প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-চীন সীমান্ত অঞ্চলৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা মন্তব্য

Posted On: 17 JUN 2020 3:35PM by PIB Guwahati

বন্ধুসকল,

আই মাতৃক সুৰক্ষিত ৰাখিবলৈ গৈ ভাৰতী-আইৰ সাহসী সন্তানসকলে গালৱান ভেলী অঞ্চলত চৰম ত্যাগ স্বীকাৰ কৰিছে।

ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়াবলৈ গৈ তেওঁলোকে স্বীকাৰ কৰা মহান ত্যাগক মই নমস্কাৰ জনাইছো। অন্তৰৰ গভীৰতম থলীৰ পৰা মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

সন্তাপৰ এই জটিল ক্ষণত, এইসকল শ্বহীদৰ পৰিয়ালবৰ্গলৈ মই মোৰ সমবেদনা জ্ঞাপন কৰিছো।

সমগ্ৰ ৰাষ্ট্ৰই আজি আপোনালোকৰ কাষত থিয় হৈছে। সমগ্ৰ দেশেই আজি আপোনালোকৰ দুখৰ সমভাগী হৈছে।

আমাৰ শ্বহীদসকলৰ এই চৰম ত্যাগ কেতিয়াও অথলে নাযায়।

পৰিস্থিতি যিয়েই নহওক কিয়, দেশৰ প্ৰতি ইঞ্চি ভূমি আৰু আত্ম-সন্মান ভাৰতে নিশ্চিত ভাবেই সুৰক্ষিত ৰাখিব।

সাংস্কৃতিক ভাবেই ভাৰত এখন শান্তি-প্ৰিয় দেশ। শান্তি-প্ৰিয় দেশ হিচাপেই ইতিহাসে আমাক বৰ্ণনা কৰি আহিছে।

ভাৰতৰ দৰ্শন-মন্ত্ৰই হৈছে- লোকাঃ সমস্তাঃ সুখীন ভৱন্তু।

প্ৰতিটো যুগতে আমি সমগ্ৰ পৃথিৱী আৰু সমগ্ৰ মানৱজাতিৰ শান্তি আৰু কল্যাণকে কামনা কৰি আহিছো।

আমি আমাৰ প্ৰতিবেশীসকলৰ সৈতে সদায়ে সহযোগিতা আৰু বন্ধুত্বসুলভতাৰে ঘনিষ্ঠভাবে কাম কৰি আহিছো। তেওঁলোক আটাইৰে বিকাশ আৰু কল্যাণকে আমি কামনা কৰিছো সদায়ে।

যেতিয়াই কোনো প্ৰসংগত মত-পাৰ্থক্যই দেখা দিছে, তেতিয়াই আমি সেই মতদ্বৈধ্যতাক বিবাদলৈ ৰূপান্তৰিত নোহোৱাটো নিশ্চিত কৰাৰ প্ৰয়াসত ব্ৰতী হৈছো।

আমি কেতিয়াও কাকো উচটাব খোজা নাই, পিচে, সেই বুলিয়েই আমি কিন্তু আমাৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰসংগত কাহানিও আপোচ কৰিবও খোজা নাই। যেতিয়াই প্ৰয়োজন হৈছে, আমি আমাৰ দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত থকা আমাৰ শক্তিৰ সামৰ্থ্যকো প্ৰদৰ্শনো কৰি আহিছো।

ত্যাগ আৰু সহনশীলতা আমাৰ ৰাষ্ট্ৰীয় চৰিত্ৰৰ অংশ, পিচে, একে সময়তে সাহস আৰু শৌৰ্যও কিন্তু সমানেই ইয়াৰ অংগ।

আমাৰ সৈনিকসকলৰ আত্ম-বলিদানক অথলে যাবলৈ নিদিও বুলি মই দেশবাসীক আশ্বস্ত কৰিব খুজিছো।

ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব আমাৰ বাবে সৰ্বোপৰি, আৰু ইয়াক সুৰক্ষিত কৰাৰ পৰা আমাক কোনেও বিৰত ৰাখিব নোৱাৰে।

এই ক্ষেত্ৰত কাৰো এক বিন্দুও সন্দেহ থকা উচিত নহয়।

ভাৰতে শান্তি বিচাৰে। পিচে, কোনোবাই জোকালে, ভাৰতে তাৰ সমুচিত প্ৰত্যুত্তৰ দিবই।

আমাৰ সৈনিকসকলে যুঁজত প্ৰাণাহুতি দিয়াৰ কথাই দেশক নিশ্চিত ভাবেই গৌৰাৱান্বিত কৰিব। দুটা মিনিটৰ মৌনতা অৱলম্বন কৰি এইসকল বীৰ যোদ্ধালৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰিবলৈ মই আপোনালোক সকলোকে আহ্বান জনালো।

 

 

*****

VRRK/VJ/KB



(Release ID: 1632189) Visitor Counter : 251