গৃহ মন্ত্ৰালয়

গুজৰাটত দেশীয় প্ৰযুক্তিত নিৰ্মিত ৭০০মেগাৱাট সম্পন্ন কাকৰাপাৰ আণৱিক শক্তি প্ৰকল্প-৩ৰ সফলতাৰ বাবে বিজ্ঞানীসকলক অভিনন্দন কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

এই অভূতপূৰ্ব সফলতাৰ বাবে সমগ্ৰ জাতিয়ে আমাৰ বিজ্ঞানীসকলক অভিবাদন জনাইছেঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী

প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত তেওঁৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন সাকাৰ কৰাৰ দিশে নতুন ভাৰত আগবাঢ়ি আছেঃ শ্ৰী অমিত শ্বাহ

Posted On: 22 JUL 2020 2:04PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে গুজৰাটত দেশীয় প্ৰযুক্তিত নিৰ্মিত ৭০০মেগাৱাট সম্পন্ন কাকৰাপাৰ আণৱিক শক্তি প্ৰকল্প-৩ৰ সফলতাৰ বাবে বিজ্ঞানীসকলক অভিনন্দন জনাইছে। শ্ৰী অমিত শ্বাহে কয়, ভাৰতৰ পাৰমাণৱিক ইতিহাসত ই এক বৃহত্ দিন আৰু এই অভূতপূৰ্ব সফলতাৰ বাবে সমগ্ৰ জাতিয়ে আমাৰ বিজ্ঞানীসকলক অভিবাদন জনাইছে।

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে আৰু কয়-প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত তেওঁৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন সাকাৰ কৰাৰ দিশে নতুন ভাৰত আগবাঢ়ি আছে।

 

 ***************************************************************

NW/RK/PK/DDD/AD/KG



(Release ID: 1640548) Visitor Counter : 154