স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা ৰাজ্যসমূহক ২ কোটিৰো অধিক এন৯৫ মাস্ক আৰু ১ কোটিৰো অধিক পিপিই বিনামূল্যে বিতৰণ

Posted On: 03 JUL 2020 12:37PM by PIB Guwahati

ভিড-১৯ ক প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ইয়াৰে মোকাবিলা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে কেন্দ্ৰীয় চৰকাৰে নিৰলসভাৱে কাম কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ মুখ্য ভূমিকাই মহামাৰীটোৰ বিৰুদ্ধে যুঁজ দিবলৈ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰি তুলিছে।

ভিড-১৯ ৰ যোদ্ধাসকলক সাহস যোগাবলৈ, কেন্দ্ৰই তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰ অংশহিচাপে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ বিনামূলীয়াভাৱে চিকিৎসা প্ৰণালীত ব্যৱহৃত সা-সৰঞ্জাম যোগান ধৰি আহিছে। আৰম্ভণিতে ভাৰত চৰকাৰ (GoI)ৰদ্বাৰা যোগান ধৰা বহু ধৰণৰ এনে সা-সামগ্ৰীয়েই দেশত প্ৰস্তুত কৰা হোৱা নাছিল আৰু মহামাৰীটোৰ পৰিপ্ৰেক্ষিতত এইসমূহৰ এটা বিশ্বব্যাপী চাহিদা সৃষ্টি হোৱাৰ ফলত বিদেশৰ বজাৰসমূহতো ইয়াৰ উপলব্ধতাক লৈ সংশয়ৰ সৃষ্টি হৈছিল।

তথাপিতো, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW), বস্ত্ৰ মন্ত্ৰণালয়, ফাৰ্মাচিউটিকেল মন্ত্ৰণালয়, উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰোৎসাহন বিভাগ (DPIIT), প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO) আৰু আন আন মন্ত্ৰণালয় আৰু বিভাগসমূহৰ উমৈহতীয়া প্ৰচেষ্টাত, এই সময়ছোৱাত পিপিই, এন৯৫ মাস্ক, ভেন্টিলেটৰ ইত্যাদিৰ দৰে অতি আৱশ্যকীয় চিকিৎসা সা-সৰঞ্জামসমূহৰ প্ৰস্তুত আৰু যোগান ধৰিবলৈ ঘৰুৱা উদ্যোগসমূহক উৎসাহ যোগোৱা হয়। ইয়াৰ ফলশ্ৰুতিত তথা আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়াৰ সংকল্প দৃঢ় হৈ পৰাত ভাৰত চৰকাৰৰদ্বাৰা ঘৰুৱাভাৱে প্ৰস্তুত সা-সৰঞ্জামৰ যোগান বৃদ্ধি পাবলৈ ধৰে।

১ এপ্ৰিল, ২০২০ ৰপৰা, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহক কেন্দ্ৰই বিনামূলীয়াভাৱে ২.০২ কোটিৰো অধিক এন৯৫ মাস্ক আৰু ১.১৮ কোটিৰো অধিক পিপিই কিট বিতৰণ কৰিছে। তদুপৰি, ৬.১২ কোটিৰো অধিক হাইড্ৰক্সিক্লকুইন  (HCQ) টেবলেট বিতৰণ কৰা হৈছে।

ইয়াৰোপৰি, এতিয়ালৈকে, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহলৈ ১১,৩০০ মেক ইন ইণ্ডিয়া ভেন্টিলেটৰ যোগান ধৰা হয়, ইয়াৰে ৬১৫৪ ভেন্টিলেটৰ বিভিন্ন চিকিৎসালয়সমূহক প্ৰদান কৰা হয়। এইবোৰৰ প্ৰতিষ্ঠাপন/সৰবৰাহো ভাৰত চৰকাৰেই সম্পন্ন কৰিছে। অনাগত দিনসমূহতো এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু কভিড-১৯ ৰ চিকিৎসা প্ৰদানৰ অৰ্থে আইচিউউত ভেন্টিলেটৰ উপলব্ধ নোহোৱাৰ এটা বৃহৎ পাৰ্থক্য এই ব্যৱস্থাই দূৰ কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে তদুপৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ১.০২ লাখ অক্সিজেন চিলিণ্ডাৰৰো যোগান ধৰিছে, ইয়াৰে ইতিমধ্যে ৭২,২৯৩ টা অক্সিজেন বেডসমূহত সংস্থাপিত কৰা হৈছে।

এতিয়ালৈকে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে দিল্লীত যোগান ধৰা পিপিই আৰু এন৯৫ মাস্কৰ পৰিমাণ ক্ৰমে ৭.৮১ লাখ আৰু ১২.৭৬ লাখ, মহাৰাষ্ট্ৰক ১১.৭৮ লাখ পিপিই আৰু ২০.৬৪ লাখ এন৯৫ মাস্ক তথা তামিলনাডুক ৫.৩৯ লাখ পিপিই আৰু ৯.৮১ লাখ এন৯৫ মাস্ক যোগান ধৰিছে।

ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতি-নিৰ্দেশনা আৰু পৰামৰ্শাৱলীৰ সকলো শুদ্ধ আৰু শেহতীয়া তথ্যৰ কাৰণে অনুগ্ৰহ কৰি নিয়মিতভাৱে https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA চাওঁক।

ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন থাকিলে technicalquery.covid19[at]gov[dot]in আৰু আন প্ৰশ্ন থাকিলে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।

ভিড-১৯ সন্দৰ্ভত যিকোনো প্ৰশ্নৰ কাৰণে, অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ হেল্পলাইন নং: +91-11-23978046 বা 1075 (ল-ফ্ৰী) ত ফোন কৰিব পাৰে। কভিড-১৯ সন্দৰ্ভত ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হেল্পলাইন নম্বৰসমূহৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf তো উপলব্ধ।

****

MV/SG/SB


(Release ID: 1636291)