মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

এনচিইআৰটিয়ে স্কুল পাঠ্যক্ৰমত যোগৰ অন্তৰ্ভুক্তিক উৎসাহিত কৰিবৰ বাবে অনলাইন যোগ কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিছে

এই প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীসকলক স্বাস্থ্যসন্মত অভ্যাস আৰু জীৱন-শৈলী বিকাশ কৰাত সহায় কৰিব-শ্ৰী ৰমেশ পোখৰিয়াল 'নিশংক'

সমগ্ৰ দেশজুৰি ৬ষ্ঠৰ পৰা ১২শলৈ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থাকিব

Posted On: 21 JUN 2020 6:08PM by PIB Guwahati

মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ (এনচিইআৰটি)ৰ মাধ্যমেৰে স্কুলীয়া পাঠ্যক্ৰমত যোগৰ অন্তৰ্ভুক্তিক উৎসাহিত কৰিবৰ বাবে আকৰ্ষণীয় পদক্ষেপ গ্ৰহণ কৰিছে। এনচিইআৰটিয়ে উচ্চ প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়ৰ সময়ছোৱাত সুস্থ হৈ থাকিবৰ বাবে যোগৰ ওপৰত পাঠ্য সামগ্ৰী প্ৰস্তুত কৰিছে আৰু ২০১৬ৰ পৰা যোগ অলিম্পিয়াডৰ আয়োজনো কৰি আছে। কোভিড-১৯ৰ বৰ্তমানৰ স্থিতিত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষক আৰু মাক-দেউতাকৰ দ্বাৰা ঘৰতে যোগাভ্যাস কৰাই থকা হৈছে, য'ত তেওঁলোকে স্কুলীয়া শিক্ষাৰ বিভিন্ন পৰ্যায়ৰ বাবে বিকশিত বৈকল্পিক শিক্ষামূলক কেলেণ্ডাৰৰ আধাৰত শাৰীৰিক ব্যায়ামো কৰে। কিন্তু কোৰোনা মহামাৰীৰ প্ৰকোপৰ বাবে এই বছৰ যোগ অলিম্পিয়াডৰ আয়োজন কৰাটো জটিল। ছাত্ৰ-ছাত্ৰীয়ে যাতে ঘৰতে শিকিব পাৰে আৰু সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল 'নিশংক'ই ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে এনচিইআৰটিৰ দ্বাৰা আয়োজিত এক অনলাইন যোগ কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিছে।

 

এই উপলক্ষে বক্তব্য ৰাখি কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে সজাগতা সৃষ্টি কৰা আৰু বিভিন্ন যোগ অভ্যাসৰ ওপৰত প্ৰামাণ্য উৎসৰ পৰা ব্যাপক তথ্য আহৰণ কৰিবৰ বাবে ল'ৰা-ছোৱালীক অনুপ্ৰাণিত কৰা। মন্ত্ৰী মহোদয়ে কয় যে এই প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে ল'ৰা-ছোৱালীৰ মাজত গভীৰ উপলব্ধি বিকশিত কৰা আৰু তেওঁলোকক উৎসাহিত কৰা, যাতে তেওঁলোকে নিজৰ জীৱন আৰু জীয়াই থকাৰ ক্ষেত্ৰত এই অভ্যাসৰ উপলব্ধিক প্ৰয়োগ কৰিব পাৰে। তেওঁ কয় যে এই প্ৰতিযোগিতাই ল'ৰা-ছোৱালীক স্বাস্থ্যসন্মত অভ্যাস আৰু জীৱন শৈলী বিকশিত কৰাত সহায় কৰিব আৰু এনেদৰে তেওঁলোকৰ উন্নত উপলব্ধি গঢ়ি উঠাৰ লগতে মানসিক কল্যানক ই উৎসাহিত কৰিব।

 

শ্ৰী পোখৰিয়ালে কয় যে এই যোগ কুইজ প্ৰতিযোগিতা, যোগৰ বিভিন্ন আয়ামৰ ওপৰত হ'বঃ- এনচিইআৰটিৰ দ্বাৰা বিকশিত পাঠ্যক্ৰমৰ আধাৰত যম আৰু নিয়ম সৎ কৰ্ম/ক্ৰিয়া, আসন, প্ৰাণায়াম, ধ্যান, বন্ধ আৰু মুদ্ৰা। তেওঁ লগতে কয় যে এই প্ৰতিযোগিতা দেশজুৰি ৬ষ্ঠৰ পৰা ১২শৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থাকিব। মন্ত্ৰী মহোদয়ে এই কথাৰ ওপৰত জোৰ দিয়ে যে প্ৰশ্নবিলাক টেক্সটৰ পৰা অডিঅ'লৈ পৰিৱৰ্তন কৰি বিশেষ আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই অনলাইন প্ৰতিযোগিতাত সুধিবলগীয়া প্ৰশ্নসমূহ বহুবিকল্পৰ প্ৰকাৰৰ হ'ব। এইবিলাক হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাত ল'ৰা-ছোৱালীৰ বাবে উপলব্ধ হ'ব। ল'ৰা-ছোৱালীয়ে ইয়াৰ যিকোনো উপযুক্ত ভাষা বাচি ল'ব পৰিব। শীৰ্ষ অংক লাভ কৰোতা ১০০ ছাত্ৰ-ছাত্ৰীক যোগ্যতাৰ প্ৰমাণ-পত্ৰ দিয়া হ'ব।

 

ইয়াৰ বিস্তৃত পৰিকল্পনা ইতিমধ্যে এনচিইআৰটিৰ ৱেবছাইট (ncert.nic.in)ত আপলোড কৰা হৈছে। এই কুইজ এমাহৰ বাবে খোলা থাকিব, যি ২১ জুনৰ পৰা আৰম্ভ হ'ব আৰু ২০ জুলাই ২০২০ৰ মাজনিশা বন্ধ হ'ব। এই কুইজৰ লিংক তলত দিয়া ধৰণেঃ

ইংৰাজী কুইজ = https://bit.ly/EYQ_NEWS

হিন্দী কুইজ = https://bit.ly/HYQ_NEWS

 

******

 

NB/AKJ/AK



(Release ID: 1633271) Visitor Counter : 257