স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া স্থিতি

নমুনা পৰীক্ষণৰ সামৰ্থ্য ৩ লাখ পৰীক্ষা/প্ৰতিদিনলৈ বৃদ্ধি

Posted On: 16 JUN 2020 1:11PM by PIB Guwahati

ব্যক্তিগত খণ্ডৰ চিকিত্সালয়সমূহত বিচনাৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে জটিল ৰোগৰ চিকিত্সা প্ৰদানকাৰী ব্যৱস্থাৱলীৰ সামৰ্থ্য বদ্ধনৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ উপৰি যুক্তিসংগত আৰু স্বচ্ছ হাৰত চিকিত্সা মাচুল লোৱাৰ বাবে সাজু থাকিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক নিৰ্দেশ জাৰি কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে।

অৱশ্যে, এইধৰণৰ নিৰ্দেশ তামিল নাডু, ওড়িশা, মহাৰাষ্ট্ৰ, গুজৰাট, উত্তৰ প্ৰদেশ,ৰাজস্থান, তেলেংগাণা, কৰ্ণাটক আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্যই ইতিমধ্যেই জাৰি কৰিছে। এইসমূহ ৰাজ্যই কভিড-১৯ আক্ৰান্তক প্ৰয়োজনীয় চিকিত্সা আগবঢ়োৱাৰ লগতে নিতান্তই যুক্তিসংগত হাৰত চিকিত্সা মাচুল আদায় কৰিবলৈ ব্যক্তিগত খণ্ডৰ চিকিত্সালয়সমূহক সৈমান কৰি এক বুজাবুজিত উপনীত হৈছে। ইফালে কভিড-১৯ আক্ৰান্তক তত্কালীন ভাবে ন্যূনতম হাৰত উন্নত মানৰ চিকিত্সা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰী চিকিত্সা ব্যৱস্থাৰ সৈতে ব্যক্তিগত চিকিত্সালয়সমূহেও সহযোগিতাৰে কাম কৰাৰ বাবে আগবাঢ়িবলৈ উদ্যোগ গ্ৰহণ কৰাৰ বাবে ৰাজ্যচৰকাৰসমূহক আহ্বান জনোৱা হৈছে।

দেশত কভিডৰ সংক্ৰমণ আৰু সংক্ৰমিত লোকক চিনাক্ত কৰাৰ লগতে তেওঁলোকৰ দেহত কভিড-১৯ৰ উপস্থিতি ধৰা পেলোৱাৰ বাবে সম্পন্ন কৰিবলগীয়া নমুনা পৰীক্ষণৰ সামৰ্থ্য দিনে দিনে বৃদ্ধিৰ ব্যৱস্থা কৰি থকা হৈছে। আজিৰ তাৰিখত দেশত প্ৰতিদিনে ৩লাখ নমুনা পৰীক্ষা কৰিব পৰা ব্যৱস্থা গঢ়ি তোলা হৈছে। শেহতীয়া ২৪ঘণ্টাত ১,৫৪৯৩৫টা নমুনাৰ পৰীক্ষণ সম্পন্ন কৰাৰ লগতে সামগ্ৰীক ভাবে আজি পৰ্যন্ত দেশত ৫৯,২১,০৬৯টা নমুনাৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে।

আজিৰ তাৰখত দেশত ৯০৭টা পৰীক্ষাগাৰৰ এক শৃংখল গঢ়ি তোলা হৈছে। ইয়াৰে ৬৫৯টা চৰকাৰীখণ্ডত স্থাপনৰ বিপৰীতে ২৪৮টা পৰীক্ষাগাৰ স্থাপিত হৈছে ব্যক্তিগত খণ্ডত। পৰীক্ষাগাৰসমূহৰ বিস্তৃত বিৱৰণ তলত উল্লেখ কৰা ধৰণৰ:

ৰিয়েল টাইম আৰটি পিচিআৰ পৰীক্ষণ পৰীক্ষাগাৰ- ৫৩৪(চৰকাৰী-৩৪৭টা+ব্যক্তিগত খণ্ডত-১৮৭টা)

ট্ৰুনাট ভিত্তিক পৰীক্ষাগাৰ- ৩০২টা(চৰকাৰী-২৮৭টা+ব্যক্তিগত-১৫টা)

চিবিনাট ভিত্তিক পৰীক্ষাগাৰ- ৭১টা (চৰকাৰী-২৫টা+ব্যক্তিগত-৪৬টা)

ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।

কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .

অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf 

 

****

MV/SG/KB



(Release ID: 1632014) Visitor Counter : 174