গৃহ মন্ত্ৰালয়
ক’ভিড১৯ সন্দৰ্ভত যাৱতীয় ব্যৱস্থাৰ বুজ ল’বলৈ লোকনায়ক জয়প্ৰকাশ নাৰাণ হস্পিতাল আকস্মিক পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
प्रविष्टि तिथि:
15 JUN 2020 6:59PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ক’ভিড-১৯ ৰ সবিশেষ বুজ ল’বৰ বাবে আকস্মিক পৰিদৰ্শন কৰে লোকনায়ক জয় প্ৰকাশ নাৰায়ণ হাস্পতাল। শ্ৰী অমিত শ্বাহে দিল্লীৰ মুখ্য সচিবক প্ৰতিখন ক’ৰোনা হাস্পতালতেই চিচিটিভি কেমেৰা স্থাপন কৰাৰ নিৰ্দেশ দিয়ে, যাতে ৰোগীয়ে সমূখীন হোৱা প্ৰতিটো সমস্যা সঠিকভাৱে নিৰীক্ষণ কৰিব পৰা যায়।
দিল্লীৰ মুখ্য সচিবক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে নিৰ্দেশ দিয়ে যে খাদ্য যোগান ধৰি থকা কেণ্টিনসমূহৰ বাবেও বিকল্প ব্যৱস্থা বা ‘বেক-আপ’ সাজু কৰি ৰাখিব লাগে, যাতে কোনো কাৰণত যদিহে কোনো এখন কেণ্টিনত সংক্ৰমণৰ ঘটনা সংঘটিত হয়, তেতিয়াও যাতে ৰোগীসকলে খাদ্যৰ অভাৱত পৰিবলগীয়া পৰিস্থিতি নহয়।
শ্ৰী অমিত শ্বাহে লগতে নিৰ্দেশ দিয়ে যে ক’ৰোনা ৰোগীসকলৰ চিকিৎসাৰ কামত নিয়োজিত হৈ থকা চিকিৎসক আৰু নাৰ্ছসকলৰ মানসিক-সামাজিক পৰামৰ্শ প্ৰদান কাৰ্যসূচী নিয়মিতভাৱে অনুষ্ঠিত হ’ব লাগে। এই কাৰ্যই এই কথা নিশ্চিত কৰিব যে তেওঁলোক এই মহামাৰীৰ কালছোৱাত কেৱল শাৰীৰিকভাৱেই নহয়, বৰঞ্চ মানসিকভাৱেও সুস্থ সবল হৈ থাকিব।
*****
NW/RK/PK/AD/DD/RD
(रिलीज़ आईडी: 1631911)
आगंतुक पटल : 280