স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

আহমেদাবাদত ধনভাণ্ট্ৰী ৰথেৰে নন-ক’ভিড স্বাস্থ্যসেৱা জনসাধাৰণৰ দুৱাৰমুখলৈ লৈ যোৱা হৈছে

Posted On: 04 JUL 2020 2:07PM by PIB Guwahati

ভিড-১৯ মহামাৰীৰ সময়ছোৱাত কভিড ৰোগীসকলক অধিক প্ৰাধান্য দিয়া হৈছে যদিও সকলো  ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত নন-কভিড অত্যাৱশ্যকীয় সেৱাসমূহৰ ওপৰতো সমানে গুৰুত্ব দিয়া হৈছে। এই ক্ষেত্ৰত আহমেদাবাদ পৌৰ নিগমে ধনভাণ্ট্ৰী ৰথ নামেৰে এখন ভ্ৰাম্যমান বাহনেৰে এক অনন্য আৰু উদ্ভাৱনীমূলক উদাহৰণ দাঙি ধৰিছে। এই বাহনৰ সহায়ত তেওঁলোকে চহৰখনত নন-কভিড অত্যাৱশ্যকীয় স্বাস্থ্যসেৱা আগবঢ়াইছে। চহৰখনৰ বহুকেইখন ডাঙৰ চিকিৎসালয় কভিড-১৯ৰ চিকিৎসাৰ বাবে নিয়োজিত হৈ থকাৰ বাবে অন্যান্য অত্যাৱশ্যকীয় নন-কভিড সেৱা যেনে, মধুমেহ, উচ্চ ৰক্তচাঁপ, হৃদৰোগ আদিৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ হাতত লোৱা হৈছে।

আহমেদাবাদ পৌৰ নিগমে  হাতত লোৱা এটা বৃহৎ পৰিসৰৰ সিদ্ধান্ত হল ধনভাণ্ট্ৰী ৰথ নামৰ ভ্ৰাম্যমান মেডিকেল বাহন। এই বাহনত এগৰাকী আয়ুস চিকিৎসক, চিকিৎসা সহযোগী আৰু নাৰ্ছৰ সৈতে স্থানীয়  চিকিৎসা বিষয়া উপস্থিত থাকে। এই বাহনখনে চহৰখনৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰিছে আৰু নন- কভিড অত্যাৱশ্যকীয় স্বাস্থ্যসেৱা আগবঢ়াইছে। মোবাইল বাহনখনে সকলো অত্যাৱশ্যকীয় ঔষধ আৰু টেষ্টিং সা-সজুলি লগত লৈ ফুৰিছে।

আহমেদাবাদ পৌৰ নিগমে ১২০খন ধনভাণ্ট্ৰী ৰথ সমগ্ৰ চহৰখনত সঞ্চালিত কৰিছে। এতিয়ালৈকে এই বাহনে ৪.২৭ লাখ অপিডি পৰামৰ্শ আগবঢ়াইছে। ই ২০,১৪৩গৰাকী ৰোগীক জ্বৰ, ৭৪,০৪৮গৰাকী ৰোগীক ছৰ্দি, কাঁহৰ পৰা সুস্থ কৰি তুলিছে।

বাৰিষা বতৰৰ প্ৰতি লক্ষ্য ৰাখি ১৫জুন,২০২০ৰ পৰা ভ্ৰাম্যমান চিকিৎসা বাহনখনে মেলেৰিয়া আৰু ডেংগু টেষ্টকো সাঙুৰি লৈছে।  

***********

MV/SG/MS



(Release ID: 1636680) Visitor Counter : 240