ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ক’ভিড-১৯ক পৰাভূত কৰিবলৈ ত্ৰিমাত্ৰিক এণ্টিমাইক্ৰ’বায়েল মুখাৱৰণৰ ব্যাপক নিৰ্মাণ আৰু বাণিজ্যিকীকৰণৰ বাবে এনআইপিইআৰ গুৱাহাটী আৰু হিন্দুস্তান এণ্টিবায়’টিকছ লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ স্বাক্ষৰ

এনআইপিইআৰ-জিয়ে নিৰ্মাণ কৰিছে ত্ৰিমাত্ৰিক তিনি তৰপীয়া এণ্টিমাইক্ৰ’বায়েল মাস্ক আৰু হেণ্ডছ ফ্ৰী সামগ্ৰী

এনআইপিইআৰে ত্ৰিমাত্ৰিক সামগ্ৰীৰ বাবে পেটেণ্ট আবেদন কৰিছে

Posted On: 08 JUN 2020 4:20PM by PIB Guwahati

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ বিভাগৰ ফাৰ্মাচিউটিকেল বিভাগৰ অধীনত গুৱাহাটীস্থিত এক প্ৰিমিয়াৰ সংস্থা নেচনেল ইন্সটিটিউট অব্ ফাৰ্মাচিউটিকেলছ এডুকেচন এণ্ড ৰিচাৰ্ছ চমুকৈ এনআইপিইআৰে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ আৱশ্যকীয় পিপিই সামগ্ৰী আৰু সমাধান সন্ধানৰ দিশত অগ্ৰসৰ হৈছে৷

সঞ্চালক ড ইউ এছ এন মুৰ্তিয়ে অৱগত কৰে যে এই সন্দৰ্ভত তেওঁ পুণেৰ পিম্প্ৰিস্থিত হিন্দুস্তান এণ্টিবায়’টিক লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰিত কৰিছে৷ এই বুজাবুজিৰ চুক্তি অনুসৰি ত্ৰিমাত্ৰিক প্ৰিণ্টেড এণ্টিমাইক্ৰ’বায়েল ব্যাপক ৰূপত নিৰ্মাণ আৰু বাণিজ্যিকীকৰণৰ পদক্ষেপ গ্ৰহণ কৰা  হৈছে৷

এনআইপিইআৰ-গুৱাহাটীয়েও নতুন দিল্লীত ভাৰতীয় ডিজাইন পেটেণ্ট আৰু আনুষ্ঠানিক পেটেণ্টৰ বাবে আবেদন কৰিছে৷

এনআইপিইআৰ-জিয়ে ন’ভেল ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ত্ৰিমাত্ৰিক প্ৰিণ্টেড এণ্টিমাইক্ৰ’বায়েল মুখাৱৰণ ডিজাইন আৰু বিকশিত কৰিছে৷  এই ত্ৰিমাত্ৰিক প্ৰিণ্টেড এণ্টিমাইক্ৰ’বায়েল মুখাৱৰণৰ বৈশিষ্টসমূহ হ’ল ই অতিশয় পূৰ্ণ অৱৰোধক, স্বচ্ছ, নিম্ন ব্যয়ী, পিন্ধিবলৈ সহজ, বীজাণু প্ৰতিৰোধী আৰু পৰিষ্কাৰ কৰিবলৈ সহজ৷

 

তাৰোপৰি এনআইপিইআৰ-গুৱাহাটীয়ে ন’ভেল ক’ৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ত্ৰিমাত্ৰিক প্ৰিণ্টেড বহু তৰপীয়া এণ্টিমাইক্ৰ’বায়েল ফে’চ মাস্কো প্ৰস্তুত কৰিছে৷  মাস্কবিধৰ প্ৰথম তৰপ এণ্টি-বেক্ৰেৰিয়েল, দ্বিতীয় তৰপ ছেনিটাইজিং প্ৰলেপ আৰু তৃতীয় তৰপটো হ’ল ঔষধযুক্ত তৰপ৷

*****

RCJ/RKM



(Release ID: 1630397) Visitor Counter : 157