কেবিনেট

‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ সম্প্ৰসাৰণ আৰু জুলাইৰ পৰা নৱেম্বৰ, ২০২০লৈ পাঁচমাহৰ বাবে খাদ্য-দ্ৰব্য আবণ্টনৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন

Posted On: 08 JUL 2020 4:21PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট সভাই কভিড-১৯ প্ৰবন্ধনৰ বাবে চলোৱা অৰ্থনৈতিক সকাহ অভিযানৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা(পিএমজিকেএওৱাই)ৰ সম্প্ৰসাৰণ আৰু অতিৰিক্তভাবে জুলাইৰ পৰা নৱেম্বৰ, ২০২০লৈ পাঁচমাহৰ বাবে কেন্দ্ৰীয় ভাণ্ডাৰৰ পৰা খাদ্য-দ্ৰব্য আবণ্টনৰ প্ৰস্তাৱলৈ আনুষ্ঠানিকভাবে অনুমোদন জনাইছে।

ভিড-১৯য়ে দেশ জুৰি সৃষ্টি কৰা সংকটৰ সময়ত দুখীয়া-দৰিদ্ৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চলিত বছৰৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা(পিএমজিকেএওৱাই) ঘোষণা কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩য়ে সামৰি লোৱা প্ৰায় ৮১কোটি হিতাধিকাৰীৰ প্ৰতিগৰাকীকে তিনিমাহৰ বাবে অৰ্থাত এপ্ৰিল, মে, আৰু জুন মাহৰ প্ৰতি মাহে ৫কিলোগ্ৰাম চাউল অথবা ঘেহু বিনামূলীয়াকৈ যোগান ধৰাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছিল। সংকটৰ সময়ত চৰকাৰে আগবঢ়োৱা এই সাহায্যই দেশৰ দুখীয়া-দৰিদ্ৰ ৰাইজক বাৰুকৈয়ে সকাহ দান কৰিছিল।

দেশত অব্যাহত থকা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তি সময়তো দুখীয়া-পীড়িতক সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি পিএমজিকেএওৱাই আঁচনিখন অতিৰিক্ত ভাবে অহা পাঁচোটা মাহ অৰ্থাত জুলাই মাহৰ পৰা নৱেম্বৰ, ২০২০লৈ সম্প্ৰসাৰিত কৰাৰ সিদ্ধন্ত গ্ৰহণ কৰে চৰকাৰে।  

নৱেম্বৰ ২০২০ পৰ্যন্ত অব্যাহত থাকিবলগীয়া আঁচনিখনৰ পৰিপ্ৰেক্ষিতত দেশত খাদ্যদ্ৰব্যৰ বিতৰণ কাৰ্যক্ৰম ব্যাপক হাৰত অব্যাহত থাকিব। দেশজুৰি চলিবলগীয়া খাদ্যদ্ৰব্যৰ এই বিতৰণ কাৰ্যক্ৰমৰ বাবে অতিৰিক্ত ভাবে ৭৬,০৬২কোটি টকাৰ ব্যয় বহণ কৰিব লাগিব।

 

*************

VRRK/SH/KB



(Release ID: 1637323) Visitor Counter : 220