উপ-ৰাষ্ট্ৰপতি সচিবালয়

স্থপতিবিদসকলক সেউজ আৰু বহনক্ষম স্থাপত্য নির্মাণৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

পৰৱৰ্তী ভৱন নিৰ্মাণ প্ৰকল্পত নবীকৰণযোগ্য শক্তি ব্যৱহাৰ বৃদ্ধি কৰকঃ উপ-ৰাষ্ট্ৰপতি

ফেশ্যনতকৈ আৰাম আৰু নিৰাপত্তাত অধিক গুৰুত্ব দিয়কঃ উপ-ৰাষ্ট্ৰপতি

সংস্কৃতি সংৰক্ষণ আৰু নিয়োগ সৃষ্টি হোৱাকৈ স্মাৰ্ট চিটী প্ৰকল্পসমূহত স্থানীয় শিল্পী আৰু কাৰিকৰসকলক জড়িত কৰাৰ আহ্বান

ভাৰতৰ স্থপতিবিদসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত অলনাইনযোগে ভাষণ আগবঢ়ালে উপ-ৰাষ্ট্ৰপতিয়ে

Posted On: 11 JUL 2020 12:19PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে আজি দেশৰ স্থপতিবিদসকলক সেউজ স্থাপত্য নির্মাণ আৰু প্ৰচাৰৰ আহ্বান জনায়৷ তেওঁ কয় যে অনাগত দিনত আবাস প্ৰকল্পসমূহত নবীকৰণ শক্তিৰ যেনে সৌৰ শক্তিৰ ব্যৱহাৰৰ সম্পর্কে ব্যাপক প্ৰচাৰ কৰা উচিত৷

ভাৰতৰ স্থপতিবিদসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ আইআইএ নেটকন ২০২০-ট্ৰান্সচেণ্ড শীৰ্ষক উদ্বোধনী অনুষ্ঠান আগবঢ়োৱা ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে যিকোনো আন্তঃগাঁথনিৰ মাজত নান্দনিকতা আৰু বহনক্ষম বোধ-এই দুয়োটাৰে ভাৰসাম্য ৰখাটো প্ৰয়োজন৷

সিন্ধু সভ্যতাৰ পৰা আধুনিক যুগত কোনাৰ্কৰ সূর্য মন্দিৰ নির্মাণলৈকে ভাৰতীয় স্থাপত্যৰ বিৱর্তনৰ কথা স্মৰণ কৰি নাইডুয়ে কয় যে আমাৰ দেশত বহু স্মৃতিসৌধ আছে, য’ত কাৰিকৰসকলে স্থানীয় উপকৰণ আৰু কৌশল ব্যৱহাৰ কৰি সেইবোৰ নির্মাণ কৰিছিল৷ তেওঁ স্থপতিবিদসকলক যিকোনো সভ্যতাৰ অন্যতম সফল ৰূপকাৰ হিচাপে আখ্যা দিয়ে৷

আত্মনির্ভৰশীলতা, সুস্থিতিৰতা আৰু অন্তর্ভুক্তিমূলক স্থাপত্য নির্মাণৰ আহ্বান জনাই উপ-ৰাষ্ট্ৰপতিয়ে পেশাদাৰী স্থপতিবিদসকলক ভাৰতত বিভিন্ন স্থাপত্যৰ পৰা অনুপ্রাণিত হোৱাৰ আহ্বান জনায়৷ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে পৰিৱেশ-অনুকূল তথা প্ৰয়োজনীয় পৰিৱেশৰ সৈতে খাপ-খোৱাকৈ সর্বোত্তম উপযোগী নক্সা আৰু ধাৰণাসমূহ অৱলম্বন কৰি উত্তৰাধিকাৰীসকলক আগুৱাই নিবলৈ কয়৷

স্মার্ট চিটী আৰু সকলোৰে বাবে গৃহৰ দৰে চৰকাৰৰ আঁচনিৰ প্ৰশংসা কৰি উপ-ৰাষ্ট্ৰপতিয়ে এই প্ৰকল্পসমূহে নিজ নিজ অঞ্চলৰ সংস্কৃতি আৰু ঐতিহ্যক তুলি ধৰাৰ আহ্বান জনায়৷ ইয়াৰ সমান্তৰালভাৱে এই প্ৰকল্পসমূহত স্থানীয় শিল্পী আৰু কাৰিকৰসকলক জড়িত কৰাৰ আহ্বান জনায়৷ শ্রী নাইডুয়ে কয় যে ইয়াৰ জৰিয়তে কেৱল সেই ঠাইখনৰ সংস্কৃতিৰ চমু আভাস দিয়াই নহয় বৰঞ্চ কামৰ মাধ্যমেৰে দেশৰ সংস্কৃতিক ৰক্ষা কৰাৰ যুঁজতো কাৰিকৰসকলক সাহ যোগাব আৰু কর্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব৷

উপ-ৰাষ্ট্ৰপতিয়ে লগতে কয় যে স্থপতিবিদসকলে নতুন প্ৰকল্প নিৰ্মাণ কৰাৰ সময়ত স্থানীয় লোকসকলৰ মতামত আৰু পৰামর্শ লোৱা প্ৰয়োজন। ইয়াৰ ফলত এই ৰাষ্ট্ৰীয় প্ৰকল্পসমূহত স্থানীয় লোকৰ প্ৰয়োজনৰ সৈতে সামঞ্জস্য ৰক্ষা হয়৷ তেওঁ স্থপতিবিদসকলক যিকোনো পৰিকাঠামোৰ নক্সা গঢ়াৰ সময়ত সকলো দিশ বিচাৰ-বিবেচনা কৰাৰ অনুৰোধ জনায়৷

উপ-ৰাষ্ট্ৰপতিয়ে কয় যে নতুন ভৱন নির্মাণৰ সময় ভৱনটোৰ ছাঁদত সৌৰ পেনেল স্থাপন আৰু বৰষুণৰ পানী সংগ্ৰহ কৰাটো বাধ্যতামূলক কৰাৰ বাবে দেশজুৰি পৌৰ সংস্থাসমূহ আগুৱাই আহিব লাগিব৷ ধাৰাসাৰ বৰষুণৰ সময়ত চহৰত কৃত্ৰিম বানৰ কথা উল্লেখ কৰি তেওঁ চহৰাঞ্চলত পানী নিষ্কাষনৰ বাবে কার্যকৰী নক্সা প্ৰস্তুত কৰাৰ আহ্বান জনায়৷

ক্ৰমৱর্ধমান জনসংখ্যাৰ দিশৰ পৰা চাবলৈ গ’লে আৰু আবাসীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে নতুন আন্তঃগাঁথনি নিৰ্মাণৰ বাবে পুৰণি আবাস ভাঙি পোলোৱাৰ প্ৰয়োজন নাই৷

জনসাধাৰণৰ স্বাস্থ্য আৰু জীৱিকাৰ ওপৰত ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে যিবোৰ স্থানত অনিয়মীয়া কামৰ কাৰণে নিমাণ ক্ষেত্ৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, তাত স্থপতিবিদসকলক এই সমস্যা মোকাবিলা কৰিবলৈ আগুৱাই আহিব লাগিব৷ তেওঁ কয় যে মহামাৰী আৰু ইয়াৰ পাছৰ পৰিস্থিতি মোকাবিলা কৰি সমাধানৰ পথ বিচাৰি উলিওৱা প্ৰয়োজন৷.

****

VRRK/MS/MSY/DP/DB



(Release ID: 1638119) Visitor Counter : 174