PIB Headquarters
ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
13 JUL 2020 6:35PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)



ভাৰতত ৫.৫ লক্ষাধিক লোকে আৰোগ্য লাভ কৰিছে; ৰাষ্ট্ৰীয় আৰোগ্য গড় ৬৩.০২%তকৈও ১৯ খন ৰাজ্যৰ আৰোগ্যৰ হাৰ অধিক হৈছে; ৰাষ্ট্ৰীয় মৃত্যু হাৰ ২.৬৪%ৰ তুলনাত ৩০ খন ৰাজ্যৰ মৃত্যুৰ হাৰ নিম্ন হৈছে
বিগত ২৪ ঘণ্টাত ১৮,৮৫০ জন লোকে আৰোগ্য লাভ কৰিছে৷ মুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা হৈছে ৫,৫৩,৪৭০ জন৷ আজি ৬৩.০২%লৈ আৰোগ্যৰ হাৰৰ উত্তৰণৰ হৈছে৷ বিগত ২৪ ঘণ্টাত ২,১৯,১০৩ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ এই পৰ্যন্ত মুঠ ১,১৮,০৬,২৫৬টা নমুনা পৰীক্ষণ কৰা হৈছে৷
অধিক বিৱৰণৰ বাবে
গুগলৰ চিইঅ’ সুন্দৰ পিচাইৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ; ভাৰতত মহামাৰীক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা ভূমিকাক গুগলৰ চিইঅ’ৰ প্ৰশংসা
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং যোগে গুগলৰ চিইঅ’ শ্ৰী সুন্দৰ পিচাইৰ সৈতে বাৰ্তালাপ কৰে৷ মহামাৰী সন্দৰ্ভত সজাগতা প্ৰদানৰ ক্ষেত্ৰত গুগলে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চিইঅ’ গৰাকীয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে বলৱৎ কৰা লকডাউনৰ সিদ্ধান্তই মহামাৰীবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব৷
অধিক বিৱৰণৰ বাবে
তিনিখন বাল্ক ড্ৰাগ পাৰ্ক আৰু চাৰিখন চিকিৎসা সামগ্ৰী পাৰ্কৰ স্থান বাচনিকৰণত ফাৰ্মাচিউটিকেল বিভাগে চূড়ান্ত কৰিলে নিৰ্দেশনাৱলীঃ শ্ৰী গৌড়া
কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই কয় যে ফাৰ্মাচিউটিকেল বিভাগে দেশত আগন্তুক সময়ছোৱাত তিনিখন বাল্ক ড্ৰাগ পাৰ্ক আৰু চাৰিখন চিকিৎসা সামগ্ৰীৰ পাৰ্ক স্থাপনৰ বাবে নিৰ্দেশনাৱলী চূড়ান্ত কৰিছে৷
অধিক বিৱৰণৰ বাবে
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সৈতে বিত্ত আয়োগৰ বৈঠক
পঞ্চদশ বিত্ত আয়োগে আজি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনকে ধৰি মন্ত্ৰালয়ৰ অন্যান্য জেষ্ঠ্য বিষয়ববীয়াৰ সৈতে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ ব্যয় সন্দৰ্ভত বৈঠকত মিলিত হয়৷
অধিক বিৱৰণৰ বাবে
ৰাষ্ট্ৰসংঘৰ উচ্চস্তৰীয় ৰাজনৈতিক মঞ্চত নিটি আয়োগে প্ৰস্তুত কৰিলে ভাৰতৰ দ্বিতীয় স্বেচ্ছামূলক ৰাষ্ট্ৰীয় পৰ্যৱেক্ষণ
নিটি আয়োগে বহনক্ষম বিকাশ, ২০২০ সন্দৰ্ভত ভাৰতৰ দ্বিতীয় স্বেচ্ছামূলক ৰাষ্ট্ৰীয় পৰ্যৱেক্ষণ ৰাষ্ট্ৰসংঘৰ উচ্চস্তৰীয় ৰাজনৈতিক মঞ্চত প্ৰস্তুত কৰে৷ এই পৰ্যৱেক্ষণ উত্থাপন কৰে নিটি আয়োগৰ উপাধ্যক্ষ ড০ ৰাজীৱ কুমাৰে৷
অধিক বিৱৰণৰ বাবে
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়ে ব’ম্বে চেম্বাৰ অব্ কমাৰ্চ ইণ্ডাষ্ট্ৰীৰ ১৮৪তম এজিএমত ভাষণ প্ৰদান কৰে
ক’ভিড-১৯য়ে সমগ্ৰ বিশ্বকে ধৰাশায়ী কৰিলেও ভাৰতীয় জনসাধাৰণ, ব্যৱসায় আৰু উদ্যোগসমূহে এই সংকটৰ সন্মুখত হাৰ মনা নাই আৰু ঐক্যৱদ্ধভাৱে নিৰন্তৰে ইয়াৰ বিৰুদ্ধে যুঁজ দিছে, এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে৷
অধিক বিৱৰণৰ বাবে
অভিযানভিত্তিত ২০৩০ চনৰ ভিতৰত ‘গ্ৰীণ ৰে’লৱে’লৈ পৰিৱৰ্তিত হোৱাৰ পথত ভাৰতীয় ৰে’লৱে (মুঠ কাৰ্বন নিৰ্গমণ শূন্য); ক’ভিডৰ সময়ছোৱাত ৩৬৫ কিলোমিটাৰৰ গুৰুত্বপূৰ্ণ যোগাযোগৰ কাম সম্পূৰ্ণ হৈছে
ৰে’লৱে মন্ত্ৰালয়ে ২০৩০ চনৰ ভিতৰত ভাৰতীয় ৰে’লৱেক সেউজ ৰে’লৱেলৈ পৰিৱৰ্তন কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ এই পৰিপ্ৰেক্ষিতত ৰে’লৱেৰ বৈদ্যুতিকীকৰণ, বায়’ টয়লেট স্থাপন আদিৰ জৰিয়তে ৰে’লৱে বিভাগে সেউজ ৰে’লৱে হোৱাৰ দিশত অগ্ৰসৰ হৈছে৷
অধিক বিৱৰণৰ বাবে
কাট আৰু পলিশ্বড হীৰাৰ পুনৰ আমদানিৰ বাবে ৩ মাহৰ সংবৰ্ধন
ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কাট আৰু পলিশ্বড হীৰাৰ ক্ষেত্ৰত পুনৰ আমদানিৰ বাবে জৰুৰী কেতবোৰ নিৰ্দেশনা সংশোধন কৰিছে৷
এছইআৰ ভাৰত স্কাউট আৰু গাইডে আৰ্তজনক যোগান ধৰিছে খাদ্য
দক্ষিণ পূব ৰে’লৱে (এছইআৰ) ভাৰত স্কাউট আৰু গাইডে ক’ভিড-১৯ৰ সময়ছোৱাত অভাৱীজনক খাদ্যৰ যোগান ধৰি গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হৈছে৷ তেওঁলোকে এই পৰ্যন্ত ৭৬,৮২১ ৰন্ধা আৰু ৩,১৬,০৮৪ শুকান খাদ্যৰ পেকেট বিতৰণৰ কৰিছে৷
অধিক বিৱৰণৰ বাবে
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ
- কেৰালাঃ কালি ৪৩৫ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৩৭৪৩ জন লোকে চিকিৎসাধীন হৈ আছে৷
- তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৩৮,৪৭০ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৬,৯৬৯ জন৷ ১৯৬৬ জনৰ মৃত্যু হৈছে৷
- কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৮,৮৪৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২,৭৪৬ জন৷ মৃত্যু হৈছে ৬৮৪ জনৰ৷
- অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৯,১৬৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,৪২৮ জন৷ মৃত্যুৰ সংখ্যা ৩২৮ জন৷
- তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা ৩৪,৬৭১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ১১,৮৮৩ জন৷ ৩৫৬ জনৰ মৃত্যু হৈছে৷ ২২,৪৮২ জনক মুকলি কৰি দিয়া হৈছে৷
- হাৰিয়ানাঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে ‘মুখ্যমন্ত্ৰীৰ সৈতে যুৱ মন্থন ’ শীৰ্ষক এক ৱেবিনাৰত অংশগ্ৰহণ কৰে৷
- মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৫৪,৪২৭ জন৷ ইয়াৰে ১,৪০,৩২৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
- গুজৰাটঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০,৬১৩ জন৷ মৃত্যুৰ সংখ্যা হৈছে ২০৪৫ জন৷
- ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৪,৩৭০ জন৷ ১৮,১২৩ লোকে আৰোগ্য লাভ কৰিছে৷
- মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৭,৬৩২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪১০৩ জন৷ আৰোগ্য লাভ কৰিছে ১২,৮৭৬ জনে৷
- চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪০৮১ জন৷ আৰোগ্য লাভ কৰিছে ৩১৫৩ জনে৷
- গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৪৫৩ জন৷ ১৪৮৭ জনে আৰোগ্য লাভ কৰিছে৷
- অৰুণাচল প্ৰদেশঃ এই পৰ্যন্ত ৩১,৫২০টা নমুনা সংগ্ৰহ কৰা হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২১৯ জন৷
- অসমঃ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ ৰহমৰীয়াত হোৱা খহনীয়া প্ৰতিৰোধৰ বাবে ২৫ কোটি টকাৰ তিনিটা নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰে৷
- মণিপুৰঃ ইম্ফলৰ ভাৰতীয় ষ্টেট বেংকৰ আঞ্চলিক কাৰ্যালয়ে আজি ৩৫০টা পিপিই আৰু ৩টা ভেণ্টিলেটৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰে৷
- নাগালেণ্ডঃ ক’হিমা জিলা প্ৰশাসনে আপাৰ এজি ক’লনীৰ কিছুমান এলেকা ছীলড জ’ন হিচাপে চিহ্নিত কৰিছে৷
- মিজোৰামঃ মিজোৰামৰ শিক্ষা বৰ্ডে প্ৰৱেশিকা আৰু উচ্চতৰ মাধ্যমিক (কম্পাৰ্টমেণ্টেল) পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰিব৷
- ছিক্কিমঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৫৩ জন৷
ফেক্ট চেক


******
(Release ID: 1638423)
Visitor Counter : 165
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam