স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

ওড়িশাত সামূহিক অংশগ্ৰহণ আৰু ডিজিটেল প্ৰচেষ্টাৱলীৰে মোকাবিলা কৰা হৈছে ক’ভিড-১৯

Posted On: 23 JUN 2020 4:25PM by PIB Guwahati

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সক্ৰিয় অংশগ্ৰহণেৰে কেন্দ্ৰই ক’ভিড-১৯ৰ সামূহিক যুঁজখনৰ নেতৃত্ব প্ৰদান কৰিছে৷ কেন্দ্ৰৰ প্ৰস্তাৱিত পৰামর্শ নির্দেশানাৰ উপৰিও একাধিক ৰাজ্যই বিশেষ কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷

ওড়িশাই ক’ভিড ব্যৱস্থাপনাত তথ্যপ্ৰযুক্তিক ব্যৱহাৰ কৰাৰ লগতে পঞ্চায়তৰ মুৰব্বীসকলৰ দক্ষতা বৃদ্ধি, স্বাস্থ্য কণ্ডত দক্ষ কর্মীৰ সক্রিয় অংশগ্ৰহণকে ধৰি সকলো সাহায্য আগবঢ়াইছে৷ যিসকলৰ সংক্ৰমণৰ অধিক আশংকা আছে তেওঁলোকৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি সংক্ৰমণৰ হাৰ হ্রাস কৰাৰ উপৰি মৃত্যুৰ হাৰো যথেষ্ট কম কৰাত সফল হৈছে৷ ওড়িশাৰ একাধিক গুৰুত্বপূর্ণ পদক্ষেপ নিম্নোলিখিত ধৰণৰ-
সচেতক এপৰ জৰিয়তে জটিল ৰোগত আক্রান্ত ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰতি বিশেষ সহায়ঃ

ভুৱনেশ্বৰ পৌৰসভাই সচেতক এপ প্ৰস্তুত কৰিছে৷ এই ম’বাইল এপৰ সহায়ত জটিল ৰোগত আক্রান্ত ৰোগীসকলৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰতি বিশেষ তত্ত্বাৱধান লোৱা হৈছে৷ প্ৰতিটো পৰিয়ালৰ এজন সদস্যকপৰিচৰ্যাকাৰীহিচাপে ব্যৱস্থা কৰা হৈছে৷ যিসকল জ্যেষ্ঠ নাগৰিক অকলে অকলে থাকে, তেওঁলোকৰ বাবে ৱার্ড পর্যায়ত সজাগতামূলক কমিটীত এজন স্বেচ্ছাসেৱকক পৰিচৰ্যাকাৰীৰ দায়িত্ব দিয়া হৈছে৷ সচেতক এপটো ব্যৱহাৰ কৰি নাগৰিকসকলে ক’ভিড মহামাৰীৰ পৰা সুৰক্ষা, চিকিসকৰ পৰামর্শ,  ক’ভিড কোৱাৰেণ্টাইনৰ বিষয়ে সবিশেষ তথ্য আৰু সংক্ৰমণৰ ঘটনা সম্পর্কে জানিব পাৰে৷

গাঁও পঞ্চায়ত মুৰব্বীৰ নিৰীক্ষণৰ বাবে ক্ষমতা প্ৰদানঃ-

ৰাজ্য চৰকাৰ দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ ৫১ নংৰ ধাৰা, মহামাৰী ব্যাধি আইন, ১৮৯৭ আৰু ২০২০ চনৰ ওড়িশা ক’ভিড-১৯ ব্যৱস্থাপনা আইন অনুযায়ী জিলা উপায়ুক্তৰ গাঁও পঞ্চায়তৰ মুৰব্বীসকলক বিশেষ ক্ষমতা প্ৰদানৰ নির্দেশ দিছে৷ ইয়াৰ ফলত প্ৰব্ৰজিত শ্ৰমিককে ধৰি যিসকলে ১৪ দিনৰ কোৱাৰেণ্টাইনত থাকিব তেওঁলোকৰ বিষয়ে এই পঞ্চায়ত প্ৰধানসকলে খা-খবৰ ৰাখিছে৷
টেলি মেডিচিন সেৱাৰ ব্যৱস্থা কৰাঃ-

১০৪ হেল্প লাইনৰ উপৰি ১৪৪১০ নম্বৰটোৰ জৰিয়তে এক বিনামূলীয়া টেলি-মেডিচিনৰ হেল্পলাইনৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াত ইণ্টাৰেক্টিভ ভইচ ৰেচপন্স(আইভিআৰ)ৰ জৰিয়তে চিকিসা সম্পৰ্কীয় পৰামর্শ আগবঢ়োৱাৰ উপৰি ক’ভিডৰ বিষয়েও বিভিন্ন তথ্য দিয়া হৈচ্ছে। চিকিসা সেৱাৰ বিষয়ে ৩০০জন বিশেষজ্ঞ ব্যক্তিয়ে এই কাম কৰিছে, যাৰ ফলত মানুহৰ মাজত ক’ভিডৰ বিষয়ে অহেতুক আশংকা নাইকিয়া হৈছে৷
প্ৰশিক্ষণৰ জৰিয়তে স্বাস্থ্যকর্মীসকলক দক্ষতা বৃদ্ধিঃ-

ওডিশা চৰকাৰে ১.৭২লাখৰ স্বাস্থ্যকর্মীসকলৰ ক’ভিড সংক্ৰমিত লোকসকলৰ চিকিসাৰ বাবে বিশেষ প্ৰশিক্ষণ দিছে। গঞ্জাম জিলাৰ প্ৰশাসনে কোৱাৰেন্টাইন চেণ্টাৰত থকা হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকৰ সামূহিক স্বাস্থ্যকর্মী হিচাপে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিছে৷ অন্য জিলাসমূহেও এই পদ্ধতি অনুসৰণ কৰিছে৷

****

MV/SG/DB



(Release ID: 1633975) Visitor Counter : 124