ৰেল মন্ত্ৰালয়

ব্যক্তিগত ৰে’লগাড়ীৰ প্ৰচলনৰ সময়কাল সন্দৰ্ভত স্পষ্টীকৰণ

Posted On: 19 JUL 2020 12:43PM by PIB Guwahati
‘২০২৪ চনত আৰম্ভ হ’ব ব্যক্তিগত ৰে’লগাড়ী প্ৰকল্প’ৰ-শীৰ্ষকৰে একাংশ সংবাদ পত্ৰত ‘ব্যক্তিগত ৰে’লগাড়ীৰ প্ৰচলন’ সম্পৰ্কীয় বাতৰি প্ৰকাশিত হৈছে।
অৱশ্যে, সংবাদগোষ্ঠীসমূহলৈ কালি, অৰ্থাত্ ১৮ জুলাই ২০২০ত এক স্পষ্টীকৰণ প্ৰেৰণ কৰা হৈছে, আৰু এই স্পষ্টীকৰণত কথাটো আকৌ এবাৰ দোহৰা হৈছে।
উল্লেখ্য যে, ব্যক্তিগত ৰে’লগাড়ীৰ প্ৰচলন ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা কৰাৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰা হৈছে।
এই সন্দৰ্ভত ২০২১ চনৰ মাৰ্চ মাহত নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বিপৰীতে ২০২৩চনৰ মাৰ্চ মাহৰ পৰা ৰে’লগাড়ীৰ প্ৰচলন আৰম্ভ কৰা হ’ব।
প্ৰকাশিত বাতৰিৰ বাবে যদি কোনো বিভ্ৰান্তিৰ সৃষ্টি হৈছে, তেন্তে উপৰিউক্ত তথ্যসমূহক প্ৰকৃত তথ্য হিচাপে গণ্য কৰিব পাৰিব।
 
*****
DJN/SG/MKV/KB


(Release ID: 1639831) Visitor Counter : 172