স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

স্বল্প আৰু তুলনামূলকভাৱে বেছি আক্ৰান্ত কোভিড-১৯ ৰোগীসকলৰ বাবে আপদকালীন ভিত্তিত আইটোলিজুমাব ঔষধৰ সীমিত ব্যৱহাৰৰ অনুমতি দিছে ডিচিজিআইয়ে

Posted On: 11 JUL 2020 12:22PM by PIB Guwahati

আইটোলিজুমাব এক ধৰণৰ মনোটোনেল এণ্টিবডী যি জটিল প্লাক ছোৰিয়াছিছ চিকিৎসাৰ ক্ষেত্ৰত ইতিমধ্যেই অনুমোদিত হৈছে। বৰ্তমান এই ঔষধবিধক ড্ৰাগছ কণ্ট্ৰ'লাৰ জেনেৰেল অফ ইণ্ডিয়াৰ (ডিচিজিআই) ফালৰ পৰা চিকিৎসা সংক্ৰান্তীয় পৰীক্ষা-নিৰিক্ষাৰ তথ্যৰ ভিত্তিত আপদকালীন পৰিস্থিতিত সীমিত ব্যৱহাৰৰ অনুমতি দিয়া হৈছে।

 

মেছাৰ্ছ বায়'কনে ২০১৩ চনৰ পৰা 'আলজুমাব' ব্ৰেণ্ডৰ আওতাত স্বল্প আক্ৰান্ত প্লাক ছোৰিয়াছিছ ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত এই ঔষধবিধৰ উৎপাদন আৰু বিপণন কৰি আহিছে। সম্পূৰ্ণ দেশীয় পদ্ধতিত প্ৰস্তুত কৰা এই ঔষধবিধক এতিয়া কোভিড-১৯ৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হ'ব।

 

মেছাৰ্ছ বায়'কনে কোভিড-১৯ আক্ৰান্ত ৰোগীসকলৰ ওপৰত এই ঔষধবিধৰ পৰীক্ষা-নিৰিক্ষাৰ দ্বিতীয় পৰ্যায়ৰ ফলাফল ডিচিজিআইক দিছে। ঔষধ নিৰ্মাতা সংস্থাটোৰ তৰফৰ পৰা পোৱা ফলাফলক লৈ বিশদ আলাপ-আলোচনাৰ পিছত ডিচিজিআইৰ বিশেষজ্ঞ কমিটীয়ে এই ঔষধবিধ কোভিড-১৯ ৰোগীসকলৰ ক্ষেত্ৰত আপদকালীন ভিত্তিত সীমিত ব্যৱহাৰৰ অনুমতি দিছে।

 

সেই কমিটীৰ বিশদ আলাপ-আলোচনা আৰু পৰামৰ্শবিলাক বিবেচনাত ৰাখি ডিচিজিআইয়ে মেছাৰ্ছ বায়'কন সংস্থাই প্ৰস্তুত কৰা আইটোলিজুমাব ঔষধবিধ আপদকালীন ভিত্তিত সীমিত ব্যৱহাৰৰ আওতাত বিপণনৰ অনুমতি দিছে। এই ঔষধবিধ কোভিড-১৯ আক্ৰান্ত ৰোগীসকলৰ স্বল্পৰ পৰা জটিল শ্বাসকষ্টজনিত সমস্যাৰ লক্ষণে দেখা দিলে ব্যৱহাৰৰ অনুমতি দিয়া হৈছে। অৱশ্যে, ব্যৱহাৰৰ পূৰ্বে সংশ্লিষ্ট ৰোগীৰ শাৰীৰিক অৱস্থাৰ বিষয়টোও বিবেচনা কৰাৰ কথা কোৱা হৈছে। আনকি, ঔষধবিধৰ প্ৰয়োগ কেৱল হাস্পতালতে সীমাবদ্ধ ৰখা হৈছে।

 

সম্পূৰ্ণ দেশীয় পদ্ধতিত প্ৰস্তুত কৰা এই ঔষধৰ বাবত খৰচ অন্যান্য ঔষধৰ তুলনাত বহু কম। বিশেষকৈ যিবিলাক কোভিড-১৯ সংক্ৰান্তীয় ক্লিনিকেল মেনেজমেন্ট প্ৰট'কলৰ আওতাত ইনভেষ্টিগেচনেল থেৰাপি হিচাপে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ফালৰ পৰা উল্লেখ কৰা হৈছে।

******

 

MV



(Release ID: 1638052) Visitor Counter : 243