শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

কৃষি আৰু গ্ৰাম্য শ্ৰমিকসকলৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচক - জুন, ২০২০

Posted On: 20 JUL 2020 3:16PM by PIB Guwahati

১৯৮৬-৮৭ ক ১০০ হিচাপে ভিত্তি কৰি জুন মাহত কৃষি আৰু গ্ৰামীণ শ্ৰমিকসকলৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচক প্ৰকাশিত হৈছে। প্ৰকাশিত সূচক অনুযায়ী, কৃষি শ্ৰমিকসকলৰ ক্ষেত্ৰত মূল্য সূচক জুন মাহত ১ পইণ্ট কমি ১ হাজাৰ ১৮ হৈছে আৰু গ্ৰামীণ শ্ৰমিকসকলৰ ক্ষেত্ৰতো এই সূচক ১ পইণ্ট কমি হৈছে ১ হাজাৰ ২৪। মূল্য সূচক হ্ৰাস পোৱাৰ কাৰণ হ’ল – খাদ্যশস্য, বিশেষকৈ চাউল, ৰহৰ দাইল, মচুৰ দাইল, চিনা বাদামৰ তেল, খাহীৰ মাংস, হাঁহ-কুকুৰাৰ মাংস, শাক-পাচলি আৰু ফল-মূলেৰ মূল্য হ্ৰাস পোৱাত সূচকো হ্ৰাস পাইছে।

গতিকে, সূচকৰ উত্থান-পতন বিভিন্ন ৰাজ্য ভিন ভিন হৈ থাকে। ৯ খন ৰাজ্যত কৃষি শ্ৰমিকসকলৰ ক্ষেত্ৰত মূল্য সূচক ১ – ৭ পইণ্ট বাঢ়িছে। আনফালে, ৯ খন ৰাজ্যত এই সূচক ১ – ১৯ পইণ্টকৈ হ্ৰাস পাইছে। ২ খন ৰাজ্যত সূচক স্থিতিশীল হৈ আছে। আটাইতকৈ বেছি ১ হাজাৰ ২১৪ পইণ্ট সূচক বাঢ়িছে তামিলনাডু’ত আৰু আটাইতকৈ কম ৭৮৪ পইণ্ট হ্ৰাস পাইছে হিমাচল প্ৰদেশত।

 

একেদৰে, গ্ৰামীণ শ্ৰমিকসকলৰ ক্ষেত্ৰতো সূচক ৯ খন ৰাজ্যত ১ ৰ পৰা ৮ পইণ্ট পৰ্যন্ত বৃদ্ধি পাইছে। আনফালে, ১০ খন ৰাজ্যত এই সূচক ২ ৰ পৰা ২০ পইণ্ট পৰ্যন্ত হ্ৰাস পাইছে। তামিলনাডুত সৰ্বাধিক ১ হাজাৰ ১৯৯ পইণ্ট বৃদ্ধি হৈ ৰাজ্যসমূহৰ ভিতৰত সৰ্বোচ্চ স্থানত আৰু ৮৩২ পইণ্ট হ্ৰাস পাই ৰাজ্যসমূহৰ মাজত আটাইতকৈ তলত আছে হিমাচল প্ৰদেশ।

 

ৰাজ্যসমূহৰ ভিতৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিকসকলৰ ক্ষেত্ৰত মূল্য সূচক সৰ্বাধিক ৭ ৰ পৰা ৮ পইণ্টলৈ বৃদ্ধি পাইছে উৰিষ্যাত। ৰাজ্যখনত খাহীৰ মাংস, মাছ/শুটকি মাছ, শাক পাচলি আৰু ফলমূলৰ দাম প্ৰধানতঃ বৃদ্ধি পোৱাত সূচকত অগ্ৰগতি দেখা গৈছে। আনফালে, কৃষি আৰু গ্ৰামীণ শ্ৰমিকসকলৰ ক্ষেত্ৰত গ্ৰাহক মূল্য সূচক আটাইতকৈ বেছি ১৯ ৰ পৰা ২০ পইণ্টলৈ হ্ৰাস পাইছে জম্মু কাশ্মীৰত। এই কেন্দ্ৰশাসিত অঞ্চলবোৰত ফলমূল আৰু শাক পাচলিৰ দাম হ্ৰাস পোৱাত মূল্য সূচক নিম্নমুখী হৈছে।

 

পইণ্টৰ ভিত্তিত কৃষি শ্ৰমিকসকলৰ ক্ষেত্ৰ গ্ৰাহক মূল্য সূচকৰ মুদ্ৰাস্ফীতিৰ হাৰ বিগত মে’ মাহৰ ৮.৪০ শতাংশৰ পৰা হ্ৰাস পাই ৭.১৬ শতাংশ হৈছে। একেদৰে, গ্ৰামীণ শ্ৰমিকসকলৰ ক্ষেত্ৰতো গ্ৰাহক মূল্য সূচক মে’ মাহৰ ৮.১২ শতাংশৰ পৰা হ্ৰাস হৈ জুন মাহত ৭ শতাংশ হৈছে। জুন মাহত কৃষি শ্ৰমিকসকলৰ ক্ষেত্ৰত গ্ৰাহক মূল্য সূচকৰ খাদ্য সংক্ৰান্তীয় সূচকত মুদ্ৰাস্ফীতিৰ হাৰ ৮.৫৭ শতাংশ হৈছে আৰু গ্ৰামীণ শ্ৰমিকসকলৰ ক্ষেত্ৰত গ্ৰাহক মূল্য সূচকৰ ওপৰত ভিত্তি কৰি মুদ্ৰাস্ফীতিৰ হাৰ হৈছেগৈ ৮.৪১ শতাংশ।

গোট

কৃষি শ্ৰমিক

গ্ৰাম্য শ্ৰমিক

 

 

মে’, 2020

জুন, 2020

মে’, 2020

জুন, 2020

সাধাৰণ সূচক

1019

1018

1025

1024

খাদ্য

977

975

982

980

পান, চুপাৰী ইত্যাদি

1665

1674

1678

1686

ইন্ধন আৰু লাইট

1105

1099

1099

1094

কাপোৰ, বিচনা চাদৰ ইত্যাদি আৰু জোতা-চেণ্ডেল

1003

1004

1022

1026

অন্যান্য

1020

1025

1025

1030

           

 

*****

RCJ/SKP/IA/RD



(Release ID: 1640551) Visitor Counter : 169