ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

দিল্লীত চামৰা শিল্পীৰ বাবে অত্যাধুনিক ফুটৱেৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিলে কেভিআইচিয়ে

Posted On: 16 JUL 2020 5:38PM by PIB Guwahati

খাদী আৰু গ্ৰাম্য উদ্যোগ কমিছন(কেভিআইচি)-এ আজি চামৰা শিল্পীসকলৰ প্ৰান্তীয় সম্প্ৰদায়ক প্ৰশিক্ষণ দিয়াৰ বাবে দিল্লীত ইয়াৰ প্ৰথমটো ফুটৱেৰ প্ৰশিক্ষণ কেন্দ্ৰ উদ্ধোধন কৰে।এমএছএমই মন্ত্ৰালয়ৰ এটা গোট চেণ্ট্ৰল ফুটৱেৰ ট্ৰেইনিং ইনষ্টিটিউট(চিএফটিআই)ৰ কাৰিকৰী সহায়েৰে কেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছে। ৰাজঘাটৰ গান্ধী দৰ্শনত স্থাপন কৰা এই কেভিআইচি-চিএফটিআই ফুটৱেৰ প্ৰশিক্ষণ তথা উত্পাদন কেন্দ্ৰটোৱে চামৰা শিল্পীসকলক উন্নত মানৰ পাদুকা প্ৰস্তুতৰ বাবে দুমহীয়া এক প্ৰশিক্ষণ প্ৰদান কৰিব।

 

কেন্দ্ৰটো উদ্ধোধন কৰি কেভিআইচিৰ অধ্যক্ষ শ্ৰী ভি কে ছাক্সেনাই চামৰা শিল্পীসকলক  চাৰ্ম চিকিত্সক(চামৰা চিকিত্সক)বুলি অভিহিত কৰে। এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে প্ৰশিক্ষণকাৰীসকলক তেওঁলোকৰ দুমহীয়া প্ৰশিক্ষণৰ অন্তত নিজাববীয়াকৈ যাতে পাদুকা প্ৰস্তুতৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ বাবে সহায় আগবঢ়াব। ভৱিষ্যতে কাৰ্যকলাপ অব্যাহত ৰাখিব পৰাকৈ শিল্পীসকলক ৫০০টকা মূল্যৰ এটাকৈ সঁজুলি ছেটো প্ৰদান কৰা হব।

 

অত্যাধুনিক সা-সামগ্ৰী আৰু যন্ত্ৰ-পাতিৰে সৈতে এই কেভিআইচি-চিএফটিআই ফুটৱেৰ প্ৰশিক্ষণ তথা উত্পাদন কেন্দ্ৰটো দুমাহতককৈয়ো কম অভিলেখসংখ্যক সময়ত নিৰ্মাণ কৰি উলিওৱা হৈছে। কিন্তু লককডাউনৰ বাবে উদ্বোধন কাৰ্যসূচী পলম হয়। প্ৰথমতে প্ৰশিক্ষণ কাৰ্যসূচী ৪০জনীয়া চামৰা শিল্পীৰ এটা গোটক লৈ সাজু কৰা হৈছিল যদিও কৰনা ৰোগৰ পৰিপ্ৰেক্ষিতত সামাজিক দূৰত্বৰ নিয়মৰ কথালৈ গুৰুত্ব দি এই সংখ্যা ২০ জনলৈ হ্ৰাস কৰা হৈছে। বাৰাণসীতো কেভিচিয়ে একেধৰণৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে।

 

কেভিআইচিৰ অধ্যক্ষই কয় যে প্ৰধানমন্ত্ৰীৰ চবকা সাথ সবকা বিকাশৰ লক্ষ্য আগত ৰাখি চামৰা শিল্পীসকলৰ বাবে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

 

তেওঁ কয় যে পাদুকা ফেশ্বনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰাৰ লগতে পাদদুকা নিৰ্মাণ এতিয়া নগণ্য কাম হৈ থকা নাই। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে আমি পাদুকা নিৰ্মাণৰ সৈতে সৰ্বাধিক লোকক জড়িত কৰিবলৈ চেষ্টা কৰি আছোঁ। কাৰ্যসূচী এইভাৱে প্ৰস্তুত কৰা হৈছে যে মাত্ৰ দুমাহ সময়তে শিল্পীসকলে সকলোধৰণৰ পাদুকা প্ৰস্তুত কৰিবলৈ সক্ষম হব। ইয়ে তেওঁলোকৰ উপাৰ্জন বহুগুণে বৃদ্ধি কৰিব বুলিও তেওঁ কয়।

 

********************************************************

RCJ/SKP/IA/KG



(Release ID: 1639503) Visitor Counter : 147