গৃহ মন্ত্ৰালয়

দিল্লীৰ ক’ভিড-১৯ পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, দিল্লীৰ প্ৰশাসক শ্ৰী অনিল বাইজাল, মুখ্যমন্ত্ৰী শ্ৰী অৰৱিন্দ কেজৰিৱাল, দিল্লী তিনি পৌৰ নিগমৰ মেয়ৰৰ লগতে জ্যেষ্ঠ বিষয়াৰে বৈঠকত অধ্যক্ষতা কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি দেশ তথা দেশৰ ৰাজধানী দিল্লীক যিমান পাৰি সোনকালে ক’ৰোনামুক্ত, সুস্থ আৰু সমৃদ্ধিশালী কৰিব লাগিব বুলি ক’লে শ্ৰী অমিত শ্বাহে

ঘৰে ঘৰে উপযুক্ত সমীক্ষা, তৃণমূল পৰ্যায়ত ক’ৰোনা পৰীক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ, দিল্লী চৰকাৰ আৰু দিল্লীৰ তিনিওটা পৌৰনিগমক নিৰ্দেশ গৃহমন্ত্ৰী অমিত শ্বাহৰ

দিল্লী চৰকাৰ, তিনিওখন পৌৰনিগমৰ মেয়ৰক একেলগে কাম কৰিবলৈ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে

Posted On: 14 JUN 2020 8:05PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি দেশ তথা দেশৰ ৰাজধানী দিল্লীক যিমান পাৰি সোনকালে ক’ৰোনামুক্ত, সুস্থ আৰু সমৃদ্ধিশালী কৰি তুলিব লাগিব৷ দিল্লীৰ ক’ভিড-১৯ পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, দিল্লীৰ প্ৰশাসক অনিল বাইজাল, মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল, দিল্লী তিনি পৌৰ নিগমৰ মেয়ৰৰ লগতে জ্যেষ্ঠ বিষয়াৰে অনুষ্ঠিত বৈঠকত অধ্যক্ষতা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি পুৱাৰ ভাগত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত অনুসৰি ঘৰে ঘৰে উপযুক্ত সমীক্ষা, তৃণমূল পৰ্যায়ত ক’ৰোনা পৰীক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ, দিল্লী চৰকাৰ আৰু দিল্লীৰ তিনিওটা পৌৰনিগমক নিৰ্দেশ দিয়ে৷ তেওঁ ক’ৰোনাৰ বিৰুদ্ধে সমন্বয়েৰে যুঁজ দি বিজয়ী হোৱাৰ মুল উদ্দেশ্য লৈ এই বৈঠক অনুষ্ঠিত কৰা হয়৷ গৃহমন্ত্ৰীগৰাকীয়ে দিল্লী চৰকাৰ, তিনিওগৰাকী মেয়ৰ আৰু তিনিওখন পৌৰনিগমক আজি বৈঠকৰ সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়৷ গৃহমন্ত্ৰী শ্বাহে লগতে দিল্লী আৰক্ষী আয়ুক্তক সকলো নিৰ্দেশনা কঠোৰভাৱে বলব হোৱাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে৷

*****

NW/RK/PK/AD/DD/DB



(Release ID: 1631606) Visitor Counter : 195