প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৭ জুলাই ২০২০ তাৰিখে ECOSOC ৰ এক উচ্চস্তৰীয় সভাত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 16 JUL 2020 11:26AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৭ জুলাই ২০২০ তাৰিখে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সভাত এই বছৰৰ এক উচ্চস্তৰীয় অধিবেশনত মূল ভাষণ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘত আয়োজিত স্থানীয় সময় পুৱা ৯ বাজি ৩০ মিনিটৰ পৰা ১১ টাৰ ভিতৰত এই সভাত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীৰ উপৰিও এই সভাৰ সমাপ্তি অধিবেশনত নৰৱেৰ প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্ট’নিঅ’ গুটেৰেজেও ভাষণ প্ৰদান কৰিব।

বাৰ্ষিক উচ্চস্তৰীয় এই সভাত চৰকাৰী পক্ষ, বিভিন্ন বেচৰকাৰী ক্ষেত্ৰ, নাগৰিক সমাজ আৰু শিক্ষা প্ৰতিষ্ঠানবোৰৰ শীৰ্ষস্থানীয় প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব। এইবাৰৰ উচ্চস্তৰীয় সভাৰ মূল বিষয়বস্তু হৈছে – ক’ভিড-১৯ ৰ পিছৰ বহুপাক্ষিকতা : ৭৫তম বাৰ্ষিকীত ৰাষ্ট্ৰসংঘৰ প্ৰয়োজন আমাৰ বাবে কেনে।

পৰিবৰ্তিত আন্তৰ্জাতিক পৰিস্থিতি আৰু ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত আয়োজন হ’বলগীয়া এই সভাত বহুপাক্ষিকতা, সুদক্ষ নেতৃত্বৰ মাধ্যমেৰে বিশ্বব্যাপী বিভিন্ন সমস্যাবোৰৰ সমাধান উলিওৱা, আন্তৰ্জাতিক প্ৰতিষ্ঠানবোৰক আৰু অধিক কাৰ্যকৰী কৰি তোলাৰ উপৰিও বিশ্বব্যাপী জনকল্যাণৰ বাবে সকলোবোৰ দেশৰ অংশগ্ৰহণ আৰু বৃদ্ধি কৰা আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ দৰে বিষয়বোৰক লৈ আলোচনা কৰা হ’ব।

২০২১-২২ পৰ্যন্ত নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে বিগত ১৭ জুন তাৰিখএ ভাৰতৰ প্ৰতি বিপুল সমৰ্থনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ বৃহত্তৰ সদস্য দেশবোৰৰ উদ্দেশ্যে প্ৰথমবাৰ নিজৰ মতামত উত্থাপন কৰাৰ সুযোগ লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ ৭৫ তম বাৰ্ষিকীত উচ্চস্তৰীয় ECOSOC অধিবেশনৰ মূল বিষয়বস্তুৰ সৈতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ অগ্ৰাধিকাৰৰ বিষয়বোৰ প্ৰতিফলিত হয়। ভাৰতে ইতিমধ্যেই ক’ভিড-১৯ ৰ পৰৱৰ্তী পৰ্যায়ত বিশ্বত বহুপাক্ষিক সংস্কাৰৰ সমৰ্থনত ইতিমধ্যেই শক্তিশালী প্ৰশ্ন উত্থাপন কৰিছে। ECOSOC – ৰ উদ্বোধনী সভাত সভাপতি (১৯৪৬ চনত শ্ৰী ৰামাস্বামী মুডালিয়েৰ) হিচাপে ভাৰতৰ ভুমিকাৰ বিষয়টোৰো পুনৰাবৃত্তি ঘটিছে ৰাষ্ট্ৰসংঘৰ ৭৫তম প্ৰতিষ্ঠা বাৰ্ষিকীত। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে ECOSOC – ৰ ৭০তম বাৰ্ষিকীত ২০১৬ চনৰ জানুৱাৰী মাহত মূল ভাষণ প্ৰদান কৰিছিল।

 

***

VRRK/SH/AK/RD



(Release ID: 1639257) Visitor Counter : 200