মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
শিক্ষাৰ্থীসকলক মানসিক স্বাস্থ্য আৰু কল্যানৰ দিশত সহায় আগবঢ়োৱাৰ লক্ষ্যৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে মনোদৰ্পন কাৰ্যসূচী
মনোদৰ্পন হৈছে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ দিশত এক পদক্ষেপঃ শ্ৰী ৰমেশ পোখৰিয়াল নিশাংক
কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে লগতে উন্মোচন কৰিলে এক ৰাষ্ট্ৰীয় বিনামূলীয়া হেল্পলাইন, মনোদৰ্পনৰ এক বিশেষ ৱেব পেজ আৰু মনোদৰ্পন প্ৰচেষ্টাৰ অংশ হিচাপে এখন হাতপুথি
পোষ্ট কৰা হৈছে:
21 JUL 2020 3:15PM by PIB Guwahati
কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়ালে আজি নতুন দিল্লীত শিক্ষাৰ্থীসকলক মানসিক স্বাস্থ্য আৰু কল্যানৰ দিশত সহায় আগবঢ়োৱাৰ লক্ষ্যৰে মনোদৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ এই উপলক্ষে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধোতৰে, উচ্চ শিক্ষা বিভাগৰ সচিব অমিত খাৰে, বিদ্যালয় শিক্ষা আৰু সাহিত্য বিভাগৰ সচিব অনিতা কাৰৱালৰ লগতে মন্ত্ৰালয়ৰ একাংশ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে৷ অনুষ্ঠানত অনিতা কাৰৱালে কাৰ্যসূচীৰ সবিশেষ উপস্থাপন কৰে৷
এই মনোদৰ্পন কাৰ্যসূচীৰ অংশহিচাপে ৰমেশ পোখৰিয়াল নিশাংকে মনোদৰ্পন প্ৰচেষ্টাৰ অংশ হিচাপে এক ৰাষ্ট্ৰীয় বিনামূলীয়া হেল্পলাইন(৮৪৪৮৪৪০৬৩২), এক বিশেষ ৱেব পেজ আৰু এখন হাতপুথি উন্মোচন কৰে৷
এই উপলক্ষে আগবঢ়োৱা ভাষণত মন্ত্ৰী নিশাংকে কয় যে ক’ভিড-১৯এ সমগ্ৰ বিশ্বৰ প্ৰত্যেকৰে বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ বিশ্ব মহামাৰী কেৱল চিকিৎসাজনিত দিশতে সংকটাপূৰ্ণ নহয়, বৰঞ্চ বিশ্ববাসীৰ মনত মিশ্ৰিত আৱেগ আৰু মনো-সামাজিক চাপৰ সৃষ্টি কৰিছে৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিশু আৰু কৈশোৰক মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ কিয়নো শিশু আৰু কিশোৰ অৱস্থাৰ চাপ, উৎকণ্ঠা, ভয়াবহতাৰ স্তৰ অধিক মাত্ৰাক পৰিলক্ষিত হয়৷
মানৱ সম্পদ উন্নয়ন মন্ত্ৰী নিশাংকে কয় যে শিক্ষাৰ্থীসকলৰ পাঠ্যক্ৰমিক শিক্ষাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাত প্ৰদান কৰা গুৰুত্বৰ দৰে তেওঁলোকৰ মানসিক কল্যানৰ দিশৰ প্ৰতি সমানে গুৰুত্ব দিয়া প্ৰয়োজন৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীসকলক মানসিক স্বাস্থ্য আৰু কল্যানৰ দিশত সহায় আগবঢ়াবলৈ মনোদৰ্পন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ এই ক্ষেত্ৰত শিক্ষা, মানসিক স্বাস্থ্য আৰু মনোবৈজ্ঞানিক ক্ষেত্ৰত সহায় হোৱাকৈ বিশেষজ্ঞৰ জৰিয়তে শিক্ষাৰ্থীসকলক পৰামৰ্শমূলক সেৱা, অনলাইন ৰিছ’ৰ্চ আৰু হেল্পলাইন সেৱা আগবঢোৱা হৈছে৷
মন্ত্ৰীগৰাকীয়ে জনায় যে প্ৰদানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰত অভিযান আৰম্ভ কৰিছে আৰু এই মনোদৰ্পন কাৰ্যসূচীও ইয়াত অন্তৰ্ভূক্ত কৰা হৈছে, যাতে মানৱ মুলধন শক্তিশালী হয় আৰু শিক্ষাখণ্ডৰ উৎপাদনশীলতা আৰু ফলুপ্ৰসূ সংস্কাৰ সাধন হয়৷
ৰাজ্যিক মন্ত্ৰী ধোতৰেই কয় যে মহামাৰীয়ে শিশুসকলৰ লগতে প্ৰাপ্তবয়স্কসকলকো মনোবৈজ্ঞানিক আৰু আৱেগিকভাৱে প্ৰভাৱিত কৰিছে৷ এনে পৰিস্থিতিত আমাৰ সংগঠিত আৰু প্ৰতিষ্ঠানগত সহায়ৰ প্ৰয়োজন৷ সুস্থ মানসিক অৱস্থাই সকলোৰে লগতে সমাজৰ উৎপাদনশীলতাত অৰিহণা যোগায়৷
মনোদৰ্পন কাৰ্যসূচীত কেতবোৰ প্ৰচেষ্টাৱলী সন্নিৱিষ্ট কৰা হৈছে৷ সেইবোৰ হৈছ-শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় ফেকাল্টি আৰু বিশ্ববিদ্যালয়ৰ লগতে পৰিয়ালসমূহৰ বাবে পৰামৰ্শমূলক নিৰ্দেশনা৷এমএইচআৰডি ৱেবছাইটত ৱেব পেজ, য’ত পৰামৰ্শ, অনুশীলন পৰামৰ্শ, পোষ্টাৰ, ভিডিঅ’, মনোবৈজ্ঞানিক সহায়ৰ বাবে কৰণীয় আৰু অকৰণীয়, ফেকছ আৰু অনলাইৰ প্ৰশ্নোত্তৰ পদ্ধতি উপলব্ধ৷
তদুপৰি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাটাবেছ আৰু কাউন্সেলৰসকলৰ ডাইৰেক্টৰী, ৰাষ্ট্ৰীয় বিনামূলীয়া হেল্পলাইন, মনোবৈজ্ঞানিক সহায়ৰ বাবে জীৱন দক্ষতা আৰু শিক্ষাৰ্থীৰ কল্যানমূলক দিশসমৃদ্ধ হাতপুথি, মত বিনিময় কৰিব পৰা অলনাইন চাট প্লেটফৰ্মৰ ব্যৱস্থা কৰা হৈছে৷ ৱেবপেজত ৱেবিনাৰ, ভিডিঅ’, পোষ্টাৰ, ফ্লায়াৰ, কমিকছ আৰু ছুটী ছবিৰ দৰে দৃশ্য-শ্ৰাব্য সম্পদো উপলব্ধ হ’ব৷
Click here to see the PPT:
*****
NB/AKJ/AK/DB
(ৰিলিজ আই ডি : 1640286)
অতিথি কক্ষ : 501
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam