বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ক গুৰুত্ব আৰোপ কৰি সংক্ৰমিত ৰোগৰ মলিকুলাৰ ডায়েগন’ছিৰ ক্ৰেছ ক’ৰ্ছ আৰম্ভ কৰিলে জেএনচিএএছআৰে

এই পাঠ্যক্ৰমত তাত্ত্বিক জ্ঞানৰ লগতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে

Posted On: 24 JUN 2020 12:48PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনস্ত স্বতন্ত্ৰ গৱেষণা প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু অত্যাধূনিক বৈজ্ঞানিক গৱেষণা কেন্দ্ৰই দেশৰ ক’ভিড-১৯ মহামাৰী বিৰোধী যুঁজখনৰ প্ৰতি সক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে ইয়াৰ জাক্কুৰ চৌহদত এটি অত্যাধূনিক ক’ভিড ডায়েগ’নষ্টিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে৷

ৰিয়েল-টাইম পিচিআৰ দৰে মলিকুলাৰ ডায়েগন’ষ্টিক টেকনিকে ক’ভিড-১৯কে ধৰি মহামাৰী চিনাক্তকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ দুৰ্ভাগ্যজনক কথাটো এই যে ভাৰতৰ পৰীক্ষাগাৰসমূহত ৰিয়েল-টাইম পিচিআৰৰ পৰীক্ষা সম্পন্ন কৰিব পৰা দক্ষ কৰ্মচাৰীৰ যথেষ্ট অভাৱ হৈ আছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট বিষয়ৰ দক্ষ মানৱ সম্পদ গঢ়ি তুলিবলৈ জেএনচিএএছআৰে ক’ভিড-১৯ৰ বাবে এক ৰিয়েল-টাইম পিচিআৰৰ অত্যাধূনিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে৷ এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে প্ৰতিটো শাখাত ৬-১০টা প্ৰশিক্ষাৰ্থী গোটক প্ৰশিক্ষণ প্ৰদান কৰা৷ ইতিমধ্যে ১৬-২২ জুনলৈ প্ৰথমটো শাখাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে জেএনচিএএছআৰে৷

এসপ্তাহজোৰা এই ক্ৰেছ ক’ৰ্ছটো শ্ৰেণী কোঠাৰ বক্তৃতা আৰু পৰীক্ষাগাৰৰ ব্যৱহাৰিক জ্ঞানৰ জৰিয়তে প্ৰদান কৰা হয়৷ এই পাঠ্যক্ৰমত তাত্ত্বিক জ্ঞানৰ লগতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷

এই পাঠ্যক্ৰম ভাৰতৰ যিকোনো চিকিসা প্ৰতিষ্ঠানে প্ৰদান কৰা মেডিকেল লেব’ৰেটৰী টেষ্টিংত স্বাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলে গ্ৰহণ কৰিব পাৰিব৷ কোনো পৰীক্ষাগাৰক কাম কৰি থকা ব্যক্তিসকলক এই পাঠ্যক্ৰম গ্ৰহণৰ বাবে উসাহ যোগোৱা হৈছে৷ পঞ্জীকৃত ব্যক্তিসকলক প্ৰতিষ্ঠানৰ দ্বাৰা বিনামূলীয়াকৈ থকা-খোৱাৰ উপৰি মাহিলী পাৰিতোষিকো আগঢ়োৱা হ’ব৷

 

*****

NB/KGS/(DST)/DB



(Release ID: 1633890) Visitor Counter : 164