প্ৰতিৰক্ষা মন্ত্ৰালয়

২৫ বছৰ বসয়ৰ পাছতো ইচিএইচএছৰ সুবিধা লাভ কৰিব অবিবাহিত দিব্যাংগ পুত্ৰ সন্তানে

Posted On: 08 JUL 2020 12:52PM by PIB Guwahati

বিগত সময়ছোৱাত ইচিএইচএছ আঁচনিৰ হিতাধিকাৰীসকলক অবিবাহিত, সম্পূর্ণ দিব্যাংগ অথবা আর্থিকভাবে নির্ভৰশীল পুত্ৰ সন্তানে প্ৰাক্তন সেনা কৰ্মচাৰীৰ বৰঙণিমূলক স্বাস্থ্য আঁচনি(ইচিএইচএছ)ৰ সুবিধা ২৫ বছৰ বয়সলৈকে পাইছিল৷ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ (চিজিএইচএছ)ৰ নিয়ম অনুসৰি ইচিএইচএছৰ নিয়ম মানি চলা হৈছিল৷ কিন্তু ১ জানুৱাৰী, ২০২০ৰ এক নির্দেশনা অনুসৰি চিজিএইচএছে ঘোষণা কৰিছে যে তেওঁলোকৰ যিসকল হিতাধিকাৰীৰ পুত্ৰ সন্তান বিশেষভাৱে সক্ষম, অবিবাহিত তথা আর্থিকভাৱে নির্ভৰশীল সেইসকলে ২৫ বছৰৰ পাছতো সেই সুবিধা লাভ কৰিব৷ এই বিষয়ত ৪-২৪/৯৬-চিএণ্ডপি/চিজিএইচএছ(পি)/ইএইচএছ নং চৰকাৰী নির্দেশত কোৱা হৈছে যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নির্দিষ্ট নিয়ম অনুসৰি ২৫ বছৰৰ পাছতো এইসকল সন্তানে সেই আঁচনিৰ সুবিধা লাভ কৰিব৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্রাক্তন সেনা কৰ্মচাৰী কল্যাণ বিভাগে সিদ্ধান্ত লৈছে যে ইচিএইচএছৰ হিতাধিকাৰীসকলৰ অবিবাহিত, সম্পূর্ণ দিব্যাংগ আৰু আর্থিকভাৱে নির্ভৰ পুত্ৰ সন্তানসকলেও ২৫ বছৰ বয়সৰ পাছতো চিজিএইচএছৰ দৰেই এই আঁচনিৰ সুবিধা লাভ কৰিব৷ স্বাস্থ আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নির্দিষ্ট নিয়ম অনুসৰি এই ব্যৱস্থা কার্যকৰী হ’ব৷

***

 

ABB/Nampi/KA/DK/Savvy/ADA/DB



(Release ID: 1637618) Visitor Counter : 181