মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়

১.৫ কোটি দুগ্ধ কৃষকৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ডৰ প্ৰচাৰ অভিযান মুকলি

প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অংশ কৃষকৰ বিশেষ উন্নতিৰ বাবে পদক্ষেপ

Posted On: 01 JUN 2020 7:47PM by PIB Guwahati

অনাগত দুমাহৰ ভিতৰত (১ জুন-৩১ জুলাই ২০২০) কৃষকৰ বিশেষ উন্নতিৰ বাবে লোৱা পদক্ষেপৰ অধীনত দুগ্ধ সমিতি আৰু দুগ্ধ উপাদক সংস্থাৰ ১.৫ কোটি দুগ্ধ কৃষকৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানৰ কথা ঘোষণা কৰিছে। পশুপালন আৰু দুগ্ধ বিভাগে বিত্তীয় সেৱা বিভাগৰ লগলাগি কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে প্ৰ-পত্ৰ দিয়া ইতিমধ্যে আৰম্ভ কৰিছে।

দুগ্ধ সমবায় আন্দোলনৰ অধীনত প্ৰায় ১.৭ কোটি কৃষক দেশৰ ২৩০ দুগ্ধ সমিতিৰ সৈতে জড়িত হৈ আছে।

এই প্ৰচাৰ অভিযানৰ প্ৰথম স্তৰত দুগ্ধ সমবায়ৰ কিষাণ ক্ৰেডিট কাৰ্ড নথকা যিসকল সদস্য বিভিন্ন দুগ্ধ সমিতিৰো সদস্য হৈ আছে তেওঁলোকক সামৰি লোৱা হব। যিসকল কৃষকৰ মাটিৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড আছে তেওঁলোকৰ ক্ৰেডিটৰ সীমা বঢ়াই লব পাৰে যদিও সূদৰ ক্ষেত্ৰত ৩ লাখলৈকেহে বিত্তীয় সাহাৰ্য লাভ কৰিব। সাধাৰণ কিষাণ ক্ৰেডিট কাৰ্ডৰ ক্ৰেডিটৰ মূল্য ১.৬ লাখ।

কৃষকৰ বিশেষ উন্নতিৰ বাবে লোৱা ১.৫ কোটি দুগ্ধ কৃষকৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ডৰ প্ৰচাৰ অভিযান মুকলিৰ এই পদক্ষেপ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অংশ। ১৫ মে ২০২০ তাৰিখে বিত্ত মন্ত্ৰীয়ে ২.৫ কোটি কৃষকক কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ আওঁতালৈ অনাৰ কথা ঘোষণা কৰিছিল। বৰ্তমানৰ অধোগামী অৰ্থনীতিত পতিত হোৱা কৃষকৰ হাতত এই পদক্ষেপে অতিৰিক্ত ৫ লাখ কোটি টকা নগদ তুলি দিব পাৰিব।

যোৱা ৫ বছৰত ৬% তকৈ অধিক যুটীয়া বাৰ্ষিক উন্নয়নৰ হাৰত দুগ্ধ উদ্যোগে দ্ৰুতগতিত অৰ্থনৈতিক প্ৰগতিৰ পথেৰে গতি কৰিছে আৰু দুগ্ধ কৃষকক হ্ৰস্বকালীন ঋণ প্ৰদানৰ যোগেদি তেওঁলোকৰ কৰ্ম-মূলধন গোটোৱাত আৰু বিপণনৰ ক্ষেত্ৰত সহায় আগবঢ়াই বৃহ মাত্ৰাত উপাদনৰ মাত্ৰা বঢ়াব পৰা যাব।

*****

APS/PK/MS/PRK



(Release ID: 1628520) Visitor Counter : 199