স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ পৰা ৫.৩ লাখৰো অধিকে লাভ কৰিছে আৰোগ্য, ২.৯লাখৰ দেহত সক্ৰিয় হৈ আছে ৰোগ

ৰোগাক্ৰান্তৰ সংখ্যাতকৈ আৰোগ্য লাভৰ সংখ্যা ২.৪লাখৰে অধিক

শেহতীয়া ২৪ঘণ্টাত আৰোগ্য লাভ কৰিছে ১৯০০০ গৰাকী লোকে

ৰোগ পৰীক্ষণৰ গড় হাৰ প্ৰতি নিযুতত ৮৩৯৬.৪

Posted On: 12 JUL 2020 3:20PM by PIB Guwahati

ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ, আক্ৰান্তৰ আবদ্ধকৰণ আৰু চিকিত্সা প্ৰবন্ধনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সহযোগিতাৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থালীৰ সু-সমন্বিত প্ৰয়াসৰ সুবাদত আৰোগ্য আৰু আক্ৰান্তৰ মাজৰ ব্যৱধান দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। শেহতীয়া ২৪ ঘণ্টাত দেশত মুঠ ১৯,২৩৫গৰাকী লোকে আৰোগ্য লাভ কৰিছে। ইয়াকে ধৰি এই পৰ্যন্ত দেশত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৫,৩৪,৬২০গৰাকী হৈছেগৈ। শেহতীয়া হিচাপত আৰোগ্যৰ হাৰ ৬২.৯৩শতাংশ।

আজিৰ তাৰিখত দেশত আক্ৰান্ত ৰোগীৰ সংখ্যাতকৈ আৰোগ্যৰ সংখ্যাৰ ব্যৱধান ২,৪২,৩৬২গৰাকী হৈছেগৈ। ইফালে, এই মুহূৰ্তত দেশত ২,৯২,২৫৮গৰাকী কভিড আক্ৰান্ত লোক বিভিন্ন চিকিত্সালয়ত চিকিত্সাধীন হৈ আছে।

ভিড-১৯ আক্ৰান্ত ৰোগীক চিকিত্সা প্ৰদান কৰাৰ বাবে দেশত সৃষ্টি কৰা আন্তঃগাঁথনিৰ শেহতীয়া স্থিতি হল- কভিড-১৯ ৰোগীৰ বাবে সম্পূৰ্ণভাবে উত্সৰ্গিত হাস্পটালৰ সংখ্যা ১৩৭০খন, কভিড উত্সৰ্গিত স্বাস্থ্যকেন্দ্ৰ ৩০৬২টা আৰু কভিড শুশ্ৰূষা কেন্দ্ৰ হল ১০,৩৩৪টা।

ভিড আক্ৰান্তৰ শুশ্ৰূষা নিয়াৰিকৈ কৰিব পৰাকৈ বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে দেশৰ ভিন্ন প্ৰান্তত থকা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানসমূহলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই পৰ্যন্ত আগবঢ়োৱা হৈছে ১২২.৩৬লাখ পিপিই কিট, ২২৩.৩৩লাখ এন৯৫মাস্ক আৰু ২১,৬৮৫টা ভেণ্টিলেটৰ।

পৰীক্ষণ, অনুসন্ধান আৰু চিকিত্সা প্ৰদান-ৰ কৌশল অৱলম্বন কৰি অব্যাহত ৰখা অভিযানৰ সুবাদত দেশত নমুনা পৰীক্ষণৰ সামগ্ৰিক সামৰ্থ্য দ্ৰুত গতিত বৃদ্ধি পোৱাৰ লগতে আজি পৰ্যন্ত ১,১৫,৮৭,১৫৩টা নমুনাৰ পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছে।

যোৱা ২৪ ঘণ্টাত মুঠ ২,৮০,১৫১টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াকে ধৰি এই পৰ্যন্ত দেশত মুঠ প্ৰতি নিযুত লোকৰ বিপৰীতে গড়ে ৮৩৯৬.৪ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।

আজিৰ তাৰিখত দেশত ১১৯৪টা পৰীক্ষাগাৰৰ এক শৃংখল গঢ়ি তোলা হৈছে। ইয়াৰে ৮৫০টা চৰকাৰীখণ্ডত স্থাপনৰ বিপৰীতে ৩৪৪টা পৰীক্ষাগাৰ স্থাপিত হৈছে ব্যক্তিগত খণ্ডত। পৰীক্ষাগাৰসমূহৰ বিস্তৃত বিৱৰণ তলত উল্লেখ কৰা ধৰণৰ:

ৰিয়েল টাইম আৰটি পিচিআৰ পৰীক্ষণ পৰীক্ষাগাৰ- ৬২৪টা(চৰকাৰী-৩৮৮টা+ব্যক্তিগত খণ্ডত-২৩৬টা)

ট্ৰুনাট ভিত্তিক পৰীক্ষাগাৰ- ৪৭২টা(চৰকাৰী-৪২৭টা+ব্যক্তিগত-৪৫টা)

চিবিনাট ভিত্তিক পৰীক্ষাগাৰ- ৯৮টা (চৰকাৰী-৩৫টা+ব্যক্তিগত-৬৩টা)

ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।

কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .

অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

****

MV/KB



(Release ID: 1638185) Visitor Counter : 142