প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লেহ হাস্পতালত আহত সৈনিকৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ কথা-বতৰাৰ পাঠ
পোষ্ট কৰা হৈছে:
03 JUL 2020 8:23PM by PIB Guwahati
বন্ধুসকল,
মই আজি আপোনালোক সকলোকে নমন কৰিবলৈ আহিছো।
কিয়নো যি বীৰত্বৰে যুদ্ধত যুঁজ দিছে, মই কেইদিনমান আগতেও কৈছিলো যে যিসকল বীৰে আমাক এৰি থৈ গুচি গ'ল, সেইসকলো এনেয়ে যোৱা নাই। আপোনালোক সকলো লগ হৈ কঠোৰ প্ৰত্যুত্তৰ দিলে। হয়তো আপোনালোক আহত, হাস্পতালত আছে, সেইবাবেই হয়তো আপোনালোকে অনুমান কৰিব পৰা নাই। কিন্তু ১৩০ কোটি দেশবাসীয়ে আপোনালোকৰ প্ৰতি বহুত গৌৰৱ অনুভৱ কৰে। আপোনালোকৰ এই সাহস, সৌৰ্যই সম্পূৰ্ণ নতুন প্ৰজন্মক প্ৰেৰণা দিছে আৰু সেয়ে আপোনালোকৰ এই পৰাক্ৰম, আপোনালোকৰ এই সৌৰ্য আৰু আপোনালোকে যি কৰিছে সেয়া আমাৰ যুৱ প্ৰজন্মক, আমাৰ দেশবাসীক অনাগত দীৰ্ঘ সময় ধৰি প্ৰেৰণা দি থাকিব। আৰু আজি যি বিশ্বৰ স্থিতি, যেতিয়া এই বাৰ্তা যায় যে ভাৰতৰ বীৰ জোৱানে এই পৰাক্ৰম দেখুৱাইছে যে, এনে শক্তিৰ সন্মুখত দেখুৱাইছে, তেতিয়া বিশ্বয়ো জানিবলৈ অত্যন্ত উৎসুক হৈ পৰে যে সেই নজোৱান কোন। তেওঁৰ প্ৰশিক্ষণ কি, তেওঁৰ ত্যাগ কিমান উচ্চ। তেওঁৰ কমিটমেণ্ট কিমান সুন্দৰ। আজি সমগ্ৰ বিশ্বই আপোনালোকৰ পৰাক্ৰমৰ এনালাইচিছ কৰি আছে।
মই আজি কেৱল আপোনালোকক প্ৰণাম কৰিবলৈ আহিছো। আপোনালোকক স্পৰ্শ কৰি, আপোনালোকক চাই এটা শক্তি লৈ গৈ আছো, এটা প্ৰেৰণা লৈ গৈ আছো। আৰু আমাৰ ভাৰত আত্মনিৰ্ভৰ হওক, পৃথিৱীৰ কোনো শক্তিৰ সন্মুখত কেতিয়াও মূৰ দোঁওৱা নাই, কেতিয়াও মূৰ নোদোঁৱায়।
আপোনালোকৰ দৰে বীৰ পৰাক্ৰমী বন্ধুসকলৰ বাবেই মই এই কথা ক'ব পাৰিছো। মই আপোনালোকক তো প্ৰণাম কৰিছোৱেই, আপোনালোকক জন্ম দিয়া আপোনালোকৰ বীৰ মাতৃসকলকো প্ৰণাম কৰিছো। শতঃ শতঃ নমন কৰিছো সেই মাতৃসকলক, যিসকলে আপোনালোকৰ দৰে বীৰ যোদ্ধাক জন্ম দিলে, ডাঙৰ-দীঘল কৰিলে, লালন-পালন কৰিলে আৰু দেশৰ বাবে দি দিলে। সেই মাতৃসকলক লৈ যিমানেই গৌৰৱ নকৰো, তেওঁলোকক যিমানেই শিৰ নত কৰি নমন নকৰো, সিমানেই কম।
আকৌ এবাৰ বন্ধুসকল, আপোনালোক অতি সোনকালে ভাল হওক, স্বাস্থ্য লাভ হওক, আৰু পুনঃ সংযম, পুনঃ সহযোগ, এই ভাবনাৰে আহক আমি সকলোৱে মিলি আগবাঢ়ি যাওঁ।
ধন্যবাদ বন্ধুসকল।
******
VRRK/SH/NS
(ৰিলিজ আই ডি : 1636292)
অতিথি কক্ষ : 223
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam