বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

‘এনজিআৰএছএম’-ত সমাজৰ হিতৰ বাবে ভূ-বিজ্ঞানৰ চৰ্চা গৱেষকৰ

Posted On: 29 JUN 2020 12:50PM by PIB Guwahati

চতুৰ্থ ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান গৱেষক সমাৰোহ (এনজিআৰএছএম) উপলক্ষে আয়োজিত এক ৱেবিনাৰত দেশৰ ভূ-বিজ্ঞানৰ গৱেষনাৰে জড়িত বিজ্ঞানীসকলে সমাজৰ হিতৰ বাবে ভূ-বিজ্ঞানৰ প্ৰয়োগৰ বিভিন্ন দিশৰ আলোচনাত মিলিত হয়। গৱেষকসকলে জল-প্ৰবন্ধন, ভূমিকম্প, মৌচুমী প্ৰবাহ, জলবায়ু পৰিৱৰ্তন, প্ৰকৃতিক দুৰ্যোগ, নদী প্ৰবন্ধনৰ দৰে প্ৰসংগসমূহত বিশেষ গুৰুত্ব প্ৰদান কৰি আলোচনা আগবঢ়াই নিয়ে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ(ডিএছটি)ৰ অধীনস্থ স্বতন্ত্ৰ প্ৰতিষ্ঠান ডেৰাডুনস্থিত ৱাডিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅজী’, চমুকৈ-ডব্লিউআইএইচজি-ৰ আমন্ত্ৰণক্ৰমে এই সমাৰোহ অনুষ্ঠিত হৈছিল

সমাৰোহৰ উদ্বোধন কৰি দিয়া ভাষণত, মুখ্য অতিথি তথা সমাৰোহৰ পৃষ্ঠপোষক হিচাপে উপস্থিত থকা ডিএছটি-ৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই জান-জুৰিসমূহৰ মানচিত্ৰ তৈয়াৰ কৰা, চিভিল ইঞ্জিনিয়াৰিঙৰ বাবে ভূ-বিজ্ঞান, শস্য আৰু জল সংসাধনক উপলক্ষ কৰি জলবায়ু পৰিৱৰ্তনৰ অধ্যয়ন, এই ক্ষেত্ৰত বিভিন্ন প্ৰযুক্তিৰ সদ্ব্যৱহাৰ, কৃষি আৰু নিৰবিচ্চিন্ন উন্নয়নৰ বাবে সৌৰ শক্তিৰ বহুল ব্যৱহাৰ আদি প্ৰসংগত বিস্তৃত আলোচনা আগবঢ়ায়।

যোৱা সপ্তাহত অনুষ্ঠিত দুদিনীয়া ৱেবিনাৰখনত ২০টা ভিন্ন প্ৰসংগত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা ভূ-বিজ্ঞানীসকলে আলোচনা কৰে

ডব্লিউআইএইচজি-ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ অধ্যাপক অশোক সাহানীয়ে সমাজৰ হিতৰ কথা মনত ৰাখি গৱেষণাত ব্ৰতী হবলৈ যুৱ-বিজ্ঞানীসকলক উদ্বুদ্ধ কৰিব পৰাকৈ বক্তব্য প্ৰদান কৰে। সমাৰোহত ডব্লিউআইএইচজি-ৰ সঞ্চালক ড০ কালাচান্দ চৈনীয়েও ভূবিজ্ঞানৰ শেহতীয়া গৱেষণাৰ এক সমীক্ষাত্মক আলোচনা আগবঢ়ায়।

প্ৰসংগতে উল্লেখ্য যে, কভিড-১৯ৰ পৰিপ্ৰেক্ষিতত চতুৰ্থ এনজিআৰএছএম ৱেবিনাৰৰ জৰিয়তে অনুষ্ঠিত কৰিবলগীয়া হয়। সমাৰোহত দেশৰ ৮২খন বিশ্ববিদ্যালয়, প্ৰতিষ্ঠান তথা অন্যান্য সংস্থাৰ মুঠ ৬৫৭গৰাকী ভূ-বিজ্ঞান বিশেষজ্ঞই অংশ গ্ৰহণ কৰে।

 

 

 

*****

NB/KGS/(DST)/KB



(Release ID: 1635254) Visitor Counter : 128