প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰাণসীৰ বিভিন্ন উন্নয়নমুলক প্ৰকল্পৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 19 JUN 2020 3:51PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে বাৰাণসীত চলি থকা কেতবোৰ উন্নয়নমূলক প্ৰকল্পৰ এক পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে৷ এই উপলক্ষে কাশী বিশ্বনাথ মন্দিৰ চৌহদৰ কাম-কাজৰ অগ্ৰগতি এক ড্ৰোণ ভিডিঅ’ৰ জৰিয়তে উপস্থাপন কৰা হয়৷ এই প্ৰচেষ্টাৱলীৰ লগতে ক’ভিড ব্যৱস্থাপনাৰ সন্দৰ্ভতো আলোচনা কৰা হয়৷

বৈঠকত বাৰাণসী (দক্ষিণ)ৰ বিধায়ক তথা ৰাজ্যিক মন্ত্রী নীলকান্ত তিৱাৰী, বাৰাণসী (উত্তৰ)ৰ বিধায়ক তথা ৰাজ্যিক মন্ত্রী ৰবীন্দ্ৰ জয়ছোৱাল, ৰোনিয়াৰ বিধায়ক সুৰেন্দ্ৰ নাৰায়ণ সিং, বাৰাণসী কেণ্টনমেণ্টৰ বিধায়ক সৌৰভ শ্রীবাস্তৱ, ছেবাপুৰীৰ বিধায়ক নীল ৰতন নীলু, উত্তৰপ্ৰদেশ বিধান পৰিষদৰ দুই সদস্য ক্ৰমে অশোক ধাৱান আৰু লক্ষণ আচার্য্য উপস্থিত থাকে৷ তদুপৰি, বাৰাণসী বিভাগৰ আয়ুক্তৰ দীপক আগৰৱাল, বাৰাণসীৰ উপায়ুক্ত কৌশল ৰাজ শর্মা আৰু বাৰাণসীৰ পৌৰ আয়ুক্ত গৌৰাংগ ৰাঠিয়ে ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰে৷


প্ৰধানমন্ত্রীয়ে কাশী বিশ্বনাথ ধাম প্ৰকল্পৰ পর্যালোচনা কৰাৰ সময়ত কাশী বিশ্বনাথ চৌহদৰ যিবোৰ পুৰণি মন্দিৰ বিচাৰি পোৱা গৈছে সেইবোৰ সংস্কাৰ কৰি ৰক্ষা কৰিব লাগিব বুলি নির্দেশ দিয়ে৷ ইয়াৰ বাবে ইতিহাসবিদ তথা পুৰাতত্ত্ববিদসকলৰ সাহায্য ল’ব লাগিব৷ কাশী বিশ্বনাথ মন্দিৰ পৰিদর্শনৰ বাবে অহা পর্যটক আৰু তীর্থযাত্রীসকলক এই মন্দিৰসমূহ কার্বন ডেটিঙৰ জৰিয়তে প্রাপ্ততথ্যৰ সহায়ত ইয়াৰ গুৰুত্ব বুজাব লাগিব৷ তীর্থযাত্রীসকলে মন্দিৰৰ চৌপাশ ভ্ৰমণ কৰাৰ সুবিধাৰ বাবে কাশী বিশ্বনাথ ন্যাসক এক মানচিত্ৰ প্ৰস্তুত কৰিবলৈ কোৱা হৈছে৷

প্ৰধানমন্ত্রীয়ে বাৰাণসী চহৰৰ সকলো প্ৰকল্পৰ পর্যালোচনা কৰে৷ চহৰৰ হাস্পতাল ভৱন, ৰাষ্ট্ৰীয় জলপথ, ৰিং ৰোড, বাইপাছ, ভাৰত-জাপান সহযোগিতাৰে নির্মিতৰুদ্রাক্ষসহ শতাধিক প্ৰকল্প ইয়াত ৰূপায়িত হৈছে৷ এই কামৰ বাবে হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে নির্দিষ্ট সময়ৰ ভিতৰত গুণাগুন বজাই ৰাখি এই প্ৰকল্পসমূহ শেষ কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে৷ অত্যাধুনিক আন্তঃগাঁথনিৰ বাবে য’তদূৰ সম্ভব পুনৰ নবীকৰণযোগ্য ইন্ধন ব্যৱহাৰৰ ওপৰত তেওঁ জোৰ দিয়ে৷ সমগ্ৰ বাৰাণসী জিলাত প্ৰতিটো পৰিয়াল আৰু ষ্ট্ৰীট লাইটত এলইডি বাল্বৰ ব্যৱহাৰ নিশ্চিত কৰাৰ ওপৰতো প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে৷


কাশীলৈ যাতে আৰু অধিক পর্যটকক আকৃষ্ট কৰিব পৰা যায় সেইবাবে নৌকো বিহাৰ, পোহৰ আৰু শব্দৰ প্ৰদর্শনী, খিড়কিয়া আৰু দশাশ্বমেধ ঘাটৰ সংস্কাৰ, দৃশ্য-শ্ৰাব্য প্ৰদর্শনীৰ নির্দেশ দিয়া হৈছে৷ কাশীৰ মাহাত্ম্য তুলি ধৰি ইয়াক বিশ্বৰ ঐতিহ্যশালী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে জাপান, থাইলেণ্ডৰ দৰে যিবোৰ দেশে বৌদ্ধ ধর্মাৱলম্বীসকল আছে তাত সপ্তাহজোৰা সৱৰ আয়োজন কৰিবলৈ প্ৰধানমন্ত্রীয়ে বিষয়াসকলক নির্দেশ দিয়ে৷

 

কাশীৰ ঐতিহ্য প্ৰতিফলিত হোৱাকৈ এটা পথক চিহ্নিত কৰে স্থানীয় বাসিন্দাসকলৰ অংশগ্ৰহণৰ জৰিয়তে তাক গৌৰৱ পথ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্রীয়ে পৰামর্শ আগবঢ়ায়৷


কাশী পর্যটকসকলৰ গন্তব্য স্থল, সেয়েহে এই চহৰৰ অনাময় ব্যৱস্থা আৰু পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব৷ চহৰৰ পৰিৱেশক স্বাস্থ্যকৰ হিচাপে গঢ়ি তোলাৰ বাবে ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ কৰিব লাগিব৷ স্বয়ংক্রিয় যন্ত্ৰ ব্যৱহাৰ কৰি চহৰত ছাফাইৰ কাম কৰিব লাগিব৷ কোনেও যাতে মুকলি স্থানত মলত্যাগ নকৰে সেয়া নিশ্চিত কৰিবলৈও কোৱা হৈছে৷


পর্যালোচনা বৈঠকত বাৰাণসী চহৰত আন্তঃগাঁথনি আৰু বিশ্বমানৰ যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ সন্দৰ্ভতো আলোচনা হয়। প্ৰধানমন্ত্রীয়ে ৰাষ্ট্ৰীয় জলপথত বাৰাণসীৰ পৰা হলদিয়ালৈকে যোগাযোগৰ ক্ষেত্রত এই চহৰক অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ নিৰ্দেশ দিয়ে৷ ডাঙৰ ডাঙৰ চহৰসমূহৰ দৰে ইয়াতো সামগ্ৰী পৰিবাহী জাহাজ চলাচলৰ ব্যৱস্থা কৰিব লাগিব৷ লাল বাহাদুৰ শাস্ত্রী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ কাম দ্রুতগতি সম্পূৰ্ণ কৰাৰো নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰীয়ে৷ এইবোৰ ৰূপায়ণ হ’লে চহৰখনলৈ ৰে’ল, স্থলপথ, জল তথা আকাশীপথত অত্যাধুনিক যোগাযোগ ব্যৱস্থাৰ মাধ্যমেৰে যাব পাৰিব৷

আত্মনির্ভৰ ভাৰত অভিযানৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে নাগৰিকসলে যেন ইয়াৰ সুফল পায় সেয়া নিশ্চিত কৰিব লাগিব৷ পথৰ ব্যৱসায়ীসকলৰ বাবে পিএম এছভিএনিধি প্ৰকল্প সঠিকভাবে ৰূপায়ণ হৈছে নে নাই সেই দিশতো খবৰ ৰাখিব লাগিব৷ সকলো পথৰ ব্যৱসায়ীয়ে যাতে অত্যাধুনিক প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ সুবিধা লাভ কৰে আৰু তেওঁলোকে যেন নগদ বিহীন লেনদেন কৰিব পাৰে, সেই লক্ষ্যৰে তেওঁলোকৰ বেংক একাউণ্ট খুলিবলৈ কোৱা হৈছে৷ ইয়াৰ ফলত তেওঁলোকে ডিজিটেল প্ৰক্রিয়াৰে লেনদেন কৰিব পাৰিব আৰু পিএম এছভিএনিধি প্ৰকল্পৰ জৰিয়তে ঋণৰ সুবিধা পাব৷


প্ৰধানমন্ত্রীয়ে কৃষকসকলৰ সন্দৰ্ভক গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ ৰোজগাৰ যেন বৃদ্ধি পায় সেইবাবে চৰকাৰে সেই দিশত নিশ্চিত কৰিবলৈ সকলো সময়তে সজাগ হৈ আছে৷ তেওঁ মৌপালকৰ আয় বৃদ্ধিৰ বাবে মৌ-মাখি প্ৰতিপালনৰ কামত সহায়ৰ বাবে বিষয়াসকলক নির্দেশ দিয়ে৷ কৃষকসকলে যেন তেওঁলোকৰ পাদিত সামগ্ৰীৰ সঠিক দাম লাভ কৰে তথা বাৰাণসীৰ পৰাই সেইবোৰ যেন তেওঁলোকে ৰপ্তানি কৰিব পাৰে সেই লক্ষ্যৰে প্ৰধানমন্ত্রীয়ে চহৰখনত এক পেকেজিং প্ৰতিষ্ঠান গঢ়ি তোলাৰ নির্দেশ দিয়ে৷ বাণিজ্য মন্ত্ৰালয়ৰ অধীনস্ত সংস্থা এপিইডিএৰ সৈতে সহযোগিতাৰে শাক-পাছলি আৰু আম ৰপ্তানিৰ প্ৰশাসনিক প্ৰচেষ্টাৰ তেওঁ প্ৰশংসা কৰে৷


পেলনীয়া সামগ্ৰীৰ পৰা সম্পদ সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া হয়। পেলনীয়া সামগ্ৰীৰ পৰা বিদ্যু অথবা সাৰ প্ৰস্তুত কৰি সেয়া কৃষকসকলৰ ব্যৱহাৰ কৰাৰ বাবে পৰামর্শ আগবঢ়োৱা হৈছে৷ কৃষকসকলৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাবে সুবিধাৰ বাবে ধন ব্যয় নকৰাকৈ তেওঁলোক কিদৰে কৃষিকাৰ্য কৰিব পাৰে, সেইই ক্ষেত্ৰত প্ৰধানমন্ত্রীয়ে প্ৰশিক্ষণ গ্ৰহণৰ পৰামর্শ আগবঢ়ায়৷


ক’ভিড-১৯ মহামাৰী মোকাবিলা কৰাৰ সন্দৰ্ভতো বৈঠক বিস্তৃতভাৱে আলোচনা হয়। নমুনা পৰীক্ষা, সংক্ৰমিতসকলৰ সংস্পর্শলৈ আহিলে তেওঁলোকক চিনাক্তকৰণ তথা ৰোগীসকলৰ চিকিসাৰ বাবে আৰোগ্য সেতু পৰ ব্যৱহাৰৰ ওপৰত প্ৰধানমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে৷ খাদ্য, আশ্ৰয় আৰু কোৱাৰেণ্টাইন কেন্দ্ৰৰ ব্যৱস্থা কৰাৰ বাবে উপায়ুক্তসকলৰ প্ৰচেষ্টাৱলীৰো প্ৰশংসা কৰা হয়৷


প্ৰধানমন্ত্ৰী মোদীয়ে ঘৰলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিকসকলৰ দক্ষতা নির্ধাৰণ কৰি তেওঁলোকে যেন কর্মসংস্থাপনৰ সুযোগ পায় সেই ক্ষেত্ৰত গুৰুত্ব দিবলৈ কয়৷ পিএম গৰীৱ কল্যাণ যোজনা আৰু ৰাজ্য চৰকাৰৰ ক’ভিড সাহায্য আঁচনিৰ ইতিবাচক প্ৰভাৱকলৈও বৈঠকত আলোচনা হয়।
নীতি আয়োগৰ জৰিয়তে গাওঁ পঞ্চায়তত উন্নয়নমলূক আঁচনিৰ কামৰ অগ্ৰগতিক লৈও বৈঠকত আলোচনা কৰে৷ গ্রামোন্নয়ন, পঞ্চায়তী ৰাজ, অনাময়, স্বাস্থ্য আৰু পুষ্টি, শিক্ষা, সমাজ কল্যাণ, কৃষি আৰু সংশ্লিষ্ট কাম-কাজ বাৰাণসী জিলাত কিদৰে হৈছে ততা ইয়াৰ ফলত কিমান কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে সেই বিষয়েও প্ৰধানমন্ত্রীয়ে আলোচনা কৰে৷


মহিলাসকলৰ সহায়ত অংগনৱাডী কেন্দ্ৰসমূহত পুষ্টি অভিযানক এক আন্দোলনৰ ৰূপ দিয়াক লৈ বৈঠকত আলোচনা হয়৷ শিশুসকলৰ খাদ্য যোগান তথা সেই খাদ্যত পুষ্টিৰ মাত্রা বৃদ্ধি কৰিবলৈ আত্মসহায়ক গোটসমূহক প্ৰচেষ্টা ল’বলৈ নির্দেশ দিয়া হৈছে৷ বিভিন্ন সংস্থাৰ এইসকল অংগনৱাডী কেন্দ্ৰৰ দায়িত্ব গ্ৰহণ, স্বাস্থ্যবান শিশুসকলৰ প্ৰতিযোগিতা আৰু শিশুসকে যেন ভাল খাদ্য লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্রীয়ে কেতবোৰ পৰামর্শ আগবঢ়ায়৷

প্ৰধানমন্ত্রীয়ে বাৰাণসীৰ নাগৰিকসকলে যাতে উন্নত জীৱনযাত্রাৰ সুবিধা লাভ কৰে, তেওঁলোকৰ নাগৰিক জীৱনৰ মান যাতে উন্নত হয় সেই উদ্দেশ্যে বিভিন্ন উন্নয়নমূলক কাম ক্ষিপ্ৰ কৰি তোলাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে৷

******

VRRK/VJ/DB



(Release ID: 1632790) Visitor Counter : 200