সাংস্কৃতিক মন্ত্ৰালয়
কেন্দ্ৰীয়ভাৱে সংৰক্ষিত সকলো কীৰ্তিস্তম্ভ ৬জুলাই,২০২০ৰ পৰা পুনৰ মুকলি কৰা হ’বঃ শ্ৰী প্ৰহ্লাদ সিং পেটেল
ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ উপাসনাস্থলীকে ধৰি প্ৰায় ৮২০টা কেন্দ্ৰীয়ভাৱে সংৰক্ষিত কীৰ্তিস্তম্ভ ইতিমধ্যে ৮জুনৰ পৰা মুকলি হৈছে
Posted On:
03 JUL 2020 4:49PM by PIB Guwahati
কেন্দ্ৰীয় ৰাজ্যিক সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী(স্বতন্ত্ৰ) শ্ৰী প্ৰহ্লাদ সিং পেটেলে ঘোষণা কৰিছে যে সাংস্কৃতিক মন্ত্ৰালয় আৰু ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে সকলো সুৰক্ষাজনিত নীতি-নিৰ্দেশনা পালন কৰি অহা ৬জুলাই,২০২০ৰ পৰা কেন্দ্ৰীয়ভাৱে সংৰক্ষিত সকলো কীৰ্তিস্তম্ভ মুকলি কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ কয় যে সেইসমূহ কাৰ্তিস্তম্ভ/সংগ্ৰহালয়হে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব, যিবোৰ নন-ক’ণ্টেইনমেণ্ট জ’নৰ ভিতৰত আছে। কেন্দ্ৰীয়ভাৱে সংৰক্ষিত সকলো কীৰ্তিস্তম্ভ আৰু উপাসনাস্থলীয়ে গৃহ মন্ত্ৰালয় আৰু স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা ছেনিটাইজেচন, সামাজিক দূৰত্ব আৰু অন্যান্য স্বাস্থ্যজনিত প্ৰট’কল পালন কৰিব লাগিব। ৰাজ্য আৰু জিলা প্ৰশাসনে কোনো বিশেষ নিৰ্দেশ জাৰি কৰিলে, সেয়াও কঠোৰভাৱে পালন কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
উল্লেখ্য যে, কোভিড-১৯ মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ বাবে এই কীৰ্তিস্তম্ভসমূহ বন্ধ হৈ আছে। মুঠ ৩৬৯১টা কেন্দ্ৰীয়ভাৱে সংৰক্ষিত কীৰ্তিস্তম্ভ ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ অধীনত আছে আৰু ইয়াৰে ৮২০ টা কীৰ্তিস্তম্ভ আৰু উপাসনাস্থলী ৮জুন,২০২০ৰ পৰা মুকলি হৈছে।
কেন্দ্ৰীয়ভাৱে সংৰক্ষিত কীৰ্তিস্তম্ভসমূহ মুকলি কৰিবলৈ ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে জাৰি কৰা এছঅ’পিৰ বাবে এই লিংকত ক্লিক কৰকঃ
দৰ্শনাৰ্থীৰ বাবে জাৰি কৰা নীতি-নিৰ্দেশনাৰ বাবে ইয়াত ক্লিক কৰক।
*******
NB/AKJ/OA/MS
(Release ID: 1636343)