসংস্থাপনো লাভ কৰিব।

১৫ কোটিৰো অধিক গৃহস্থীক পাইপৰে পানী যোগান ধৰাৰ লক্ষ্যৰে যোৱা বৰ্ষত দেশত জল জীৱন অভিযানৰ শুভাৰম্ভ কৰাৰ কথা প্ৰধানমন্ত্ৰীয়ে সদৰী কৰি কয় যে আজি দেশত প্ৰতিদিনে প্ৰায় এক লাখ পানীৰ সংযোগ প্ৰদান কৰি থকা হৈছে যত জনসাধাৰণৰ সহযোগিতাই মূল ভূমিকা পালন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, এটা সুন্দৰ জীৱনৰ কাৰণে সহজসাধ্য জীৱন হৈছে প্ৰয়োজনীয় আধাৰ আৰু দুখীয়া লোকক সামৰি ই হৈছে সকলোৰে অধিকাৰো।

যোৱা ৬ টা বছৰত, প্ৰতিটো স্তৰতে, প্ৰতিটো ক্ষেত্ৰতে বিশেষতঃ দুখীয়া লোকসকলকে প্ৰমুখ্য কৰি সহজসাধ্য জীৱনৰ অগ্ৰগতিৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত তেওঁ কয়। আনন্দ প্ৰকাশ কৰি তেওঁ কয় যে আজি মণিপুৰকে ধৰি সমগ্ৰ ভাৰতখনেই মুকলিত মলত্যাগৰপৰা মুক্ত হৈ পৰিছে। তেওঁ কয় যে দৰিদ্ৰতম লোকসকলে এলপিজি গেছ লাভ কৰিছে, ভাল বাট-পথৰে প্ৰতিখন গাঁৱক সংযোগ কৰা হৈছে আৰু গৃহহীন লোকসকলক পকা ঘৰ আগবঢ়োৱা গৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিঘৰ গৃহস্থীলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ ক্ষীপ্ৰ গতিত কাম কৰি থকা হৈছে।

শ্ৰী মোডীয়ে কয় সুন্দৰ জীৱন আৰু যোগাযোগ ব্যৱস্থাৰ মাজৰ সম্পৰ্ক প্ৰত্যক্ষ। তেওঁ কয়, সুৰক্ষিত আৰু নিশ্চিত আত্মনিৰ্ভৰ ভাৰতৰ কাৰণে উত্তৰ পূবৰ যোগাযোগ ব্যৱস্থা অপৰিহাৰ্য। তেওঁ কয়, ইয়ে ভাৰতৰ এক্ট ইষ্ট নীতিক প্ৰেৰণা যোগাব আৰু ই তদুপৰি দেশৰ যাতায়াত আৰু পৰ্যটন খণ্ডলৈ প্ৰৱেশ পথ সুগম কৰি তুলিব।

তেওঁ কয়, ৰোডৱে, হাইৱে, এয়াৰৱে, ৱাটাৰৱে আৰু আই-ৱে তথা গেছ পাইপলাইনৰে সৈতে উত্তৰ পূৰ্বাঞ্চলখনি আধুনিক আন্তঃগাঁথনিৰে উন্নত কৰি তোলা হৈছে। যোৱা ৬ টা বছৰত, সমগ্ৰ উত্তৰ পূবৰ আন্তঃগাঁথনিৰ উন্নয়নত কেইবা হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, উত্তৰ পূবৰ ৰাজ্যকেইখনৰ ৰাজধানীসমূহৰ চাৰিখন ৰাজধানীক সংযোগ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে, একেদৰে জিলা সদৰসমূহক দ্বৈত লেন যুক্ত পথেৰে আৰু গাঁৱসমূহক সু-পথেৰে সংযোগ কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই লক্ষ্যত উপনীত হবলৈ, প্ৰায় ৩০০০ কিঃমিঃ পথ নিৰ্মাণ কৰা হৈছে আৰু ৬০০০ কিঃমিঃ পথ নিৰ্মাণৰ অৰ্থে প্ৰকল্প হাতত লোৱা গৈছে।

তেওঁ কয়, নতুন ৰেল ষ্টেচন নিৰ্মাণ আৰু বৰ্তমানে থকা ৰেল নেটৱৰ্কটোক ব্ৰড গজলৈ ৰূপান্তৰিত কৰাৰ প্ৰকল্পৰ জৰিয়তে উত্তৰ পূবৰ ৰেল সংযোগৰ ক্ষেত্ৰখনত আমোল পৰিৱৰ্তন সাধন হৈছে। সমান্তৰালভাৱে, যোৱা ২ টা বছৰে উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীসমূহক ৰেল নেটৱৰ্কৰে সংযোজিত কৰাৰ কাম ক্ষীপ্ৰ গতিত অব্যাহত আছে।

পথ আৰু ৰেলৱেৰ ওপৰিও, উত্তৰ পূৰ্বাঞ্চলৰ আকাশী সংযোগো সমানেই গুৰুত্বপূৰ্ণ। আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ১৩ টা বিমানবন্দৰ চালিত হৈ আছে। ইম্ফল বিমানবন্দৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিমানবন্দৰসমূহৰ আধুনিকীকৰণৰ বাবে ৩ হাজাৰ কোটিৰো অধিক ধন ব্যয় কৰা হৈছে, তেওঁ কয়।

উত্তৰ পূবৰ এটাকে ধৰি ২০ টাৰো অধিক ৰাষ্ট্ৰীয় জলপথে যেগাযোগ ব্যৱস্থা ত্বৰান্বিত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয়, ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰতা আৰু সাংস্কৃতিক শক্তিক উত্তৰ পূৰ্বাঞ্চলখনে প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ কয়, এতিয়াও লোকচক্ষুৰ আঁৰত থকা উত্তৰ পূৰ্বাঞ্চলত আছে পৰ্যটনৰ বিশাল সম্ভাৱনা। প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলখন দেশৰ বিকাশৰ চালিকা শক্তি হোৱা উচিত।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি উত্তৰ পূৰ্বাঞ্চলৰ যুৱ সমাজ আৰু জনসাধাৰণে হিংসাৰ তমসা আঁতৰাই উন্নয়ন আৰু প্ৰগতিৰ অৰ্থে কাম কৰি আছে। মণিপুৰৰ অৱৰোধ এতিয়া বুৰঞ্জীৰ অংশ বুলি তেওঁ কয়।

শ্ৰী মোডীয়ে কয়, অসম, ত্ৰিপুৰা আৰু মিজোৰামৰ জনসাধাৰণে এতিয়া হিংসাৰ পথ ৰুদ্ধ কৰি তুলিছে। তেওঁ কয়, ব্ৰু-ৰিয়াং শৰণাৰ্থীসকলে সুন্দৰ জীৱনৰ দিশত অগ্ৰসৰ হৈছে।

উত্তৰ পূবৰ বাঁহ উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা আৰু থলুৱা পণ্যৰ উন্নয়নত ইয়াৰ ক্ষমতাৰ কথা সদৰী কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে মূল্য সংযোগৰ অৰ্থে ক্লাষ্টাৰৰ উন্নয়ন সাধন কৰা হব আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত থলুৱা পণ্যৰ বিপণন সুবিধাজনক হৈ পৰিব।

তেওঁ কয়, এই ক্লাষ্টাৰসমূহৰপৰা এগ্ৰ ষ্টাৰ্ট-আপ আৰু আন উদ্যোগসমূহ লাভান্বিত হব। তেওঁ কয় যে থলুৱা উৎপাদনৰ জৰিয়তে ভাৰতৰ বাঁহ আমদানি হ্ৰাসৰ সম্ভাৱনা উত্তৰ পূৰ্বাঞ্চলে বাস্তৱায়িত কৰিব পাৰিব। দেশত ধূপ কাঠিৰ অতিশয় চাহিদা আছে যদিও ধূপ কাঠি আমদানিৰ নামত কোটি-কোটি টকা বাহিৰলৈ ওলাই যায়। প্ৰধানমন্ত্ৰীয়ে কয় যে বাঁহৰ খেতিয়ক, হস্ত-শিল্পৰে জড়িত শিল্পীসকল, আন সা-সুবিধাৰ অৰ্থে ৰাষ্ট্ৰীয় বেম্ব মিশ্যনৰে কেইবাশ কোটি টকা বিনিয়োগ কৰা হৈছে। ইয়ে উত্তৰ পূৰ্বাঞ্চলৰ যুৱ সমাজক তথা ইয়াৰ ষ্টাৰ্ট আপসমূহক লাভান্বিত কৰিব।

প্ৰধানমন্ত্ৰীজনে কয় যে স্বাস্থ্য, শিক্ষা, দক্ষতা বিকাশ, ষ্টাৰ্ট-আপ আৰু আন প্ৰশিক্ষণৰ অৰ্থে উত্তৰ পূবত এতিয়া বহু প্ৰতিষ্ঠান নিৰ্মাণ কৰা হৈছে। ক্ৰীড়া বিশ্ববিদ্যালয় আৰু বিশ্ব মানৰ ষ্টেডিয়াম নিৰ্মাণৰ জৰিয়তে, মণিপুৰ দেশৰ ক্ৰীড়া প্ৰতিভাসমূহৰ লক্ষ্য স্থানলৈ পৰিণত হৈ পৰিব।

***

VRRK/AK/SB



(Release ID: 1640703) Visitor Counter : 155