বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

'মেক ইন ইণ্ডিয়া' কৰ্মসূচীৰ প্ৰসাৰত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ চৰকাৰী ই-মাৰ্কেট প্লেচ ব্যৱস্থাত বিক্ৰেতাসকলৰ বাবে পণ্য উৎপাদকে সংশ্লিষ্ট দেশৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক কৰা হৈছে

Posted On: 23 JUN 2020 10:57AM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু শিল্প মন্ত্ৰালয়ৰ অধীনস্থ বিশেষ কৰ্মসূচী চৰকাৰী ই-মাৰ্কেট প্লেচ (জিইএম) ব্যৱস্থাত সকলো নতুন পণ্যৰ ৰেজিষ্ট্ৰেচনৰ সময়ত পণ্যবিধ কোন দেশৰ, সেই কথা বিক্ৰেতাসকলৰ ফালৰ পৰা উল্লেখ কৰাটো বাধ্যতামূলক কৰা হৈছে। তদুপৰি, যিসকল বিক্ৰেতা চৰকাৰী ই-মাৰ্কেট প্লেচ ব্যৱস্থাত নতুন তেওঁলোকে এই বিধি আৰম্ভ কৰাৰ পূৰ্বে তেওঁলোকৰ পণ্য সংক্ৰান্তীয় বিৱৰণ ইতিমধ্যেই উল্লেখ কৰিছে, সেই সকলো ক্ষেত্ৰতে বিক্ৰেতাসকলে পুনৰাই সংশ্লিষ্ট পণ্যবিধ কোন দেশৰ, সেই কথা স্পষ্টভাৱে উল্লেখ কৰাৰ বাবে সুস্পষ্ট বাৰ্তা দিয়া হৈছে। যদি কোনো বিক্ৰেতাই পণ্যবিধ সম্পৰ্কে সংশ্লিষ্ট দেশৰ নাম উল্লেখ নকৰে, সেই ক্ষেত্ৰত পণ্যবিধক চৰকাৰী ই-মাৰ্কেট প্লেচ ব্যৱস্থাৰ পৰা আতৰাই দিয়া হ'ব। 'মেক ইন ইণ্ডিয়া' কৰ্মসূচীৰ প্ৰসাৰত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

চৰকাৰী ই-মাৰ্কেট প্লেচ ব্যৱস্থাত পণ্যবিধ কোন দেশৰ তাৰ নাম উল্লেখ কৰাৰ নিয়মৰ ফলত স্থানীয় পণ্যৰ ব্যৱহাৰৰ হিচাবো পোৱা যাব। সবাতোকৈ গুৰুত্বপূৰ্ণ হৈছে - ক্ৰেতাসকলে সেইবিলাক পণ্যহে ক্ৰয় কৰিব পাৰিব, য'ত ৫০ শতাংশ পৰ্যন্ত স্থানীয় কেঁচামাল ব্যৱহাৰ কৰা হৈছে।

চৰকাৰী ই-মাৰ্কেট প্লেচ ব্যৱস্থাৰ সূচনাৰ সময়ৰ পৰা 'মেক ইন ইণ্ডিয়া'ৰ কৰ্মসূচীৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই ব্যৱস্থাৰ মাধ্যমত চৰকাৰী সংগ্ৰহ প্ৰক্ৰিয়াতো স্থানীয় ক্ষুদ্ৰ বিক্ৰেতাসকলৰো অংশগ্ৰহণৰ সুযোগ বৃদ্ধি পাইছে। আনকি, চৰকাৰী সংগ্ৰহ প্ৰক্ৰিয়াত ক্ষুদ্ৰ আৰু মজলীয়া শিল্প সংস্থাবিলাকৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ সংগ্ৰহ বাধ্যতামূলক কৰা হৈছে। চৰকাৰী ই-মাৰ্কেট ব্যৱস্থাৰ ফলত দ্ৰুত, কাৰ্যকৰী, স্বচ্ছ উপায়েৰে তথা কম খৰচত সংগ্ৰহ সহজ হৈছে, বিশেষকৈ কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুদ্ধত যেতিয়া চৰকাৰী প্ৰতিষ্ঠানবিলাকৰ পণ্য পৰিসেৱা খৰতকীয়াকৈ উপলব্ধ হোৱা দৰকাৰ। উল্লেখযোগ্য যে কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ে জেনেৰেল ফাইনেঞ্চিয়েল ৰুল ২০১৭'ত নতুন ১টা ধাৰা সংযোগ কৰি চৰকাৰী ব্যৱহাৰকাৰীসকলৰ দ্বাৰা চৰকাৰী ই-মাৰ্কেট প্লেচ ব্যৱস্থাৰ মাধ্যমত সংগ্ৰহ প্ৰক্ৰিয়াক স্বীকৃতি দিয়া হৈছে আৰু যিকোনো ধৰণৰ সংগ্ৰহৰ বাবে ই-মাৰ্কেট প্লেচ ব্যৱস্থাৰ পৰা প্ৰয়োজনীয় পণ্য পৰিসেৱা সংগ্ৰহ বাধ্যতামূলক কৰা হৈছে।

প্ৰাসংগিক নথি

******

 

YB



(Release ID: 1633738) Visitor Counter : 254