শক্তি মন্ত্ৰালয়

‘বিশ্ব পৰিৱেশ দিৱস’ত ‘আই-কমিট’ (‘#iCommit’) কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰিলে শক্তি মন্ত্ৰীয়ে

Posted On: 05 JUN 2020 5:07PM by PIB Guwahati

বিশ্ব পৰিৱেশ দিৱসত শক্তি বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী শ্ৰী আৰ কে সিঙে ‘#iCommit’-আই-কমিট শীৰ্ষক এক কাৰ্যক্ৰমৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে। ভৱিষ্যতে দেশৰ শক্তি ব্যৱস্থাটোক সংকটশূণ্য কৰাৰ লগতে সুস্থ-সবলকৈ গঢ়ি তুলিব পৰাকৈ ব্যৱস্থাটোৰে জড়িত সকলো পক্ষ তথা ব্যক্তিসকলক শক্তি-পাৰদৰ্শী, নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ আৰু ধৰাবাহিকতা ৰক্ষাৰ দিশত কাম কৰি যোৱাৰ ক্ষেত্ৰত এই কাৰ্যক্ৰম এক অনুপ্ৰেৰণাদায়ক পদক্ষেপ হব বুলি আশা কৰা হৈছে।

ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ প্ৰশসনীয় ব্যৱস্থাৰ অধীনস্থ এনাৰ্জী এফিচিয়েন্সী ছাৰ্ভিচ লিমিটেড(ইইএছএল)য়ে সঞ্চালিত কৰিব লগা এই ‘#iCommit’ কাৰ্যক্ৰমে চৰকাৰী পক্ষৰ লগতে কৰ্পৰেট, বহুপাক্ষিক আৰু দ্বিপাক্ষিক সংস্থা, চিন্তাবিদ তথা সামগ্ৰীক ভাবে জনসাধাৰণৰ দৰে বহুধা বিভক্ত পক্ষসমূহক একত্ৰিত কৰি একেলগে কাম কৰাৰ বাবে অনুপ্ৰাণিত কৰিব।

অনুষ্ঠানত ভাষণ দি মন্ত্ৰী শ্ৰী সিঙে কয়, আমি দেশৰ শক্তি প্ৰমূল্যৰ শৃংখলটোৰ ৰূপান্তৰ সাধন কৰি সপ্তাহৰ সাতোটা দিনৰ ২৪ঘণ্টাই বিদ্যুতশক্তিৰ প্ৰবাহ উপলব্ধ হোৱাৰ লগতে সকলো নাগৰিকক নিৰাপদে শক্তিৰ ব্যৱহাৰৰ সুযোগ গ্ৰহণৰ নিশ্চয়তা  প্ৰদান কৰিব খুজিছো। বিশ্ব পৰিৱেশ দিৱসত শুভাৰম্ভ ঘোষণা কৰা #iCommit কাৰ্যক্ৰমে ভৱিষ্যতৰ ভাৰতৰ বাবে এক নৱ দিগন্ত সূচনাকাৰী শক্তি ব্যৱস্থা গঢ়ি তোলাৰ বাবে চৰকাৰ আৰু ব্যক্তিগতখণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰে পদক্ষেপ গ্ৰহণৰ বুনিয়াদ প্ৰদান কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

 

****

RCJ/M/KB



(Release ID: 1629763) Visitor Counter : 189