গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে পৰম পূজনীয় সন্ত আচাৰ্য শ্ৰী পুৰুষোত্তমপ্ৰিয়দাসজী স্বামী শ্ৰী মহাৰাজজীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰে

प्रविष्टि तिथि: 16 JUL 2020 1:11PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে মণিনগৰ স্বামীনাৰায়ণ গাদী সংস্থাৰ আচাৰ্য শ্ৰী পুৰুষোত্তমপ্ৰিয়দাসজী স্বামী শ্ৰী মহাৰাজজীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে তেওঁ এজন শ্ৰদ্ধেয় সন্ত আছিল যি লাখ লাখ মানুহক আশীৰ্বাদ আৰু জ্ঞান দি তেওঁলোকৰ জীৱনক এক নতুন দিশ দেখুৱালে

 

নিজৰ টুইটত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কৈছে যে সমাজ কল্যাণৰ প্ৰতি আচাৰ্য শ্ৰী পুৰুষোত্তমপ্ৰিয়দাসজী স্বামী শ্ৰী মহাৰাজজীৰ বিচাৰ, শিক্ষা আৰু নিস্বাৰ্থ যোগদানৰ কোনো সমকক্ষ নাই

 

শ্ৰী অমিত শ্বাহে লগতে কয় যে আচাৰ্য শ্ৰী পুৰুষোত্তমপ্ৰিয়দাসজী স্বামী শ্ৰী মহাৰাজজীৰ জীৱন মূল্য আৰু বিবেকেৰে পৰিপূৰ্ণ আছিল আৰু তেওঁ নিজক সম্পূৰ্ণ ৰূপে মানৱতাৰ সেৱাৰ বাবে সমৰ্পিত কৰিছিল

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে পৰম পূজনীয় সন্তৰ বিয়োগ এক অপূৰণীয় ক্ষতি শ্ৰী অমিত শ্বাহে স্বৰ্গীয় আত্মাৰ শান্তিৰ প্ৰাৰ্থনা কৰি বিশ্বজুৰি তেওঁৰ অনুগামীসকলৰ প্ৰতি গভীৰ সমবেদনা ব্যক্ত কৰে

 

আচাৰ্য শ্ৰী পুৰুষোত্তমপ্ৰিয়দাসজী স্বামী শ্ৰী মহাৰাজজী মণিনগৰ শ্ৰী স্বামীনাৰায়ণ গাদী সংস্থাৰ আধ্যাত্মিক মুৰব্বী আছিল তেওঁ তপস্বী আচাৰ্য বংশাৱলীৰ পঞ্চম আচাৰ্য আৰু শ্ৰী স্বামীনাৰায়ণ গাদীৰ বৰ্তমানৰ আচাৰ্য আছিল

 

******

 

NW/RK/PK/DDD/AD


(रिलीज़ आईडी: 1639086) आगंतुक पटल : 212
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu