নৌ-পৰিবহন মন্ত্ৰালয়

কলকাতা বন্দৰৰ হলদিয়া ডক কমপ্লেক্সত আধুনিক অগ্নি নিৰ্বাপন ব্যৱস্থাৰ বাবে জাহাজ চলাচল মন্ত্ৰালয়ৰ ১০৭ কোটি টকা অনুমোদন

Posted On: 14 JUL 2020 2:47PM by PIB Guwahati

কেন্দ্ৰীয় জাহাজ চলাচল মন্ত্ৰালয়ৰ স্বাধীন দায়িত্বপ্ৰাপ্ত প্ৰতিমন্ত্ৰী শ্ৰী  মনসুখ মাণ্ডভিয়াই কলকাতা বন্দৰৰ হলদিয়া ডক কমপ্লেক্সৰ পাঁচটা জেটিত অগ্নি নিৰ্বাপন ব্যৱস্থাৰ উন্নয়নত ১০৭ কোটি টকা অনুমোদন জনাইছে

 

অত্যাধুনিক এই ব্যৱস্থাৰ ফলত হলদিয়া ডক কমপ্লেক্সত পেট্ৰ'ৰসায়ন পণ্য উঠোৱা আৰু নমোৱাৰ কাম নিৰাপদে কৰা যাব পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ তৈল শিল্প নিৰ্দেশালয়ৰ নিৰ্দেশনা অনুসৰি ৰন্ধন গেছ (এল পি জি)সহ অন্যান্য পণ্য উঠোৱা বা নমোৱাৰ বাবে যি অগ্নি নিৰ্বাপন ব্যৱস্থাপনা থাকিব লাগে সেয়া এই মুহূৰ্তত হলদিয়া ডক কমপ্লেক্সত নাই জাহাজ চলাচল মন্ত্ৰালয়ে, প্ৰধান প্ৰধান বন্দৰবিলাকত মালবস্তু উঠোৱা বা নমোৱাৰ বাবে নিৰাপত্তাক অগ্ৰাধিকাৰ দিয়ে অগ্নি সুৰক্ষাত আন্তৰ্জাতিক মান গঢ়ি তোলাৰ বাবে মন্ত্ৰালয়ৰ এই প্ৰয়াস

 

হলদিয়া ডকত তৰলীকৃত পেট্ৰ'লিয়াম গেছ আৰু তৰলীকৃত প্ৰাকৃতিক গেছ পৰিবহন অদূৰ ভৱিষ্যতে বঢ়োৱা ' তৈল শিল্প নিৰ্দেশালয়ৰ নিৰ্দেশনা অনুসৰি কলকাতা বন্দৰত পেট্ৰ'ৰসায়নিক পণ্য নিৰাপদে উঠোৱা-নমোৱা কামত অত্যাধুনিক এই অগ্নি 

নিৰ্বাপন ব্যৱস্থা সহায়ক '

******

 

YB/AP/JK



(Release ID: 1638555) Visitor Counter : 149