পোষ্ট কৰা হৈছে:
16 JUL 2020 5:41PM by PIB Guwahati
‘পৰীক্ষা, চিনাক্ত, চিকিৎসা’ কৌশল অনুসৰণ কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ক্ৰমে নমূনা পৰীক্ষাৰ গতি দ্ৰুতগতিত বৃদ্ধি কৰিছে৷ তদুপৰি, দেশত পৰীক্ষাগাৰৰ সংখ্যাও ক্ষিপ্ৰতাৰে বৃদ্ধি কৰা হৈছে৷ পৰীক্ষা ব্যৱস্থা বৃদ্ধিৰ ক্ষেত্ৰত আইচিএমআৰৰ নিৰ্দেশনাই এগৰাকী ৰোগী সোনকালে চিনাক্তকৰণত সহায় কৰিছে৷
আৰটি-পিচিআৰ, যিটো ক’ভিড-১৯ পৰীক্ষাৰ সোণালী মানদণ্ড হিচাপে ধৰা হৈছে৷ ইফালে ৰেপিড এণ্টিজেন পইণ্ট অফ কেয়াৰ ব্যৱস্থাই আধা ঘণ্টাতে ফলাফল প্ৰদান কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ফলত কণ্টেইনমেণ্ট আৰু বাফাৰ জ’নত পৰীক্ষা ক্ষিপ্ৰ কৰিবলৈ সক্ষম হৈছে৷ এই সকলো ব্যৱস্থাই দেশত ক’ৰোনাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷
সকলো পঞ্জীয়নভূক্ত চিকিৎসকে এতিয়াৰে পৰা পৰীক্ষাৰ বাবে পৰামৰ্শ আগবঢ়াব পাৰিব৷ বিগত ২৪ ঘণ্টাত দেশত ৩,২৬,৮২৬টা নমূনা পৰীক্ষা কৰা হৈছে৷ বৰ্তমানলৈকে দেশত সৰ্বমুঠ ১,২৭,৩৯,৪৯০টা নমূনা পৰীক্ষা কৰা হৈছে, যিটো প্ৰতি ১০লাখত ৯২৩১.৫কৈ হৈছে৷ ইফালে দেশত পৰীক্ষাগাৰৰ সংখ্যা ১২৩৪টা লৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰে ৮৭৪টা চৰকাৰী আৰু ৩৬০টা ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰ আছে৷ সেইবোৰ হৈছেঃ
সঠিক সময়ত আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৬৩৫(চৰকাৰীঃ৩৯২+ব্যক্তিগতঃ২৪৩)
ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৪৯৯(চৰকাৰীঃ৪৪৭+ব্যক্তিগতঃ৫২)
চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ১০০(চৰকাৰীঃ৩৫+ব্যক্তিগতঃ৬৫)
ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহৰ সৈতে ক’ভিড-১৯ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে গ্ৰহণ কৰা পদক্ষেপৰ ফলস্বৰূপে দেশত এই ৰোগৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৪,২৪,৪৩২জনলৈ বৃদ্ধি পাইছে৷
বিগত ২৪ ঘণ্টাত ১৫,৫১৫গৰাকী ক’ভিড-১৯ ৰোগী আৰোগ্য হৈছে৷ ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৬০.৮৬% হৈছে৷
বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত ২,৫৩,২৮৭গৰাকী লোক আক্ৰান্ত অৱস্থাত আছে৷
ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ
https://www.mohfw.gov.in/.technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷
ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷
****
MV/SG/DB