নৌ-পৰিবহন মন্ত্ৰালয়

কেন্দ্ৰীয় জাহাজ পৰিবহণ মন্ত্ৰীয়ে কলকাতা বন্দৰৰ পৰা চাট্টোগ্ৰাম বন্দৰ হৈ আগৰতলালৈ যাত্ৰা কৰিবলগীয়া প্ৰথমখনকণ্টেইনাৰ জাহাজৰ ফ্লেগ অফ কৰে

এয়া হ’ল ভাৰতীয় সামুদ্ৰিক খণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ এক ঐতিহাসিক পদক্ষেপঃ শ্ৰী মান্দাভিয়া

Posted On: 16 JUL 2020 3:27PM by PIB Guwahati

কেন্দ্ৰীয় ৰাজ্যিক জাহাজ পৰিবহণ মন্ত্ৰী শ্ৰী মনসুখ মান্দাভিয়াই আজি এক ভাৰ্চুৱেল অনুষ্ঠানত কলকাতা বন্দৰৰ পৰা বাংলাদেশৰ চাট্টোগ্ৰাম বন্দৰ হৈ আগৰতলালৈ যাত্ৰা কৰিবলগীয়া প্ৰথমখনকণ্টেইনাৰ জাহাজৰ ফ্লেগ অফ কৰে বাংলাদেশৰ চাট্টোগ্ৰাম আৰু মংগলা বন্দৰ ব্যৱহাৰ কৰিবলৈ স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিৰ অধীনত এয়া সম্পন্ন হৈছে।

অনুষ্ঠানত শ্ৰী মনসুখ মান্দাভিয়াই কয় যে এই জল পথে উভয় দেশৰ বাবে সম্ভাৱনাৰ নতুন দোৱাৰ মুকলি কৰি দিব। ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চললৈ বাংলাদেশৰ মাজেৰে এক বিকল্প আৰু চুটি পথৰ সৃষ্টি হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত আৰু বাংলাদেশৰ সামুদ্ৰিক সম্পৰ্কৰ ক্ষেত্ৰত এয়া হ’ব এক নতুন অধ্যায়।

পশ্চিম ত্ৰিপুৰা জিলালৈ টিএমটি ষ্টীলবাৰকঢিওৱা দুখন টিইইউ আৰু অসমৰ কৰিমগঞ্জলৈ দাইল কঢ়িওৱা দুখন টিইইউপৰীক্ষামূলকভাৱে যাত্ৰা কৰিব। চাট্টোগ্ৰামত জাহাজ কেইখন উপস্থিত হোৱাৰ পাছত সামগ্ৰীসমূহ বাংলাদেশী ট্ৰাকেৰে আগৰতলালৈ লৈ যোৱা হ’ব। এই পদক্ষেপে ভাৰত আৰু বাংলাদেশৰ মাজত থকা দীৰ্ঘদিনীয়া সম্পৰ্কক অধিক শক্তিশালী কৰিব।

ইয়াৰ ফলত ভ্ৰমণ দূৰত্ব আৰু সামগ্ৰী পৰিবহণৰ সময় হ্ৰাস হ’ব আৰু দুয়োখন দেশৰ অৰ্থনীতি লাভান্বিত হ’ব। উল্লেখ্য যে ভাৰত আৰু বাংলাদেশে বিগত সময়ছোৱাত জাহাজ পৰিবহণ আৰু আভ্যন্তৰীণ জল বাণিজ্যত সহযোগিতা বৃদ্ধি কৰিছে।

***

YB/AP/JK/MS



(Release ID: 1639097) Visitor Counter : 443