গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশ অনুসৰি ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰৰ কাম ক্ষীপ্ৰতাৰে সম্পন্ন দিল্লীৰ আটাইবোৰ চিকিৎসালয়ৰ

प्रविष्टि तिथि: 16 JUN 2020 8:36PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশানুসৰি দিল্লীৰ আটাইবোৰ চিকিৎসালয়ে (কেন্দ্ৰীয় আৰু ৰাজ্যিক তথা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়) ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিসকলৰ অন্ত্যেষ্টিক্রিয়া ক্ষীপ্ৰতাৰে শেষ কৰাৰ প্রক্রিয়া আজিৰ পৰাই আৰম্ভ কৰি দিছে। হাস্পতাল কর্মীসকলেই সংশ্লিষ্ট ব্যক্তিৰ মৃতদেহৰ সৎকাৰ কৰিবলৈ আৰম্ভ কৰিছে। অন্ত্যেষ্টিক্রিয়াত উক্ত ব্যক্তিৰ পৰিয়াল আৰু আত্মীয় স্বজন অৱশ্যে স্বেচ্ছাই চামিল হ’ব পাৰিব। উল্লেখ্য যে, বিগত ১৪ জুন তাৰিখে কেন্দ্রীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অনাগত সময়ত ৩৬ জনৰ অন্ত্যেষ্টিক্রিয়া তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত সম্পন্ন কৰা হ’ব বুলিও স্থিৰ কৰা হৈছে।

গৃহমন্ত্ৰীৰ তৰফৰ পৰা হাস্পতালসমূহক নির্দেশ দিয়া হৈছে যে ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ অন্ত্যেষ্টিক্রিয়াত কোনোধৰণৰ বিলম্ব কৰা নহ’ব।

 

*****


(रिलीज़ आईडी: 1632260) आगंतुक पटल : 300
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu