ৰেল মন্ত্ৰালয়

লকডাউন শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত মালবাহী ৰে’লসমূহৰ সঞ্চালন বৃদ্ধি হৈছে

১ মে’ ২০২০ তাৰিখৰ পৰা ৩১ মে’ ২০২০ তাৰিখলৈ ৰে’লৱেয়ে ৮২.২৭ মিলিয়ন টন অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰিছে যি এপ্ৰিল মাহতকৈ ২৫% অধিক

১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা ৯ জুন ২০২০ তাৰিখলৈ ভাৰতীয় ৰে’লৱেয়ে সমগ্ৰ দেশতে ১৭৫.৪৬ মিলিয়ন টন অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰিছে

২৪.০৩.২০২০ তাৰিখৰ পৰা ০৯.০৬.২০২০ তাৰিখলৈ ৩১.৯০ লাখ দবাতকৈও অধিক সামগ্ৰীৰ জৰিয়তে যোগান শৃংখল কাৰ্যকৰী কৰি তোলা হৈছে৷ ইয়াৰে ১৭.৮১ লাখতকৈও অধিক দবাৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰা হৈছে

ঔষধ সামগ্ৰী, চিকিৎসা সামগ্ৰী, খাদ্য আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী ২২.০৩.২০২০ৰ তাৰিখৰ পৰা ০৯.০৬.২০২০ তাৰিখলৈ মুঠ ৩,৮৬১ পাৰ্চেল ৰে’ল ভাৰতীয় ৰে’লৱেৰ দ্বাৰা পৰিবহণ হৈছে

Posted On: 10 JUN 2020 3:25PM by PIB Guwahati

ভাৰতীয় ৰে’লৱেয়ে ক’ভিড-১৯ৰ বাবে বলৱৎ হোৱা ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান অব্যাহত ৰাখিবলৈ নিৰন্তৰে প্ৰয়াস কৰি আছে৷ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান নিশ্চিত কৰিবলৈ ভাৰতীয় ৰে’লৱেয়ে মালবাহী ৰে’লসমূহৰ চলাচল ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে৷

১ মে’ ২০২০ তাৰিখৰ পৰা ৩১ মে’ ২০২০ তাৰিখলৈ ভাৰতীয় ৰে’লৱেয়ে ৮২.২৭ মিলিয়ন টন অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ কৰিছে৷ ১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা ৩০ এপ্ৰিল ২০২০ তাৰিখলৈ ইয়াৰ পৰিমাণ আছিল ৬৫.১৪%৷

১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা ৯ জুন ২০২০ তাৰিখলৈ ভাৰতীয় ৰে’লৱেয়ে দিনটোৰ চৌবিশ ঘণ্টাই মুঠ ১৭৫.৪৬ মিলিয়ন টন অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰিছে৷

২৪.০৩.২০২০ তাৰিখৰ পৰা ০৯.০৬.২০২০ তাৰিখলৈ ৩১.৯০ লাখ দবাৰ জৰিয়তে সামগ্ৰীৰ যোগান অব্যাহত ৰখা হৈছে৷ ইয়াৰে ১৭.৮১ লাখ দবাৰ জৰিয়তে খাদ্য-শস্য, নিমখ, চেনী, গাখীৰ, খোৱা তেল, পিয়াঁজ, ফল-মূল আৰু শাক-পাচলি, পেট্ৰ’লিয়াম সামগ্ৰী, কয়লা, সাৰ ইত্যাদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ সমগ্ৰ দেশতে পৰিবহণ কৰা হৈছে৷ ১ এপ্ৰিলৰ পৰা ৯ জুন ২০২০ তাৰিখলৈ ৰে’লৱেয়ে ১২.৫৬ মিলিয়ন টন খাদ্য-শস্য পৰিবহণ কৰিছে যি পূৰ্বৰ বৰ্ষত আছিল ৬.৭ মিলিয়ন টন৷

ইয়াৰোপৰি, ২২.০৩.২০২০ তাৰিখৰ পৰা ০৯.০৬.২০২০ তাৰিখলৈ মুঠ ৩,৮৬১ পাৰ্চেল ৰে’ল ভাৰতীয় ৰে’লৱেৰ দ্বাৰা চলাচল হৈছে৷ ইয়াৰে ৩,৭৫৫ খন ৰে’ল হ’ল টাইম-টেবুলড ৰে’ল৷ মুঠ ১,৩৭,০৩০ সামগ্ৰী এই পাৰ্চেল ৰে’লকেইখনৰ জৰিয়তে পৰিবহণ কৰা হৈছে৷

*****

 

DJN/SG/MKV/MANN



(Release ID: 1630777) Visitor Counter : 203