বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ন’ভেল ক’ৰোনা ভাইৰাছৰ নতুন কম-খৰচী পৰীক্ষাৰ উন্নয়ন

Posted On: 11 JUN 2020 4:02PM by PIB Guwahati

ভাৰতীয় চিকিৎসা গৱেষণা পৰিযদ (আইচিএমআৰ)এ নভেল কৰোনা ভাইৰাছৰ পৰীক্ষাৰ কাৰণে মাথো ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপচন পলিমাৰেজ চেইন ৰিয়েক্সন (RT-qPCR) টেষ্টকে পৰামৰ্শ প্ৰদান কৰিছে। SARS-CoV-2 ৰ পৰীক্ষাৰ কাৰণে চেন্টাৰ ফৰ চেলুলাৰ আৰু মলিকুলাৰ বাঅলজি (চিচিএমবি)ৰ গৱেষকসকলে এটা নতুন কম-খৰচী আৰু নিম্ন-প্ৰযুক্তিসমৃদ্ধ পৰীক্ষাৰ উন্নয়ন সাধন কৰিছে। এই পৰীক্ষাটোক ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপচন নেষ্টেড পিচিআৰ (RT-nPCR) টেষ্ট হিচাপে জনা যায়।

এই টেষ্টৰ কাৰণে সঠিক-সময়ৰ পৰিমাণগত RT-qPCRৰ প্ৰয়োজনীয়তা নাথাকে। RT-qPCR টেষ্টৰ মানদণ্ড সাপেক্ষে RT-nPCRৰ উন্নয়ন সাধন কৰা চিচিএমবিৰ গৱেষক দলটোৱে তুলনাত্মক কাৰ্যক্ষমতা দেখুৱাবলৈ সক্ষম হৈছে। নেষ্টেড পিচিআৰ (RT-nPCR)ৰটোৰ অগ্ৰসৰতা RT-qPCRক ওপৰত নিৰ্ভৰশীল নহয় কিন্তু অন্তিম প্ৰচেষ্টাৰ অংশ হিচাপে আৰটি-পিচিআৰ ৰ মানদণ্ডসমূহ ইয়াত ব্যৱহাৰ কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003M5DN.jpg

দুয়োটা পৰীক্ষাৰে ফলাফলসমূহ তুলনা কৰি, গৱেষকসকলে প্ৰত্যক্ষ কৰে যে প্ৰকৃত পৰীক্ষাৰ প্ৰেক্ষাপটত মানক RT-qPCR টেষ্টৰ চিনাক্তকৰণৰ সক্ষমতা নিম্ন (৫০%তকৈ কম), যি বহু নমুনাৰ নিম্ন ভাইৰেল অৱস্থিতিৰ বাবেও হব পাৰে। এই আৱিষ্কাৰে পৰীক্ষা কাৰ্যত প্ৰত্যক্ষভাৱে চিনাক্তকৰণৰ সক্ষমতা নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তাকে সূচিত কৰিলে।

আমি চাৰি SARS-CoV-2 এমপ্লিকন আৰু এটা নিয়ন্ত্ৰিত মানৱ এমপ্লিকনৰ প্ৰসাৰণৰ কাৰণে বহুধৰণৰ প্ৰাথমিক আৰটি-পিচিআৰ ৰে গঠিত এটা RT-nPCR প্ৰটকলৰ উন্নয়ন সাধন কৰাৰ লগতে পৰীক্ষা কৰি চাইছো। ইয়াৰ পাছত ব্যক্তিগত এমপ্লিকনৰ কাৰণে আনুষাংগিক নেষ্টেড পিচিআৰৰো পৰীক্ষা কৰি চোৱা হয়। আমি আৰএনএ আইছলেশ্যন অবিহনেও পুলড টেষ্টিং আৰু প্ৰত্যক্ষ প্ৰসাৰণত RT-nPCRৰ ব্যৱহাৰ পৰীক্ষা কৰি চাওঁ।, ইণ্ডিয়া চায়েঞ্চ ৱাইৰৰ সৈতে বাৰ্তালাপত এইদৰে কয় চিচিএমবিৰ সঞ্চালক ডাঃ ৰাকেশ মিশ্ৰই।

নেছফেৰিঞ্জিল স্বাৱ নমুনাসমূহৰপৰা পৃথক হৈ পৰা আৰএনএক দুই RT-qPCR টেষ্টৰ এটাত পূৰ্বে ব্যৱহাৰ কৰি পৰীক্ষা কৰা হৈছিল যRT-nPCRৰো ব্যৱহাৰ কৰি চোৱা যায় আৰু ফলাফলসমূহ তুলনা কৰা হয়। ইয়াত প্ৰত্যক্ষ কৰা হয় যে দুয়োটা মানক RT-qPCR টেষ্টক একেলগে ললে, RT-nPCR টেষ্টটোৱে RT-qPCRএ পজিটিভ দেখুওৱা ইতিমধ্যে চিনাক্ত কৰা নমুনাৰ 90% চিনাক্ত কৰিবলৈ সক্ষম হয়। মানক RT-qPCR টেষ্টৰদ্বাৰা নিগেটিভ (সম্ভৱতঃ মিছা নিগেটিভ) ওলোৱা নমুনাসমূহৰ মাজৰপৰা ১৩% নমুনা পজিটিভ হিচাপেও ই চিনাক্ত কৰে। এই অধ্যয়নটোৰপৰা RT-nPCRৰ জৰিয়তে পৰীক্ষামূলকভাৱে নিৰ্ণয় কৰা মিছা নিগেটিভৰ হাৰৰ ভিত্তিত, এইটো আশা কৰা হৈছিল যে প্ৰকৃত পৰীক্ষাৰ প্ৰেক্ষাপটত RT-qPCRৰদ্বাৰা ছিংগল পাছ টেষ্টিঙত প্ৰায় ৫০% পজিটিভ নমুনা চিনাক্তকৰণৰপৰা সাৰি যাব পাৰে।

এই নতুন পৰীক্ষাই আইচিএমআৰ ৰপৰা অনুমোদন লাভৰ অপেক্ষা কৰি আছে। আমি আইচিএমআৰক এই পৰীক্ষাটো RT-qPCR যন্ত্ৰ নথকা স্থানত ব্যৱহাৰ কৰিবলৈ কৈছো।, ডাঃ মিশ্ৰই কয়।

 

*****

NB/KGS/(vigyan samachar)/SB



(Release ID: 1630980) Visitor Counter : 264