স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ সম্বন্ধীয় শেহতীয়া তথ্য
Posted On:
04 JUN 2020 4:45PM by PIB Guwahati
যোৱা ২৪ ঘন্টাত মুঠ ৩,৮০৪ জন ক’ভিড-১৯ ৰোগীৰ নিৰাময় হৈছে। বৰ্তমানলৈকে মুঠ ১,০৪,১০৭ জন ক’ভিড-১৯ ৰোগীৰ নিৰাময় হৈছে। ক’ভিড-১৯ ৰোগীৰ নিৰাময়ৰ হাৰ ৪৭.৯৯% । বৰ্তমান ১,০৬,৭৩৭ জন সক্ৰিয় ক’ভিড-১৯ ৰোগী নিশ্চিত কৰা হৈছে আৰু আটাইকেইজন চিকিৎসকৰ নিৰীক্ষণত আছে।
আই চি এম আৰে ক’ভিড-১৯ ৰোগীৰ পৰীক্ষণৰ সামৰ্থ বৃদ্ধি কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা হাতত লৈছে। চৰকাৰী পৰীক্ষাগাৰৰ সংখ্যা ৪৯৮ লৈ আৰু ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰৰ সংখ্যা ২১২ লৈ বৃদ্ধি কৰা হৈছে। যোৱা ২৪ ঘন্টাত মুঠ ১,৩৯,৪৮৫ টা নমুনা পৰীক্ষা কৰা হৈছে। বৰ্তমানলৈকে মুঠ ৪২,৪২,৭১৮ টা নমুনা পৰীক্ষা কৰা হৈছে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ পৰা সুৰক্ষিত হৈ থকাকৈ ই এন টি চিকিৎসকৰ কাম আগবঢ়াই নিয়াৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে। বিতং তথ্য https://www.mohfw.gov.in/pdf/ENTCOVID0306.pdf ত উপলব্ধ।
ক’ভিড-১৯ সম্পৰ্কে সকলো ধৰণৰ প্ৰযুক্তিগত কথা তথা নিৰ্দেশনা আদিৰ শেহতীয়া তথ্য শুদ্ধকৈ লাভ কৰিবলৈ নিয়মীয়াকৈ https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA চাব পাৰিব।
ক’ভিড-১৯ সম্পৰ্কে কোনো ধৰণৰ প্ৰযুক্তিগত প্ৰশ্ন ই-মেইলযোগে technicalquery.covid19[at]gov[dot]in লৈ আৰু আন সাধাৰণ কোনো প্ৰশ্ন থাকিলে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ পঠিয়াব পাৰে।
ক’ভিড-১৯ সম্পৰ্কে যিকোনো প্ৰশ্নৰ উত্তৰ বিচাৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (বিনামূলীয়া) ত ফোন কৰিব পাৰে । ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ক’ভিড-১৯ সম্পৰ্কীয় হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত উপলব্ধ কৰা হৈছে।
****
MV/SG/PRK
(Release ID: 1629494)
Read this release in:
Tamil
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam