প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঘৰুৱা প্ৰস্তুতকৰ্তাসকলৰ মূলধন অধিগ্ৰহণ বিতৰণ চাৰি মাহলৈ সম্প্ৰসাৰণ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ

प्रविष्टि तिथि: 12 JUN 2020 12:36PM by PIB Guwahati

’ভিড-১৯ মহামাৰীৰ বাবে যোগান শৃংখল বিঘ্নিত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বণিকগোষ্ঠীৰে থকা সকলোবোৰ মূলধন অধিগ্ৰহণ (capital acquisition) ঠিকাৰ কাৰণে হস্তান্তৰৰ ম্যাদ চাৰি মাহলৈ বৃদ্ধি কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয় (MoD)এ।

মন্ত্ৰণালয়টোৰ অধিগ্ৰহণ শাখাৰদ্বাৰা আজি এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাটোত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে অনুমোদন জনাইছে। ইয়াত উল্লেখ, “চাৰি মাহ সময়ৰ কাৰণে যথা ২৫ মাৰ্চ, ২০২০ ৰপৰা ২৪ জুলাই, ২০২০ লৈ ফ’ৰ্চ মেজিউৰ প্ৰযোজ্য হ’ব।”

নিৰ্দেশনাটোত আৰু উল্লেখ, “চুক্তিবদ্ধ সৰঞ্জাম/সেৱাৰ হস্তান্তৰ আৰু লিকুইডেটেড ডেমেজেছ চাৰ্জ আৰোপত পলম হ’লে এই ফ’ৰ্চ মেজিউৰৰ ম্যাদ অগ্ৰাহ্য কৰা হ’ব।”

এই ব্যৱস্থাই ক’ভিড-১৯ পৰিস্থিতিয়ে উৎপাদন প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলোৱা ঘৰুৱা প্ৰতিৰক্ষা উদ্যোগটোক বৃহৎ সকাহ প্ৰদান কৰিব।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ নিৰ্দেশানটোত তদুপৰি উল্লেখ কৰা হৈছে যে এই সম্প্ৰসাৰিত হস্তান্তৰৰ সময়সীমাৰ ভিতৰত ভাৰতীয় বণিকগোষ্ঠীসকলে চুক্তিবদ্ধ সা-সামগ্ৰীসমূহ অনায়াসে হস্তান্তৰ কৰিব পাৰিব।

ইয়াৰোপৰি, নিৰ্দেশনাটোৰ মতে, এই সিদ্ধান্তৰ কাৰ্যকৰী ৰূপ দিবলৈ পৃথক চুক্তি বিশেষীকৃত সংশোধনীৰ প্ৰয়োজনীয়তা নাই।

বিদেশী বণিক গোষ্ঠীৰ ক্ষেত্ৰত তেওঁলোকৰ সংশ্লিষ্ট দেশত উদ্ভৱ হোৱা পৰিস্থিতিৰ ভিত্তিত প্ৰতিৰক্ষা মন্ত্ৰণালয়ক সকাহ দিবলৈ আহ্বান জনাব পাৰিব।

 

ABB/SS/Nampi/KA/DK/Savvy/ADA/SB


(रिलीज़ आईडी: 1631109) आगंतुक पटल : 355
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Tamil , Kannada , Malayalam