PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 29 JUN 2020 6:53PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যঃ আৰোগ্যৰ হাৰ ৫৮.৬৭%লৈ বৃদ্ধি পাইছে, আৰোগ্য হোৱা ৰোগী আৰু সক্ৰিয় ৰোগীৰ সংখ্যাৰ ব্যৱধান ১,১১,৬০২লৈ বৃদ্ধি পাইছে

আজি আৰোগ্য হোৱা ৰোগী আৰু সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধানে ১,১১,৬০২ৰ সীমা স্পৰ্শ কৰিছে৷ এই পৰ্যন্ত ৩,২১,৭২২ জন ৰোগীয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে৷ আজি পৰ্যন্ত ৰোগীৰ আৰোগ্য হাৰ হ’ল ৫৮.৬৭%৷ বিগত ২৪ ঘণ্টাত ১২,০১০ ক’ভিড-১৯ৰ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বৰ্তমানে ২,১০,১২০ জন ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘‘ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ সমগ্ৰ দেশে প্ৰধানমন্ত্ৰীয়ে দেখুওৱা পথেৰে আগবাঢ়িছে’’

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ‘‘মোদী চৰকাৰে ক’ভিড-১৯ৰ পৰিস্থিতি খুব উন্নত ধৰণে চম্ভালি আছে আৰু দিল্লীৰ পৰিস্থিতি বৰ্তমানে নিয়ন্ত্ৰণত আছে৷’’ সংবাদ সংস্থা এটাৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰী অমিত শ্বাহে দিল্লীত কোনো ধৰণৰ গণ সংক্ৰমণ হোৱা নাই বুলি উল্লেখ কৰি চিন্তাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় খাদ্য নিগমৰ হাতত মজুত আছে পৰ্যাপ্ত পৰিমাণৰ খাদ্য; এফচিআইয়ে জুন মাহলৈ ৩৮৮.৩৪ লাখ মেট্ৰিকটন ঘেঁহু আৰু ৭৪৫.৬৬ লাখ মেট্ৰিকটন চাউল ক্ৰয় কৰিছে

২৮.০৬.২০২০ তাৰিখে ভাৰতীয় খাদ্য নিগমে প্ৰতিবেদন দাখিল কৰা অনুসৰি তেওঁলোকৰ হাতত বৰ্তমানে ২৬৬.২৯ লাখ মেট্ৰিকটন চাউল আৰু ৫৫০.৩১ লাখ মেট্ৰিকটন ঘেঁহু আছে৷ মুঠ ৮১৬.৬০ লাখ মেট্ৰিকটন খাদ্যান্ন তেওঁলোকৰ হাতত উপলব্ধ আছে৷ এনএফএছএ আৰু অন্যান্য কল্যাণমূলক আঁচনিৰ অধীনত প্ৰায় ৫৫ লাখ মেট্ৰিকটন খাদ্যান্নৰ প্ৰয়োজন হয়৷

অধিক বিৱৰণৰ বাবে  

পিএম এফএমই আঁচনিয়ে সৃষ্টি কৰিব মুঠ ৩৫,০০০ কোটি টকাৰ বিনিয়োগৰ সৈতে আৰু  ৯ লাখ দক্ষ আৰু অৰ্ধ দক্ষ শ্ৰমিকৰঃ হৰসিমৰৎ কৌৰ বাদল

খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰীমতী হৰসিমৰৎ কৌৰ বাদলে কালি প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেছন অব্ মাইক্ৰ ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজ (পিএম এফএমই) আঁচনি মুকলি কৰে৷ এই আঁচনি ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ অধীনত মুকলি কৰা হয়৷ মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ দ্বাৰা মুঠ ৩৫,০০০ কোটি টকাৰ বিনিয়োগৰ সৃষ্টি হোৱাৰ লগতে ৯ লাখ দক্ষ তথা অৰ্ধ দক্ষ শ্ৰমিকৰ৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ ফলত প্ৰভাৱান্বিত নহয় ভাৰতৰ প্ৰথমটো মানৱ মহাকাশযান অভিযান ‘গগনযান’- ড জিতেন্দ্ৰ সিং

কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে আজি কয় যে ক’ভিড মহামাৰীৰ ফলত ভাৰতৰ প্ৰথমটো মহাকাশযান অভিযান ‘গগনযান’ প্ৰভাৱান্বিত নহয়৷ ইয়াৰ প্ৰস্তুতি সামান্য পৰিমাণেও ক্ষতিগ্ৰস্ত হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷

অধিক বিৱৰণৰ বাবে

মিছন সাগৰঃ কোচিত উপস্থিত হ’ল আইএনএছ কেশৰী

ভাৰতীয় নৌসেনা বাহিনীৰ জাহাজ কেশৰী ‘মিছন সাগৰ’ৰ অংশ হিচাপে দক্ষিণ ভাৰতীয় মহাসাগৰীয় অঞ্চলত ৫৫ দিন কটাই কালি কোচিত উপস্থিত হয়৷ এই জাহাজখনত ১৪ জন নৌ সেনা বাহিনীৰ চিকিৎসা কৰ্মীকো আৱণ্টিত কৰা হৈছিল৷

অধিক বিৱৰণৰ বাবে

পৰ্যটন মন্ত্ৰালয়ে দেখো আপনা দেশ ছিৰিজৰ অধীনত মুকলি কৰিলে ‘আনলকিং ট্ৰেভেল এণ্ড টুৰিজিম ছেফটী এণ্ড ৰেচপনচিবিলিটী ডিউিৰং ক’ভিডঃ এ হেলথকেয়াৰ পাৰ্ছপেক্টিভ’ শীৰ্ষক ৩৯তম ৱেবিনাৰ

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ পাঞ্জাৱৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীয়ে কয় যে পাঞ্জাৱ চৰকাৰে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে অতিশয় পৰিকল্পিত ধৰণে যুদ্ধত নামি পৰিছে৷  তেওঁ কয় যে দেশৰ ভিতৰতে পাঞ্জাৱ হ’ল প্ৰথমখন ৰাজ্য যিয়ে পৰিস্থিতিৰ ভয়াৱহতা অনুধাৱন কৰি ৰাজ্যখনত সান্ধ্য আইন প্ৰযোজ্য কৰিছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে কয় যে আশা কৰ্মীসকলে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ গুৰুত্বপূৰ্ণ ভূমিকাত অংশগ্ৰহণ কৰিছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৬৪,৬২৬ জন৷ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হ’ল ৮৬,৫৭৫ জন৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭০,৬০৭ জন৷
  • গুজৰাটঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ৩১,৩৯৭ জন৷ ২২,৮০৮ জনে আৰোগ্য লাভ কৰিছে আৰু ১,৮০৯ জনৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৭,৩৯২ জন৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৩৭২ জন৷ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হ’ল ১৩,৬১৮ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩,১৮৬ জন৷ ১০,০৮৪ জনে আৰোগ্য লাভ কৰিছে আৰু ৫৫৭ জন ৰোগীৰ মৃত্যু ঘটিছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৬৯৪ জন৷ ইয়াৰে ৬১৯ জন হ’ল সক্ৰিয় ৰোগী৷ মুঠ আৰোগ্য হোৱাৰ ৰোগীৰ সংখ্যা হ’ল ২০৬২ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,১৯৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭১৭ জন৷ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হ’ল ৪৭৮ জন৷
  • কেৰালাঃ ৬ জুলাইলৈ পন্নানিতালুকক ত্ৰিপল লকডাউন প্ৰযোজ্য কৰা হৈছে৷ ২০১৫ জন ৰোগী বিভিন্ন বিভিন্ন জিলাত চিকিৎসাধীন অৱস্থাত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮২২৭৫ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৫৬৫৬ জন৷ ১০৭৯ জন ৰোগীৰ মৃত্যু হৈছে৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩১৯০ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৪৭২ জন৷ ২০৭ জনৰ মৃত্যু হৈছে আৰু ৭৫০৭ জনক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩,৮৯১ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৪৭৯ জন, মুকলি কৰি দিয়া হৈছে ৬২৩২ জনক৷ ১৮০ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪৪১৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯০০০ জন৷ মৃত্যু হৈছে ২৪৭ জনৰ৷ ৫১৭২ জনক মুকলি কৰি দিয়া হৈছে৷
  • অৰুণাচল প্ৰদেশঃ ২০২১-২২ শৈক্ষিক বৰ্ষত পূব ছিয়াঙৰ সৈনিক বিদ্যালয়ত ছোৱালী শিক্ষাৰ্থীৰো নাম ভৰ্তিকৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে৷
  • অসমঃ গুৱাহাটী মহানগৰীৰ ৩১টা ক’ভিড কেয়াৰ কেন্দ্ৰ আৰু ১২খন চিকিৎসালয়ত ৰাজ্য চৰকাৰে ছোৱাব সংগ্ৰহৰ সুবিধা স্থাপন কৰিছে বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে৷
  • মণিপুৰঃ ইম্ফলৰ মণিপুৰ প্ৰেছ ক্লাবে সংবাদ মাধ্যমৰ ব্যক্তিসকললৈ মুখৰ আৱৰণ বিতৰণ কৰে৷
  • মেঘালয়ঃ মেঘালয় চৰকাৰে গুৱাহাটীৰ সীমান্তৱৰ্তী অঞ্চল বৰ্ণিহাট, যোৰাবাট আৰু খানাপাৰত লকডাউনৰ কথা ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • মিজোৰামঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৯০ জন, আৰোগ্য লাভ কৰিছে ৬১ জনে৷
  • নাগালেণ্ডঃ মুঠ আৰোহ্য পোৱা ৰোগীৰ সংখ্যা হ’ল ১৬৮ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৬৬ জন৷



(Release ID: 1635219) Visitor Counter : 208