ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’লে ইয়াৰ যাত্ৰীসকলক বিশ্বমানৰ সা-সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

৬৮,৮০০ ডবাত ১০০শতাংশ কাম সম্পূৰ্ণৰে ২,৪৫,৪০০তকৈ অধিক বায়’-টয়লেট সংস্থাপন

২০০ ৰে’ল ষ্টেচনত পৰিৱেশ ব্যৱস্থাপনা পদ্ধতি ৰূপায়ণ কৰাৰ বাবে ২০১৯-২০ত আইএছঅ’:১৪০০১ প্ৰমাণপত্ৰ প্ৰদান

যাত্ৰীসকলক স্বচ্ছ পৰিৱেশ আৰু মসৃণ যাত্ৰাৰ অভিজ্ঞতা প্ৰদানৰ লক্ষ্যৰে ভাৰতীয় ৰে’লে স্বচ্ছ ভাৰত, স্বচ্ছ ৰে’লৱে প্ৰচেষ্টাৰ অধীনত বিভিন্ন পদক্ষেপ গ্ৰহণ

Posted On: 05 JUN 2020 1:45PM by PIB Guwahati

ভাৰতীয় ৰে’লে বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ ৰে’লৱে নেটৱৰ্কৰ জৰিয়তে ইয়াৰ যাত্ৰীসকলক বিশ্বমানৰ সা-সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে৷ যাত্ৰীসকলক স্বচ্ছ পৰিৱেশ আৰু মসৃণ যাত্ৰাৰ অভিজ্ঞতা প্ৰদানৰ লক্ষ্যৰে ভাৰতীয় ৰে’লে স্বচ্ছ ভাৰত, স্বচ্ছ ৰে’লৱে প্ৰচেষ্টাৰ অধীনত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

 

সেই গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ হৈছে-

(ক)২০১৯-২০ বৰ্ষত ১৪,৯১৬ টা ডবাত ৪৯,৪৮৭ বায়’ টয়লেট সংস্থাপন কৰা হৈছে৷ ইয়াৰ জৰিয়তে ৬৮,৮০০টা ডবাত ১০০শতাংশ কাম সম্পূৰ্ণৰে ২,৪৫,৪০০তকৈ অধিক বায়’-টয়লেট সংস্থাপন কৰা হৈছে৷

  • (খ)২০১৯ৰ ২ অক্টোবৰৰ পৰা গান্ধীজীৰ ১৫০সংখ্যক জয়ন্তীৰ পৰা এটাও প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰা হোৱা নাই৷ এই প্ৰচেষ্টাৱলীৰ পৰিপ্ৰেক্ষিতত ৰূপায়ণ কৰা ‘স্বচ্ছতা কাৰ্য পৰিকল্পনা’ৰ বাবে ২০১৯ৰ ৬ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিৰ দ্বাৰা পুৰস্কৃত হৈছিল৷

(গ)২০০ ৰে’ল ষ্টেচনত পৰিৱেশ ব্যৱস্থাপনা পদ্ধতি ৰূপায়ণ কৰাৰ বাবে ২০১৯-২০ত আইএছঅ’:১৪০০১ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে৷ সংহত স্বচ্ছ ব্যৱস্থা বৰ্তমান ৯৫৩টা ষ্টেচনত প্ৰদান কৰা হৈছে৷

(ঘ)স্বচ্ছতাৰ মান সন্দৰ্ভত স্বতন্ত্ৰ তৃতীয় পক্ষই  ২০১৯-২০২০ত ৭২০টা ষ্টেচনত যাত্ৰীৰ ধাৰণাক লৈ সমীক্ষা কৰিছিল৷

(ঙ)১১০০ জোৰাতকৈ অধিক ৰাজধানী, শতাব্দী, দুৰন্ত আৰু অন্যান্য দীৰ্ঘ দূৰত্বৰ মালবাহী আৰু এক্সপ্ৰেছ ৰে’লত হাউচ কীপিং সেৱাৰ জৰিয়তে চলন্ত ৰে’লতে শৌচালয়, প্ৰৱেশদ্বাৰ, আসনৰ মাজৰ পথ, যাত্ৰীৰ আসন ইত্যাদি চাফাই কৰা হৈছে৷ এছএমএছৰ ভিত্তিত ‘ক’চ মিত্ৰ’ই ১০৬০ জোৰা ৰে’লত এই সেৱা আগবঢ়ায়৷

(চ)এচি ডবাসমূহত প্ৰদান কৰা কাপোৰ কানি ধোৱাৰ বাবে উন্নত মানক যান্ত্ৰিক লণ্ড্ৰীৰ ব্যৱস্থা কৰা হৈছে৷ ২০১৯-২০ত ৮ যান্ত্ৰিক লণ্ড্ৰীৰ সংস্থাপন কৰা হৈছে৷

(ছ)পৰিৱেশ অনুকূল প্ৰচেষ্টাৰ অংশ হিচাপে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস, আৱৰ্জনা পুনৰ ব্যৱহাৰ আৰু বিন্যস্ত কৰাৰ বাবে ২২৯ টা ষ্টেচনত এনে ব্যৱস্থা কৰিছে ভাৰতীয় ৰে’লৱে৷

(জ)২০১৯-২০ত ৮ টা স্থানক স্বয়ংক্ৰিয় ডবা ধোৱা প্ৰকল্প স্থাপন কৰা হৈছে৷

(ঝ)ৰে’লত পানী ভৰোৱাৰ কাম দ্ৰুতগতিত সম্পন্ন কৰাৰ বাবে ২০১৯-২০ত ২৯টা স্থানত দ্ৰুত পানী ভৰোৱা সুবিধা সংস্থাপন কৰা হৈছে৷

***

DJN/SG/AKJ/DB



(Release ID: 1629611) Visitor Counter : 175