প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৩ জুলাই, ২০২০ ত মণিপুৰ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 22 JUL 2020 11:34AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ২৩ জুলাই, ২০২০ ত ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে মণিপুৰ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই কাৰ্যসূচীত ইম্ফলৰপৰা ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু তেওঁৰ কেবিনেট সতীৰ্থবৃন্দ, সাংসদ আৰু বিধায়কসকলে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

হৰ ঘৰ জল মন্ত্ৰফাঁকিক সাৰোগত কৰি ভাৰত চৰকাৰে ২০২৪ ৰ ভিতৰত দেশৰ গ্ৰামাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীকে বিশুদ্ধ আৰু পৰ্যাপ্ত পৰিমাণে খোৱা পানী যোগানৰ অৰ্থে জল জীৱন অভিযান আৰম্ভ কৰিছিল। এই আঁচনিয়ে ধোৱা-পখলাৰ কাৰণে ব্যৱহৃত পানীৰ ব্যৱস্থাপনা, জল সংৰক্ষণ আৰু বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে পুনৰাই সক্ৰিয় আৰু পুনৰ ব্যৱহাৰৰ দৰে বাধ্যতামূলক উপাদান হিচাপে স্থায়ী উৎসৰ ব্যৱস্থা ৰূপায়ণকো সামৰি লৈছে।

এই জল জীৱন অভিযান, পানী লাভৰ অৰ্থে সমূহীয়া প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰশীল আৰু ইয়াক সফলকাম কৰি তোলাৰ অৰ্থে বিস্তৃত তথ্য, শিক্ষা আৰু সংযোগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে পানীৰ বাবে এক জন আন্দোলন গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে, যাৰ জৰিয়তে সকলোৱে এয়া লাভৰ পথ প্ৰশস্ত হৈ পৰিব।

ভাৰতত প্ৰায় ১৯ কোটি গৃহস্থী আছে। ইয়াৰ ভিতৰত মাত্ৰ ২৪% ই হে ফ্ৰেছৱাটাৰ হাউছহল্ড টেপ কানেকশ্যন (FHTC) লাভ কৰিছে। এই আঁচনিখনৰ জৰিয়তে ৰাজ্য চৰকাৰ, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান আৰু স্থানীয় সমাজখনকে প্ৰমুখ্য কৰি সকলো পক্ষৰ অংশীদাৰিত্বৰে ১৪,৩৩,২১,০৪৯ গৃহস্থীক এফএইচটিচি আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

জল জীৱন অভিযানৰ অধীনত ভাৰত চৰকাৰে মণিপুৰৰ ১,১৮৫ টা অঞ্চলৰ ১,৪২,৭৪৯ গৃহস্থীক এফএইচটিচিৰে সামৰি লোৱাৰ অৰ্থে পুঁজি আগবঢ়াইছে। মণিপুৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ পুঁজিকে ধৰি অতিৰিক্ত উৎসৰপৰা পুঁজি আহৰণৰ জৰিয়তে বাদ পৰা গৃহস্থীসমূহকো এই অভিযানৰে সামৰি লোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।

বাহ্যিকভাৱে আহৰণ কৰা পুঁজিৰ প্ৰকল্প হিচাপে, মণিপুৰ পানী যোগান প্ৰকল্পই বাদ পৰি যোৱা ৰাজ্যখনৰ ১৬ খন জিলাৰ ২,৮০,৭৫৬ গৃহস্থী যথাঃ গ্ৰেটাৰ ইম্ফল প্লেনিং এলেকাৰ অধীনস্থ ২৫ খন টাউন আৰু ১,৭৩১ গ্ৰামাঞ্চলক এফএইচটিচিৰে সামৰি লব। মণিপুৰ পানী যোগান প্ৰকল্প হৈছে ৰাজ্য চৰকাৰখনে ২০২৪ ৰ ভিতৰত হৰ ঘৰ জল লক্ষ্যত উপনীত হোৱাৰ নিমিত্তে গ্ৰহণ কৰি অহা নিৰন্তৰ প্ৰচেষ্টাৰ এটি গুৰুত্বপূৰ্ণ অধ্যায়। নিউ ডেভলপমেন্ট বেংকৰপৰা লাভ কৰা এটা লোনকে ধৰি এই প্ৰকল্পটোত প্ৰায় ৩০৫৪.৫৮ কোটি টকা ব্যয় হব।

************

VRRK/SH/SB



(Release ID: 1640488) Visitor Counter : 138