প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কেডাৰনাথ ধামৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ

Posted On: 15 JUL 2020 2:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কেডাৰনাথ ধামত অব্যাহত থকা উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে ধামখনিৰ বৈভৱ প্ৰসাৰৰ অৰ্থে বৰ্তমানে গ্ৰহণ কৰি থকা প্ৰচেষ্টা সন্দৰ্ভত বুজ লয়।

ইয়াত তেওঁ কেডাৰনাথ মন্দিৰ আৰু জগতগুৰু আদি শংকৰাচাৰ্যৰ সমাধি স্থলৰ বৈভৱ বৃদ্ধি, স্বচ্ছতা বজাই ৰখা আৰু বিস্তৃত উন্নয়নৰ পোষকতা কৰে। এই পৰ্যালোচনাত গৌৰীকুণ্ড-কেডাৰনাথ পথছোৱাত যাত্ৰীসকলে যাতে সকলো সুবিধাই লাভ কৰিবলৈ সক্ষম হয় আৰু প্ৰযুক্তিৰ জৰিয়তে তীৰ্থক্ষেত্ৰখনিৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্য থূপাই প্ৰদৰ্শনৰ নিমিত্তে ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো পৰামৰ্শ প্ৰদান কৰা যায়।

***

VRRK/AK/SB



(Release ID: 1638875) Visitor Counter : 136