কেবিনেট

ভাৰতলৈ বিনিয়োগ আকৰ্ষিত কৰাৰ লক্ষ্যৰে মন্ত্ৰালয়/বিভাগসমূহত ক্ষমতাসম্পন্ন সচিব গোট(ইজিঅএছ) আৰু প্ৰকল্প বিকাশ কোষ(পিডিএছ)গঠনৰ প্ৰস্তাৱলৈ অনুমোদন

ভাৰতত বিনিয়োগ বৰ্দ্ধনৰ প্ৰস্তাৱ

ভাৰতক অধিক হাৰত বিনিয়োগ-অনুকূল দেশ হিচাপে চিহ্নিত কৰাৰ লগতে দেশলৈ বিনিয়োগৰ প্ৰবাহৰ গতি অধিক মসৃণ কৰি তুলিব। ঘৰুৱা উদ্যোগসমূহকো বিশেষভাবে উজ্জীৱিত কৰিব এই পদক্ষেপে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মো়ডীয়ে দেখা ৫ত্ৰিলিয়ন অৰ্থনীতিৰ সপোন সাকাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ’ব ‘ইজিঅ’এছ’-‘পিডিএছ’ৰ পদক্ষেপ

মন্ত্ৰালয় আৰু বিভাগসমূহৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত বিনিয়োগ সম্পৰ্কীয় কাম-কাজৰ ক্ষেত্ৰত সামঞ্জস্য ৰক্ষাত সহায় কৰিব

অৰ্থনীতিক উজ্জীৱিত কৰি তুলি বিভিন্ন খণ্ডত প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ বিপুল সম্ভাৱনা সৃষ্টি কৰিব

Posted On: 03 JUN 2020 5:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেটৰ সভাই ভাৰতলৈ বিনিয়োগ আকৰ্ষিত কৰাৰ লক্ষ্যৰে মন্ত্ৰালয়-বিভাগসমূহত ক্ষমতাসম্পন্ন সচিব গোট(ইজিঅএছ) আৰু প্ৰকল্প বিকাশ কোষ(পিডিএছ)গঠন সম্পৰ্কীয় এক প্ৰস্তাৱলৈ অনুমোদন জনায়। নতুনকৈ আৰম্ভ কৰিব খোজা এই ব্যৱস্থাই ২০২৪-২৫ৰ ভিতৰত ভাৰতক ৫ত্ৰিলিয়ন মাৰ্কিন ডলাৰ অৰ্থনীতিৰ দেশ হিচাপে গঢ়াৰ স্বপ্ন সাকাৰ কৰাত বিশেষ সহযোগিতা আগবঢ়াব বুলি আশা কৰা হৈছে।

ইফালে ভাৰতত বিনিয়োগ বৃদ্ধিৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে চৰকাৰে। ঘৰুৱা বিনিয়োগকাৰীসকলৰ লগতে বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ প্ৰবহণেৰে দেশৰ অৰ্থনীতিৰ শ্ৰীবৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ পোষকতা কৰা হৈছে। ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰসমূহৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহৰ মাজত বিশেষ সামঞ্জস্য ৰাখি কাম-কাজ কৰাৰ পৰিৱেশ সৃষ্টিতো গুৰুত্ব আৰোপ কৰা হৈছে।

ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা শেহতীয়া প্ৰেক্ষাপটটোৱে বিদেশী বিনিয়োগকাৰীৰ দৃষ্টি ভাৰতলৈ পোণোৱাৰ এক পৰিৱেশ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত এই সুযোগ গ্ৰহণ কৰিবলৈ সাজু হৈছে ভাৰত চৰকাৰ।

 সেয়ে ভাৰতত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বিনিয়োগকাৰীসকলক সহযোগিতা আগবঢ়োৱাৰ লগতে অধিক সা-সুবিধা প্ৰদান কৰিব পৰাকৈ ভাৰত চৰকাৰে মন্ত্ৰালয়/বিভাগসমূহত ক্ষমতাসম্পন্ন সচিব গোট(ইজিঅএছ) আৰু প্ৰকল্প বিকাশ কোষ(পিডিএছ)গঠনৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।সেই অনুসৰি ক্ষমতাসম্পন্ন সচিব গোট(ইজিঅএছ) নিম্নোল্লিখিত আৰ্হিত গঠনৰ দিহা কৰা হব-

 

 

  • কেবিনেট সচিব (অধ্যক্ষ)
  • মুখ্য কাৰ্যবাহী বিষয়া, নিতি আয়োগ(সদস্য)
  • ডিপিআইআইটি-ৰ সচিব(আহ্বায়ক,সদস্য)
  • বাণিজ্য বিভাগৰ সচিব(সদস্য)
  • ৰাজহ বিভাগৰ সচিব(সদস্য)
  • অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব(সদস্য)
  • সংশ্লিষ্ট বিভাগৰ সচিব

 

*****



(Release ID: 1629165) Visitor Counter : 214